Posts

Showing posts from January, 2026

S c h o l a r (A t h o u s a n d m i l es)

  মা, চিন্তা নকৰিবা। মই পালোঁহি। ডিব্ৰুগড়। কোনো যাতায়াতৰ সমস্যা হোৱা নাই। আৰামত আহিছোঁ। কনক জ্যোতি বাছেৰে আহিছোঁ। গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈ অহা-যোৱা কৰা বাছ। Mom, don't worry. I've reached Dibrugarh. No transport issues. Came comfortably. Came by Kanak Jyoti bus, the one that runs between Golaghat and Dibrugarh. Okay big son. I just want you to be safe and sound. Alright mom, I'm hanging up now. Mom hung up. My fun trip to Dibrugarh has begun. After completing my post-graduation here, I worked in a college. Didn't really think about research back then. As per Govind's news, I gained experience by working in college. Now I've cleared NET, JRF. Came out for research. Didn't get any help or favors from anyone. Came to Dibrugarh because the study environment here is different. Thousands of students study here, trying to fulfill their dreams. It's so great! Some do archival work, some work on projects, and still manage to study. They make their family believ...

অচিৰেই

 সকলোতে কিয় ৰাজনীতি  প্ৰকৃত উদ্দেশ্য ধ্বংস অচিৰেই...

মনকথা

 মনকথা-০১ গূঢ়তত্ত্ব বুজি নোপোৱাকৈয়ে আমি সপক্ষীয় সীমাত বাস কৰোঁ। এয়াও কম ট্ৰেজিক কাহিনী নহয়। মনকথা-০২  কোনোবা এঠাইত আপুনি গুৰুত্বপূৰ্ণ বাবে আপুনি নিজৰ বাবেই অতি গুৰুত্বপূৰ্ণ । হয়তো গুৰুত্ব উপলব্ধি কৰিবলৈ সুযোগৰ অতি প্ৰয়োজন ।

নৈখন এতিয়া দূৰৈত

উপন্যাস লিখা ইমান সহজ নহয়।কত অভিজ্ঞতা,কত কষ্ট,কত সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলগীয়া হয়,সেয়া ভাৰতীয় সাহিত্যৰ অধ্যয়নেও স্পষ্ট কৰে। সেয়ে উপন্যাস এখনৰ পৰা বহু কিবাকিবি থুপাই পাব পাৰি। নৈখন এতিয়া দূৰৈত পঢ়ি শেষ কৰি ভাবি আছোঁ  লেখকৰ অসম-ভাৰতীয় সমাজ-ব্যৱস্থা, আমেৰিকাৰ সমাজ-ব্যৱস্থাৰ লগতে ভাৰতৰ আন আন ৰাজ্যৰো সমাজ-ব্যৱস্থাৰ সন্দৰ্ভত মজুত ৰখা অভিজ্ঞতাৰ দৃষ্টিভংগীক ৰাজীৱ,জুলী,আদায়মী, নেথানিয়েল,ফ্ৰেডৰিক,ঊষা ইত্যাদি চৰিত্ৰৰ সংলাপৰ যোগেদি সুন্দৰ প্ৰকাশ কৰিছে । উপন্যাস পালে পাগলৰ দৰে পঢ়োঁ। এতিয়া সময় কম পাই আছোঁ। তথাপি উপন্যাসৰ প্ৰতি মোৰ লোভ বেছি। মালিক ছাৰৰ অঘৰী আত্মাৰ কাহিনীয়ে লোভটো আগতেই বৃদ্ধি কৰি থৈছে...  আৰুণি কাশ্যপ ছাৰৰ ৰচনা-'নৈখন এতিয়া দূৰৈত' কি এক সুন্দৰ কথনশৈলী  তাৎপৰ্যপূৰ্ণ বিষয়বস্তুৰ উপস্থাপন

সুমন দাদা

 তোমালোক (যদুমণি, ৰাজেন) য'লৈ যোৱা কলেজ বা বিশ্ববিদ্যালয়লৈ,সেইখন কলেজ বা বিশ্ববিদ্যালয়ৰহে লাভ হ'ব "-সুমন দত্ত,২৫-০১-২০২৬

অনুভৱ -০১

 অনুভৱ -০১ এখন কিতাপ পঢ়ি-শুনি আলোচনা/সমালোচনা লিখা বৰ কঠিন কাৰবাৰ। অসমৰ প্ৰেক্ষাপটত সমালোচকৰ সংখ্যা এইবাবে আকৌ মুষ্টিমেয় নেকি ? আপুনি কি ভাবে?

