Posts

Showing posts from February, 2025

গৰুবাটৰ ধুলিয়ৰী খোজ

  গৰুবাটৰ ধুলিয়ৰী খোজ গৰুবাটে ওলট-পালট কৰে  চকামকাকৈ ৰঙচুৱাকৈ কলপাতৰ কাষেদি বেলিটি উভতি যায় আমাৰ ছাঁও দীঘলীয়া হৈ নুমাবলৈ লয়  ঘঁহি ঘঁহি ঘাঁহ বনত দাঁতৰ যুদ্ধ  আহি গোহালিত পাগুলিওৱা যুদ্ধ  তুমিওচোন নিজৰেই পৰা প্ৰতিদিনে ধূলিয়ৰি বাটটো কাটি-কুটি কাঢ়িবলৈ কত তয়াময়া ৰণ নকৰা গৈ থকা ৰাস্তাৰ দাঁতিৰ পানীডোঙাতেই নিজক চাই লোৱা  তুমি কৰা দুভৰিৰ খোজে খোজে  বেলিয়ে অঁকা খোজটোৰ চিন বহা আছে  যিটো তুমি ৰজা-ৰাণী খেলোতে ভাঙি দি অভিমানি কৰিছিলা মোক  হয় নে নহয় কোৱাচোন মোক

দ্বিজেন ছাৰ

 https://www.facebook.com/100008982096833/posts/3511049915871044/?app=fbl

কাৰ্টুনক লৈ মহৎ পৰিকল্পনা,২৬-০২-২০২৫

  এই লৈ অসমীয়াত তেনে কোনো সঠিক বা গভীৰ চৰ্চাও নাই আৰু কিতাপো নাই। তুমি যদি এনেকুৱা এক পৰিকল্পনা কৰিছা তেন্তে ই এক মহৎ কাম হ'ব। মই ভাবোঁ তুমি আগবঢ়া উচিৎ। Show quoted text ঠিক আছে দাদা, মই তথ্য গোটাবলৈ আৰম্ভ কৰিছোঁ,এটা পেনড্ৰাইভ লৈ ল'ব লাগিব, আপুনি তথ্য প্ৰাপ্ত হ'লেই অলপ অলপকৈ দি থাকিব, মই ফাইল এটা বনাই লৈছোঁ অসমৰ কাৰ্টুন শিল্পীসকলৰ সকলোখিনি কাৰ্টুন একলগ কৰিম,তাত কি কি দিশ প্ৰকাশিত হৈছে, কোনখিনি সময়ক প্ৰতিনিধিত্ব কৰিছে,চৰকাৰৰ ভূমিকা কি, সচেতন মহলে কি দৃষ্টিৰে কাৰ্টুনক লয়, সমান্তৰালকৈ ভাৰত আৰু বিশ্বৰ একে থুলৰ কাৰ্টুনিষ্টক গোটাই আছোঁ, এদিন সুন্দৰ কাম এটা হ'ব,সময় লওক, কোনো কথা নাই। আৰু গ্ৰন্থখন সম্পৰ্কত চিন্তা আহিলে ভগাই ল'ব দাদা Show quot ed text
 https://www.facebook.com/100005564701742/posts/pfbid0Enpw65GQwpeHsFEfwqdsTb5HS1NcgTud4Fso2RT4Ait8QwTCXwnsrfWFPTej9KuRl/?app=fbl

হিয়াৰ মাজত...

 হিয়াৰ মাজত তোমাৰেই ঠিকনা  মই এতিয়া ঠিকনাৰে এজাক ধুমুহা  জটিলতা উভালি থকা ক্ৰৌচ মই লোকচক্ষুৰ পৰা সাৰি যাম  সত্যশিৱসুন্দৰৰ পৰা পাৰিম  ওঁহো  হিয়া আকুহি চাই যোৱাহি  হনুমন্তৰ বুকুত ৰাম-সীতা  মোৰ বুকুত সেয়া তোমাৰেই সঁচাজীৱনৰ প্ৰাঞ্জল  ঠিকনা 

