Posts

Showing posts from August, 2025

মন কথা

 প্ৰতিবাদৰ ভাষা পাহৰি প্ৰশংসাৰ ভাষাই ঠাই পালে এদিন এটা জাতিক তিলতিলকৈ মৃত্যুৰ গৰাহলৈকে লৈ যাব... (আপুনি কি কয়)

জন্ম দিন বিশেষ ভনী

 ভনীলৈ অফুৰন্ত শুভেচ্ছা জনাইছোঁ। গৈ থাকা দূৰ দিগন্তলৈ সীমনা বিচাৰি বিচাৰি। সকলোৰে বাবে এটা সীমনা আছেই। সকলোৱে বিচাৰি লোৱাৰ দৰে তুমিও বিচাৰি লোৱা। মোৰ বিশ্বাস তুমি বিচাৰি থাকা তোমালৈ ৰৈ অহা উজ্বল সপোনৰ ঠিকনাটো - " a man can be destroyed but not defeated" ইতি  তোমাৰ বায়েৰাৰ প্ৰিয় বন্ধু ২১-০৮-২০২৫ ভনীলৈ জনম দিনৰ অফুৰন্ত শুভেচ্ছা জনাইছোঁ। গৈ থাকা দূৰ দিগন্তলৈ সীমনা বিচাৰি বিচাৰি। সকলোৰে বাবে এটা নিৰ্দিষ্ট সীমনা আছেই। সকলোৱে বিচাৰি লোৱাৰ দৰে তুমিও বিচাৰি লোৱা। মোৰ বিশ্বাস তুমি বিচাৰি থকা উজ্বল সপোনটোৱে তোমাকে আদৰিবলৈ ৰৈ আছে। " a man can be destroyed but not defeated" ইতি  তোমাৰ বায়েৰাৰ প্ৰিয়দুষ্টি ২১-০৮-২০২৫

কাম

 মনৰকথা ১.সকলো কামতে জ্বালা আছে  ২. কিন্তু কিছুমান কামত বৰ বেছি জ্বালা আছে 

মটিভেশ্যন

 তুমি চোৱা সৌৱা চাৰিওফালে অনেকে অনেক কাম কৰি আছে। সেয়ে  তুমি উঠা  তুমিও জাগা  তুমিয়েই সাজু হোৱা  ৰণচণ্ডী ৰূপে কৰ্ম কৰা এদিন জোন,বেলি,তৰাৰ দৰে হোৱা... ৯-৮-২০২৫ শনিবাৰ

আগ্নেয়গিৰিৰ পাৰে পাৰে

 এটা কাকো ক'ব নোৱৰা কাহিনী। কেতিয়াবা ক'ম। ক'ব লাগিব। কাৰণ কাহিনী এটা ক'বলৈ মোৰো কথা আছে। কাহিনীৰ লগত। পৰিৱেশৰ ৰূপত। নায়কৰ লগত।

শইকীয়া ছাৰৰ ৰচনাৱলী,৫

 _ৰচনাৱলী কামত ভাল জ্বালা এটা আছে। তাতে যদি স্বনামধন্য সাহিত্যিক হয় জ্বালা বৃদ্ধি হৈ গৈ থাকে। তথাপি সকলোখিনি অতিক্ৰম কৰি যাবলৈ প্ৰস্তুত থাকিব লাগিব।_

মাত

 বিচাৰি আনিমেই এদিন  বিচাৰি আনিমেই এদিন বিচাৰি ফুৰা বিচাৰৰ বিশ্বাসী মাত এই মাত যে বিশ্বজুৰি শুনা বিশ্বজনীন মাত

বন্ধু

 বন্ধুত্বৰ সম্পৰ্ক বৰ সহজ নহয়। যিসকলে সহজ বুলি গ্ৰহণ কৰে মোৰ তাত আপত্তি নাই। কিন্তু বন্ধুত্ব এক আকাশসদৃশ বিশাল কাৰবাৰ। বিশালেই নহয় সুন্দৰো। পৃথিৱীত বহু কম সঁচা বন্ধুহে আছে যিয়ে বন্ধুত্বক এক সুন্দৰ আৰু বিশাল বুলি গণ্য কৰে। আনপ্ৰকাৰে আকৌ বন্ধু নোহোৱা কোনো মানুহ নাথাকিব বুলিও ক'ব নোৱাৰি। তেওঁলোকৰ বাবে নিজৰ 'মই'য়েই একমাত্ৰ আৰু চূড়ান্ত বিশ্বাসী বন্ধু।

My journey

 I am a village boy. Nobody helped me a lot. Because I can't return him landing money and other goods. One day I will definitely earn money and solve my problem and expend my mom and dad's problem which includes home and society.