চিন্তন-০২

চিন্তন -২ মই গ্ৰন্থ এখন সম্পাদনা কৰিবলৈ চেষ্টা কৰি আছোঁ।‌ কিন্তু বাৰে বাৰে বিফল হৈ আছোঁ। সফলতা লাভ কৰিবলৈ কিদৰে আগ বাঢ়িব লাগিব। নে কিছুমান পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই অৱতীৰ্ণ হ'ব লাগিব। আপুনিও গ্ৰন্থ সম্পাদনা কৰি আহিছে বা কৰিছে এইধৰণৰ সমস্যাৰ মুখামুখি হৈছে নেকি? এয়াও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয়নে? এতিয়া মই কি কৰিম? এই ধৰক মই পূৰ্বে উল্লেখ কৰি অহা গ্ৰন্থৰ পৰিকল্পনা বছৰ বছৰ পাৰ হৈ গৈছে। লেখক/লেখিকাক চিঠি দি অৱগত কৰা হৈছে। চলভাষৰ সহায় লৈ বাৰ্তালাপো কৰা হৈছে। কি বিষয়ত লিখিব তেওঁৰ ৰুচি আৰু পচন্দৰ বিষয়ে জানি লোৱা হৈছে। জানি লৈ তেওঁৰ পৰা নিশ্চিত কৰি লোৱা হৈছে। তাৰ পিছত তেওঁ লেখাটো সময়ত যুগুত কৰি দিব পৰা নাই। নিত্যান্তই ব্যস্ততাৰ বাবে লেখাটো হৈ উঠা নাই। মাজে মাজে আৰম্ভ কৰিছে যদিও মনপূতি লাগিব পৰা নাই। নে বিষয়টোত সোমাব পৰা নাই। নে নিৰ্বাচিত শিৰোনামে দাবী কৰা তথ্য তেওঁ যা-যোগাৰ কৰিব পৰা নাই। তেওঁ আৰু কিমান কষ্ট কৰিবলগীয়া হ'ব। তেওঁ লেখাটোৰ জৰিয়তে নিজৰ সন্মান আৰু লেখক মনোবৃত্তিৰ প্ৰশ্ন থাকিব পাৰে। এয়া স্বাভাৱিক। সম্পাদকৰ‌ লেখাৰ বাবে আহুকালৰ সন্মুখীন হৈছে নেকি? লেখা সমূহ সময়ত ...

জুবিন যুগ

 জুবিন যুগ চিলমিলকৈ টোপনিটো আহিছিলহে তাৰ পিছত আৰু মনৰ অশান্তি বাঢ়ি গৈ আছে  বাতৰি,টিভি, ম'বাইল, কাকতত কস্মিনকালেও ভাবিব নোৱৰা খবৰ এটা আহিছে  কোনো বিশ্বাস কৰাই নাছিল  যি নহ'ব লাগিছিল  সেয়াই হ'ল  ময়ো  তায়ো  সিও সিহঁতেও তেওঁলোকেও   সেই খবৰ  সপোনতো ভাবিব নোৱাৰোঁ  বাস্তৱৰ কথাও কাহানিও নাভাবিম  আকাশ বতাহ মুখৰিত হ'ব লাগিছে  যি নহ'ব লাগিছিল  সেয়াই হ'ল  চৌদিশে জীৱ -জন্তু,চৰাই-চিৰিকটিৰ হাহাকাৰ  কেৱল হাহাকাৰ  কেৱল শোক বেদনাৰ ৰোল  কেৱলমাত্ৰ হৃদয় বিদাৰক ছবিবোৰ তচনচ হৈ গৈছে  কোনেও কাকো বুজাব নোৱাৰে  কাৰণ  যি হৈছে  সেয়া হ'ব নালাগিছিল  যি হৈছে ৰহস্যৰ কাহিনী  যাৰ শুংসূত্ৰ ইতিহাস  যি নহ'ব লাগিছিল  সেয়াই হ'ল  এটা যুগ অকালতে শেষ হ'ল  যদিওবা শেষ বুলি কোনো কথা নাই  আকৌ আৰম্ভ হয় নতুন প্ৰভাত যি নহ'ব লাগিছিল  সেয়াই হ'ল  যাৰ অমৃত কণ্ঠৰ বাবে কোটি কোটি জনতাই সাৰে থাকে কোটি কোটি জনতাই জীয়াই থাকিবলৈ শিকিছে  জীৱন নিওৱাৰ পথ বিচাৰি পাইছে  যি ...