জোনাক গ'লা

 ইমান সহজতে ময়ো জোনাক বিচাৰি পোৱা নাই  জোনাক গলা নিৰ্মোহ ৰাতি  বতাহীয়ে ৰি ৰিয়াই থাকে  শুকুলা মেঘৰ বৰণ বয়ন কোনে কৰে  বজ্ৰধীন ইন্দ্ৰ সতে কৰ্ণৰ যুঁজখন মনত আহে  জাৰে জাৰে শিলুৱা শেলুৱৈ জহি খহি যায়  মই নগা ঢাৰি পাৰি সাধু শুনিলোঁ  সেলেঙী লগা আইতাৰ মুখখন জোনবাইৰ ভিতৰতে আৱিষ্কাৰ কৰিলোঁ  এতিয়া জোনাকে জাপমাৰি জাপমাৰি মই গৈ থকা বাটেৰে পোহৰ দি থাকিব  এয়াচোন ক-ফলাৰ পৰা জোনাক গলা নিৰ্ভেজাল জাৰৰ মালিতা...

কিতাপ

 ধুনীয়া লেখিবলৈ কলম ধুনীয়াৰ প্ৰয়োজন নাই  ধুনীয়া দেখিবলৈ বয়সৰনো কি দৰকাৰ  সহৃয়তাৰে জাপি-কুচি থোৱা  আইৰ জাপে-জপা সাজযোৰে নকয় নে  মোক চোৱা  তোক চোৱা  ফুলপাহে হাঁহিৰে নিমাও মাও হ'ল  খন্তেকতে নিজক সজাই বেটুপাতলৈ দৃষ্টি নিবন্ধ হৈ পৰিল  চাহৰ চুমুক দিয়া ককাই কাহিনী মন কৰিল যে কৰিল  এতিয়া হাড়ত বনো গজিল  ৱালৰ ৰঙীন পৃথিৱীত তেওঁ নিজকে আৱিষ্কাৰ কৰি থাকিল কি সত্যৰ সমান ধুনীয়া নাই  ফুলৰ সমান সুগন্ধি নাই কিতাপৰ সমান সুন্দৰ বন্ধু নাই

সত্য

 সত্যৰ লগত যুদ্ধ নকৰিব  সত্যৰ সন্মুখত কোনো সাৰি যোৱা নাই 

ময়ো ফাগুনৰ...

 বৰ সহজ ময়ো নহয়  কথা শুনি থাকোঁ  পাহাৰো কাটি থাকোঁ  কিহৰ তাগিদাত  ফাগুনৰ  নে শিখৰ পৰা শিখৰলৈ যোৱাৰ  নাই নাই ই হ'ব নোৱাৰে , হ'বও পাৰে  ময়ো ফাগুনৰ অপৰিচিত জীৱ নহয়  মোকো ফাগুনৰ উকা নকৰে  কৰে উতলা উন্মনা কাৰণ ফাগুনৰ শুকান ডালত সেয়া মোৰেই চিঠি নহয় জানো  (মৰমৰ ভনী জুমণিলৈ আগবঢ়ালোঁ,২১-০২-২০২৫)

মাজুলী মাজুলী তয়ে মোৰ মাজুলী সম্পৰ্কত মতামত

 তোমাৰ কবিতাপুথিখনৰ শিৰোনামে আকৰ্ষণ কৰিছে -ড° কৰবী ডেকা হাজৰিকা,২০-০২-২০২৫

ফাগুনৰ বৰষা গান

 বলিয়া ফাগুণে যখিনী চুলি নিব পাৰে উৰুৱাই  ৰিব ৰিব কৈ গাইনে ফাগুণ অহাৰ গান  ময়ো ক'ব নোৱাৰোঁ  পাৰা যদি লঠঙা ডালক সোধা  নহ'লে সৌ উভতনি পখীটিক সোধা  যদি উত্তৰ নোপোৱা  মেঘৰ বৰষাকে সুধি নোচোৱা কিয়  ওঁ,মেঘৰো আছে বৰণ  ফাগুনৰো আছে নি:সৰিত  অৱগুণ্ঠন

সুষমা

 https://www.axomkabyakanan.com/2025/02/blog-post_16.html প্ৰকাশ পালে  আপোনাৰ প্ৰিয় আলোচনী  পষেকীয়া কাব্যকাননৰ  সপ্তম বৰ্ষৰ বিংশ সংখ্যা লিংকটো শ্বেয়াৰ কৰি, নিজে পঢ়াৰ লগতে আনকো পঢ়ুৱাওক🙏

