Posts

Showing posts from April, 2026

বিশ্ব গ্ৰন্থ দিৱস, অসম আদিত্য,২৬-৪-২৬

 https://epaper.asomaditya.com/epaper/edition/2709/asom-aditya-epaper-%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%A4%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%B0%E0%A7%80/17/%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A7%80

মোৰ বিষয়ে

 Khub lekha mela kam kore moi val pau sobore lgte mile buli koisil-ড° হীৰেন দাসে কৈছিল বুলি ঝৰ্ণা নাথ ভনীয়ে জনাইছিল।

বিশ্ব গ্ৰন্থ দিৱস,২০২৬

 গ্ৰন্থৰ সৈতে বন্ধুত্ব স্থাপন কৰিব লাগে, যাৰ জৰিয়তে মনৰ পৰিধি বৃদ্ধি কৰিব পাৰি। গ্ৰন্থ ভাল নোপোৱা জাতি পৃথিৱীৰ নিশকতীয়া জাতি। বিশ্ব গ্ৰন্থ দিৱস যৎকিঞ্চিৎ।গ্ৰন্থৰ সৈতে বন্ধুত্ব স্থাপন কৰিব লাগে, যাৰ জৰিয়তে মনৰ পৰিধি বৃদ্ধি কৰিব পাৰি। গ্ৰন্থ ভাল নোপোৱা জাতি পৃথিৱীৰ নিশকতীয়া জাতি। গ্ৰন্থই মানুহৰ প্ৰিয় বন্ধু। গ্ৰন্থই পৃথিৱীৰ ইতিহাসত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। একপ্ৰকাৰে ক'বলৈ গ'লে ৰাজত্ব কৰি আছে। মানুহে যুগ যুগান্তৰ গ্ৰন্থৰ পৰা জ্ঞান, জিজ্ঞাসা আৰু সমস্যা সমাধানৰ পথ উলিয়াব পাৰিছে। ভাল বন্ধু আৰু ভাল গ্ৰন্থ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ভাল গ্ৰন্থই জাতিক প্ৰাণ দিয়ে। ভাল বন্ধুৱে সমাজ সুন্দৰ কৰে। গ্ৰন্থ আৰু বন্ধু যদিওবা দুয়োটা একেটা সূঁতাৰে বান্ধিব পাৰিব লাগে। কিন্তু গ্ৰন্থই প্ৰাচীনতম সভ্যতাৰো বাহক। বন্ধু বাহক নহ'বও পাৰে। ই ৰক্ষকৰ ঠাইত ভক্ষকো হ'ব পাৰে। সমাজ-ব্যৱস্থাত কিয়দাংশ এনে পৰিস্থিতিৰ উদাহৰণ ওলাব। যি কি নহওক গ্ৰন্থই মানৱৰ পৰিচয়, ইতিহাসোত্তৰ পৰিধি বৃদ্ধি কৰি আহিছে। গতিকে গ্ৰন্থৰ প্ৰতিপালনো মানুহে কৰিব লাগিব।সেয়া পদপথত গঢ়ি উঠা পুথিভঁৰালৰ গ্ৰন্থ নাইবা আগশাৰীৰ শিক্...

পাৰ্থৰ ছবিৰ হৈ কবিতা

 ক্লান্ত হৈ পৰা নাই সুৰৰে নৈ বুকুজুৰি বৈ আছে তীৰৰে হৈ এতিয়াও সৃষ্টিৰ আলেখ-লেখ শিপাই আছে ঋতুৱে ঋতুৱে বৈ থকা অমল অমল সুৰীয়া আৱেশৰে... ১৩-৪-২০২৬

ৰাজনৈতিক কথা

 নতুন প্ৰজন্ম আৰু বৰ্তমান ৰাজনৈতিক কুচকাৱাজ সকলোৱে পৰিৱৰ্তন বিচাৰে। ই স্বাভাৱিক। কিন্তু কিমান সংখ্যকে পৰিৱৰ্তন বিচাৰে? আৰু কিমান সংখ্যকে পৰিৱৰ্তন নিবিচাৰে। অৰ্থাৎ গতানুগতিকভাৱেই ভালপায়। কিন্তু পৰিৱৰ্তনো এক প্ৰকৃতিৰ নিয়ম। ই জগত চৰাচৰৰো নিয়ম। ৰাজনৈতিক বতাহে এইকেইদিন আকাশ,পাতাল হিলাই আছে। হিলাই থাকিব। নিৰ্বাচনৰ ৰণডংকা কিমান নুশুনিম। আমি ৰণডংকাত প্ৰকৃত পৰিৱৰ্তন পাইছোঁনে। অৱশ্যে ক'ৰবাত ক'ৰবাত ব্যতিক্ৰমী নোহোৱা নহয়। নাইবা একেবাৰে পৰিৱৰ্তন লৈ আনিবও কোনো নোৱাৰে। পাৰিব নেকি। ৰাজনৈতিক বতাহে শাসনাধীন চৰকাৰী পক্ষ আৰু বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। সমষ্টিয়ে সমষ্টিয়ে নেতাৰ ভিৰ। কিন্তু সমষ্টিবোৰত সমস্যাত তেনেকৈ ভিৰ কৰেহিনে? আমি যুৱ প্ৰজন্মৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাত ভাল লাগিছে। তেওঁলোকৰ সবল আৰু উচ্চস্তৰীয় চিন্তাই অসমখনক আকৌ এবাৰ উন্নতিৰ শিখৰলৈ লৈ যাব বুলি আশাবাদী। লংকালৈ যিয়ে যায় মাত্ৰ ৰাৱণেই হয় বুলি ধাৰণাক নস্যাৎ কৰিবৰ হ'ল। আমাক শিক্ষা, স্বাস্থ্য, বিজ্ঞান,ৰাস্তা-ঘাট, গৱেষণা, উচ্চস্তৰীয় পুথিভঁৰাল, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ সৈতে ফেৰ মাৰিব পৰাকৈ শিক...