মনকথা

 নৈপৰীয়া হৃদয়ত একোপাহি কোমল দলিচা পাৰি থাকোঁ  তাতেই আহি কৃষ্ণ গোসাঁই লেপেতাখাই বহে  মনে মনে উশাহ-নিশাহ জুখি-মাখি সেউজ সংকেত দি থাকে...

মত

 তোমাৰ লগৰবোৰে বিয়া-বাৰু কৰাই ল'ৰা-ছোৱালীৰ জন্ম দি আছে,তুমি আকৌ কিতাপ জন্ম দি আছা-সন্তোষ দাদা,১১-০১-২০২৬

চিন্তন ০১

   চিন্তন এই ধৰক মই এতিয়া নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছোঁ। কৰিছোঁ মানে হোৱাই নোহোৱাই লিখি আছোঁ। কোনোখন বাতৰি কাকত আলোচনীত ছপাইছে কোনোৱে ছপোৱা নাই। আক্ষেপো নাই। লেখাৰ কোনোবাটো লেখৰ হৈছে। কোনোবাটো লেখৰ হোৱা নাই। এটা লেখা লেখিবলৈ মই কিমান কষ্ট কৰিবলগীয়া হয়। কষ্ট কি কি উপায়েৰে কৰিব লাগিব তাৰ কিটিপ অৰ্জন কৰিছোঁ নে? সাহিত্যৰ প্ৰতিযোগিতা এক ধনাত্মক চিন্তন হ'ব পাৰে। মূল কথালৈ আহোঁ -এক অৰ্থত মই লেখাটো লেখিবলৈ কি কি ধৰণেৰে নিজক সাজু কৰোঁ। এনেইটো সভা-সমিতি আন আন উৎসৱ-পাৰ্বণত বহু টকা আৰু সময়ো খৰচ কৰোঁ। নিজক ধুনীয়া কৰিবলৈ। চকুত লগা কৰিবলৈ। সেয়াও নিজৰ ইচ্ছা আৰু অনিচ্ছাৰ এক কাৰবাৰ। পিছে লেখা এটা লেখাৰ বেলিকা? কিমান ধুনীয়াকৈ সজাই -পৰাই উলিয়াই আনিবলৈ প্ৰয়াস কৰোঁ এয়া তাৎপৰ্যপূৰ্ণ। একেসময়তে সমকালীন বহুৱে কষ্ট কৰি , ক্ষেত্ৰ অধ্যয়ন কৰি , অলেখ পৰিশ্ৰমৰ অন্তত লেখা এটি যুগুত কৰে। সুন্দৰকৈ ছপায়। আনন্দ আৰু ৰং-ৰূপ-ৰস সকলো বৰ্তি থাকে। তাত ক'বলগীয়া একো খুঁত বিচাৰি পাবলৈ নাই। সাহিত্যৰ বাণিজ্যিক দিশটো সেইসকলে মন নিদিবও পাৰে। সাহিত্যৰ সৃজনীমূলক আৰু চিন্তামূলক বৌদ্ধিক কচৰতে এয়া কঢ়িয়াই আনিব পাৰে,...