মৌনতাৰ যঁতৰেৰে

 দিহিঙে দিপাঙে বিচাৰি আছোঁ  মই জ্বলা নজ্বলা চাকিটি লৈ  মৌনতাৰ যঁতৰেৰে বোৱাইছোঁ চাদৰৰ পাৰী  সাঁচিপাতৰ ভাষাক পঢ়িবলৈ দিছোঁ  চিফুঙে আশা দিবই দিব ৰংঘৰ আছেচোন মেলি দিব দুৱাৰ তুমি মিছিছিপি হৈ গংগা হৈ বৈ আহা  ময়ো ৰৈ আছোঁ কামাখ্যালৈ যোৱা খটখটিত...

বৰ্বৰীক

 মই নকওঁ চটি জালৰ চটচট  ফৰকাল আকাশে বেৰি বেৰি ধৰে  লগায় থতমত  জাহি-জোকাৰি চালোঁ  আকাশযানত সোণৰ দলিচাৰ মানচিত্ৰখন কোনে পদূলিখনমুখীয়া কৰিলে  ৰঙেৰে  হৃদয়ৰ শুকুলা অনুভূত অনুভূতিয়ে  ওঁহো মই নাজানো  আকাশক সোধা  মহাত্মা বৰ্বৰীকক সোধো

ভালপোৱাৰ...

 ভালপোৱাৰ বাবেই মই ভিতৰি ভিতৰি সুন্দৰ  তুমিয়োচোন মোতকৈয়ো সোণৰ  কিয় নিজে টুকুৰিয়াই চোৱা  টোকোৰা চৰাইৰ বাঁহবোৰ  নাইবা  ভালপোৱাৰ ক'ত ৰজনীবোৰ  সেয়া  কি নীলাচলীয়া নীলাকাশে গোমগোমায়  আলোড়িত কৰে  ঝংকাৰৰ উপৰি ঝংকাৰ  কোনেনো নক'ব কয় ভালপোৱাৰ সমান ধুনীয়া মহাৰ্ঘ নাই

কেনভাচ

 ৰাতি গভীৰ হ'লে সাৰে থাকে বুকুৰ ঢপঢপনি  তাড়ণাত নে মোহময়ী কলা ধৰণীত ওঁহো, ময়ো গম নাপাওঁ  ৰিক্ত মনত সিক্ত পোহৰ এফেৰা দিবলৈ  ময়ো গৈ থাকোঁ নেদেখোঁ চশমাৰ ইপাৰ-সিপাৰৰ পৃথিৱী কি দেখা  হৃদয়ৰ বিগলিত জাহ্নৱী যমুনা... আৰু  কেনভাছটোক সোধ কি?

পাৰ্থলৈ

 শুকান ডালত ফাগুনৰ চিঠি (ভনীৰ পৰা ধাৰ কৰিলোঁ শীৰ্ষকটো) ডাল এটিও দুটি কপৌলৈ আতে পিতে আতোতকৈ  বান্ধি-কুন্ধি আনে ফাগুনৰ সৰাপাতৰ উন্মনা কুকুৰাঠেঙীয়া চিঠিখন  ডাকে মাতে টিলিঙাৰ কোবে  বুকুৱে মাতে বনজুই গাতে মেৰিয়াই লৈ  ইমান ফাগুণে ৰহঢলাদি কিয় ঢালে সৰসৰাই সৰসৰণিৰ জানমণিৰ গুণাগুথা তেলটুপী নাচো ন...

১২-০২-২০২৫

 "নিজে কষ্ট আৰু সংগ্ৰাম কৰিব জনা কৌশল আয়ত্ব কৰিব পাৰিলে সপোনেও আপোনাক সংগ দিবলৈ আৰম্ভ কৰিব, বৰ বিশেষ কিছুমান পেনপেনীয়া কাৰবাৰত লাগি থাকি সময় অপচয় কৰি লাভ নাই" ৰাজেন 

সুষমা

 সুষমা সুষমা লহৰে মাতি থাকে  জুপুকা লাগি থাকে হৃদপিণ্ডৰ মাংস পেশীবোৰ মাটি ফাটি ওলাব পনিয়লী পানী  প্ৰলয় জল জলকেলি কৰিব প্ৰকৃতিৰ সনাতন সন্তানে মই একোবত গৈ আহোঁ  আন একোবত শুনি আহোঁ তেওঁৰ বিচিত্ৰ বৈভৱ জীৱন-গাঁথা ৰং এটা আঁকিবলৈ তেওঁ কৰিছিল অহৰহ অনুশীলন  এতিয়া তেওঁতে বলি থাকে  সত্য শিৱ সুন্দৰৰ জঁটাধাৰী লহমা  বিচাৰি পাব পাৰে আপুনি আপোনাৰ অভিভূত ফুলৰ বিতস্পৃতাৰ চূৰ্চমৈ চমক লৈ যাব পাৰে সৌমাৰৰ পৰা মহাচীনৰ দিনলিপিলৈ গঞালোকৰ পৰা লৈ যাব সম্বলপুৰলৈ আকৌ বছেৰেকত এবাৰ নমোৱা ছেইন চোচেফলৈকে... (স্বনামধন্য সাহিত্যিক ড° নগেন শইকীয়া ছাৰলৈ জন্ম দিনৰ উপহাৰ হিচাপে আন্তৰিকতাৰে আগবঢ়ালোঁ) ৰাজেন দাস ১১-০২-২০২৫

পাৰ্থৰ ছবিৰ আধাৰত ৰচিত কবিতা

১ হৃদয়ৰ স্বৰলিপি পঢ়িব পাৰি  গুপুত ভাষাটো বুজিলেই  ফুলে ফুলে ফুলক ফুলনি  জকমকাই থাকিব ধৰণী তুমিও এতিয়া মোৰেই ভূগোল ব্যাকৰণৰ প্ৰতিধ্বনি ২. জীৱটো চলিব  নৌকাও আহিব যাব  সোঁৱৰণী মাথোঁ  শিতানতে উমলি থাকিব কপৌপাহি আকৌ ফুলনিত ৰুণুক জুনুকৈ নাচিব... ৩. জিলমিল জোনাকত চাবি পাৰি আকাশ  পিন্ধি ল'ব পাৰি জোনবাইৰ ছবি  ছবি আঁকি তৰাৰ সৈতে শুকান গছৰ লঙঠা হৃদয়ৰ বাতৰি  হ'কাৰক সুধি পুছি ল'বও পাৰি  ৪. ৰং সলাব নোৱাৰোঁ  নীৰৱতাই খামোচ মাৰি ৰাখে  তুলিকা আনি বোলাই দিব নোৱাৰোঁ  মন গহনৰ গহনা-গাঠৰি ৰংমনে হৃদয়ৰ স্বৰলিপি এদিন  তুমি তুমি মই মই ভাবানুভূতিতে লেখ মাৰি দিয়েই দিম... ৫. চুটি কৰি জীৱন  টো জুখো  আকৌ সোলোকাই মোলোকাই ছবিখনত ধৰোঁ গাণিতিক মুহূৰ্ত্তত এতিয়া মই বেহানি বাবলৈকো কিঞ্চিৎ কিঞ্চিৎ বিভোৰ... ৬. লুকুৱাই ৰাখো ফাগুন জোকাও নেকি জোপোহা ফাগুন  নহ'লে নষ্টালজিক হৈ গণি গণি পাৰ কৰোঁ  উৰে ৰাতি ফাগুন ৭. তাইৰ শাণিত হৃদয় কিয় ৰি ৰিয়াই থাকে জানা কমোৱা তুলা যে এবেহি দুবেহিকৈ উৰে তায়ো উৰে অসীমৰ পৰা সসীমলৈ এয়া তুমি উতনুৱা বুলি নি...