একলা

 একলা-দুকলালকৈ যেনেকৈ বাঢ়িছ চেনেহী,গাত পখিলা পৰিব চাবি মন উৰুঙা পিতায়ে সজা ভঙা পঁজাতেই থাকোঁ মুঠিকৈ ঢেকীয়া পাত  পাচিয়ে ভৰ্ত্তি লাইজাবৰীৰো পাত গৰৈ,শিঙি,কাৱৈ মাগুৰ ঘৰৰ খাল-ডোঙত পাই তেজোদীপ্ত হ'বলৈ মোৰো মন যায়  আছে গৰু নাবায় হাল সেই হাল গৰু নথকাই ভাল মোৰো মন আছে ধন নাই... এবেলি ভোগৰ আঘোণ নহয় যেন এৰাপৰলীয়া কাতি অহাবেলি চিকুণ ফাগুণলৈ বাতি থৈছোঁ দহি ৰাস্তা-ঘাটৰ আন্দোলনৰ ধ্বনি শুনি গ'লোগৈ  এপাকত আগবাঢ়িলোঁ বেলগুৰিৰ‌ কনপিতৌ কলিমাই,চেনীমায়ো চিঞৰি টেটেফালি থকা দেখি-শুনি এতিয়া দেখিলোঁ পালোঁ হাতে হাতে উৰহীৰ ওৰ ৰ খেল কুৰুক্ষেত্ৰ যুদ্ধ হ'লেও টকাই যেন মালামাল সকলো সহজ মাথোঁ নহয় বাস্তৱ গধুৰ  এয়া খোলাকাটিৰে তাল সিংহাসনত নবহা ৰজাক বিচাৰি  কোনে দিব জানো গগনফলা তালফাল...

ধ্ৰুৱজ্যোতি দাস ছাৰলৈ

 এতিয়া মোৰ পৰাই অতিক্ৰম কৰিব বিচাৰোঁ  এতিয়া মোৰ পৰাই অতিক্ৰম কৰিব বিচাৰোঁ  ইয়াৰ অৰ্থ এয়াও নহয় সীমা এটালৈকে আপোচহীন লক্ষ্য  এতিয়া মোৰ পৰাই অতিক্ৰম কৰিব বিচাৰোঁ  এইখিনিলৈকে অন্ততঃ বুজি উঠিছোঁ  দুখ-সুখৰ নৈখন নিচেই আপোন তথাপিও নতুন  অচিৰেই আকৌ এক নৈপানী,নৈমাটি আৰু আলসুৱা পলস বুটলিম  পাৰোঁ মানে জাপে জাপে  উফৰি-সাপৰি পিহিম কলম আৰু বহী  কলমৰ আখৰ  বহীত লিখা আখৰৰ বাখৰপতা কাহিনী  এইখিনিৰ পৰাও নতুনকৈ কুঁহিপাত মেলিব  ময়ো মইটোক এবেহি দুবেহিকৈ সাজিছোঁ কাচিছোঁ  আৰু এনেকৈয়ে নিজান জানকৈ তৰি দিছোঁ জীৱনডিঙা... শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি দাস ছাৰ জন্ম দিনত তেওঁলৈ মোৰ ফালৰপৰা এটি ক্ষুদ্ৰ উপহাৰ

পিতাই২

 আত্মাই চিৰশান্তি লাভ কৰক 🙏😭 (মই গাঁৱৰ পৰা বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰোঁতে (সম্বন্ধত মা'ৰ খুৰাক আছিল) মই মৰমতে পিতাই পিতাই বুলি মাতষাৰ দি আহোঁ। এতিয়া সেই পিতাইৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছোঁ। পিতাই আপুনি য'তেই আছে চিৰশান্তি লাভ কৰক।

ভোট ভিক্ষা

 গাঁৱৰ ৰাস্তা-পদূলিবোৰ ঠিক নকৰাকৈ টকাকেইটা বছৰে বছৰে খাই, গাঁৱৰ মানুহক বুৰ্বক সজাই পেলোৱাকেইটাও কম প্ৰতিভাৱান নহয়। লোকৰ টকাৰে বিহু পতা বামউকিলকেইটাই চহৰত গৈ লেবেল কি দিব যেন পৃথিৱীৰ ডাঙৰ মানুহ...  নৰাধমহঁতক ভোটভিক্ষা কৰিবলৈ আহোঁতে মাটি চেলেকাই পঠাই দিব লাগে...

কাচি-দঁৰীয়াৰ পাঠক

 এই কিতাখনে মোক সাহস,প্ৰেৰণা, আমেজ আৰু বহুত আদৰ্শমোলক কিতাপ।পঢ়ি সচাই ভাল ভাল লাগে।আৰু পিছৰ প্ৰেগাপত কি লিখিছে আৰু সেয়া পঢ়িবলৈ আগ্ৰহ লাগে।ভাল লাগিল পঢ়ি আৰু লিখি যোৱা।আগবাঢ়ি গৈ থাকা -ৰিম্পী গগৈ,জ্ঞানম গগৈ,৫-১-২০২৬