নীলাক্ষীলৈ

 ইমান সহজতে... জিলিকা জিলিক কৰিব পাৰে শনিলগা ইন্দ্ৰসভাত ফেঁচাৰ মাত আপুনি ইমান সহজতে  ঋতুৱে প্ৰতি ঋতু সদল-বদল কৰিব নেকি  হয় আও পাই  নক'লেও নোৱাৰি  হ'লেও বাঢ়েহে জমকী জগৰ নাভাবিব ইমান সহজতে... জাপি কুচি থৈছোঁ  বান্ধি-কুন্ধি লৈছোঁ  তেজীৰ সখীয়েক হৈয়ো চাইছোঁ  তায়ো বাৰু দোপাল তিতাদি তিতিছিল নেকি মেঘৰ গাজনিত নে কলিয়া ডাৱৰতেই তিতিছিল  যদিও মাহীয়েকে দগৰী দিছিল এজাউৰি এজাউৰিকৈ অজীন পাতকী খুন্দনাৰ খুন্দনৰ খুন্দন তাণ্ডৱ ৰেপি ৰেপি চালোঁ  কমাৰশালখন সহজেই নাপালোঁ  নাভাবিব আকৌ ইমান সহজতে... কুৰিদুচেও কূটাডাল আনিলোঁ  বৰশীডালত কনপিতৌ মাছ এটিকে লগাই মাছকে সন্ধান কৰিলোঁ  এতিয়া ইমান সহজতে  হৈ নাথাকিল  বুদ্ধি কৰি বৌদ্ধত্বক বিচাৰি নাপাই  বংশীকে উৰাই ঘূৰাই বজালোঁ... (মৰমৰ ভনী নীলাক্ষীলৈ মোৰ এমা-ডিমা শব্দকেইটিৰে জন্ম দিনৰ উপহাৰ পঠাইছোঁ, গ্ৰহণ কৰিছোঁ) দাদা ৰাজেন  ১০-০২-২০২৫

উৎপল নাৰায়ণ গোস্বামী ছাৰ

 এনে হয়নে...  এখনি নতুন নৌকা সাজোঁ আকৌ আন এখনলৈ বৰ বিশেষ ভাবি ৰৈ থকা নাই ঠিক নাবিকে এখনৰ ব'ঠা ঠিক-ঠাক কৰাৰ লগে লগে তেৱোঁ ডিঙাখনৰ ভূগোল বিচাৰি নদীৰ বুকুলৈকে আশা এটি বুকুত লৈয়ে ঠেলি দিয়ে হীৰা চক্ মকায় থকা দি সঁজাৰ লগএৰা হেপেহুৱা পখীটিৰ দৰে পৰা নাই হ'ব  চিলিঙিত ওলোমোৱা নাই ভাগ্যজালৰ উজু জিলমিল তৰালী চিলচিলীয়া পানীত ভৰিদুপতা ৰাখিছোঁ  চিল্ মিলীয়া টোপনিৰ পৰা জগাই চাইছোঁ নিজান বনত বংশীৰ সুৰে সুৰে ময়ো উন্মনা হৈ পাৰোঁ আহ: কি মহাবিশ্বৰ বিৰল সৰস্বতীয়ে দিয়া যেন সুৰ সুকোমল সুন্দৰক ওচৰত পোৱা পোৱা যেন লাগে  আপোনাৰো এনে হয়নে  আকৌ এপাকত মনৰ এদিন মাজুলীতে জুকিয়াই জুকিয়াই চেৱা-দিয়া চেহেৰাৰ নাঙলৰ শিৰলুৰ লোৰে লোৰে জন্ম লোৱা আলু,কচুকেইটিলৈকো চকু-কাণ দিছোঁ নিত্যনৈমিত্তিক পুৱা-গধূলি ভগৱন্তৰ শ্ৰীচৰণত সেৱাৰে আৰম্ভ কৰিছোঁ আকৌ এটি নতুন দিন কিয় এনে কৰিছোঁ বাৰু  এয়াও মই সত্যশিৱসুন্দৰৰ আৰাধনা বুলি মানিছোঁ মোৰ এনে কিয় হয়  কি সকলোৱে সত্যৰ পৰা পলোৱাৰ উপায়েই নাই নহয়নে সেয়ে দেখোন মই বিচৰাবোৰ সুন্দৰকৈ গঢ়ি গঢ়ি নাভাগৰা শুভাষাই মন পুলকিত কৰেহি এতিয়াও... (বি.দ্ৰ-প্...

জয়ন্ত কুমাৰ বৰাছাৰ

 শ্ৰদ্ধাৰ শিক্ষাসদী সমাজত দিলীপ বৰুৱাৰ অৱদান ইত্যাদি ভিন্ন প্ৰসংগ সুন্দৰকৈ আলোকপাত কৰে জয়ন্ত কুমাৰ বৰাছাৰে। ছাৰে উদ্ধোধনী ভাষণ প্ৰদান  কম কথাত অধিক সমৃদ্ধিশালী কৰি তুলিলে । তেওঁ  দিলীপ কুমাৰ বৰুৱাদেৱৰ পৰিচয় প্ৰসংগত ভবানন্দ দত্ত, হীৰেন গোহাঁই,হেম বৰুৱাৰ পৰা, ৰবীন্দ্ৰনাথ ঠাকুৰ, টি.এছ ইলিয়ট, ৰিল্কে, শ্বেইকছপীয়েৰৰ সাহিত্য আৰু অনুবাদ, কাব্য,সমালোচনা, সাহিত্য বুৰঞ্জী, ইতিহাস, নৱকান্ত বৰুৱাৰ সম্ৰাট, ক্ৰমশঃ কবিতাৰ প্ৰসংগও চিন্তাশীলতাৰে আৰু সুন্দৰকৈ আলোকপাত কৰে। ১০-০২-২০২৫

মহুৰামুখ

 https://s2.dainikjanambhumi.co.in/m/35814/67a63da682187

কনমইনালৈ

 ঘৰখনৰ দ্বিতীয় সন্তান কনমইনালৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ঘৰখনৰ পৰা সমাজখনলৈ বিভিন্ন ক্ষেত্ৰত নিজৰ শক্তিশালী স্থিতিৰে আগবঢ়াই নিবলৈ প্ৰয়াস দেখি আহিছোঁ। বাস্তৱ জীৱনৰ সৈতে ফেৰ মাৰিব পৰাকৈ গাঁৱৰ শিশুসকলৰ সমান্তৰালকৈ দাঁতিকাষৰীয়া এলেকাৰ ল'ৰা-ছোৱালীৰ বাবেও 'সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰ' ৰ জন্ম দি শিশুৰ প্ৰায়োগিক, শৈক্ষিক আৰু সাংস্কৃতিক জীৱনৰ নানান বিষয়বস্তুৰ সৈতে চিনাকি কৰি দিবলৈ অহৰহ প্ৰয়াস কৰি থকা ভাইটিলৈ অফুৰন্ত মৰম দিলোঁ। এনে ইতিবাচক দিশসমূহে নিশ্চিতভাৱে এদিন সুদূৰ প্ৰসাৰিত হ'ব। তাৰ বাবেও শুভেচ্ছা জনাইছোঁ। বুকুৰ ধন  আমি একেটা বঁকিয়াইদি আহিছোঁ এতিয়া যেন কেলেণ্ডাৰৰ তাৰিখ কটাৰ সময়  তেওঁচোন এতিয়াও কেলেণ্ডাৰখন বজাৰে বজাৰে বিক্ৰী কৰিবলৈ হাবাথুৰি খাই ফুৰে তেওঁৰ আইৰ বুকুত নিগাজীকৈ ঘৰ সাজিবলৈ পণ লোৱা আছে এতিয়া আকৌ কেলেণ্ডাৰখনো উঁৱলি যোৱা বেৰত আঁৰি থোৱাই থাকিল চোন  বুকুৰ ধনৰ মিঠা হাঁহিৰ আলোকচিত্ৰখন তাতেই ধৰি ৰখা হৈছিল নহয় জানো ! সেইখন চায়েই আয়ে-পিতায়ে উখহাই ৰাখে... (কনমইনালৈ জন্ম দিনৰ উপহাৰ) ৰাজেন দাস ফোন নং -৯১০১২২১৪৩৬

Autograph

 Autograph session  Please spelling your name RAJEN  great  Tq sir  Now start a  A little conversation  Sir I am a research scholar  Department of Assamese  Good  Sir this is my Last year  Best wishes for your success  Waw it's my first meeting international writer  Thank you for your lovely autograph  06-02-2025 Dibrugarh University International literature   festival 2025

০২-০২-২০২৫

 জন্ম দিনৰ অনুভৱ  বছৰ বাগৰিছে বয়স কমিছে ব্যস্ত বাঢ়িছে  সপোনটোক বাৰে বাৰে সুধো  তুমি ক'ত  কি কয়  ক'ব কি তুমিয়েই মোৰ সপোন  তুমি জগালে জাগিম  নহ'লে তোমাৰ পৰাও ভাগিম... ০২-২-২০২৫