নীলাক্ষীলৈ

 ইমান সহজতে...


জিলিকা জিলিক কৰিব পাৰে শনিলগা ইন্দ্ৰসভাত ফেঁচাৰ মাত

আপুনি ইমান সহজতে 

ঋতুৱে প্ৰতি ঋতু সদল-বদল কৰিব নেকি 

হয় আও পাই 

নক'লেও নোৱাৰি 

হ'লেও বাঢ়েহে জমকী জগৰ


নাভাবিব ইমান সহজতে...


জাপি কুচি থৈছোঁ 

বান্ধি-কুন্ধি লৈছোঁ 

তেজীৰ সখীয়েক হৈয়ো চাইছোঁ 

তায়ো বাৰু দোপাল তিতাদি তিতিছিল নেকি মেঘৰ গাজনিত

নে কলিয়া ডাৱৰতেই তিতিছিল 

যদিও মাহীয়েকে দগৰী দিছিল এজাউৰি এজাউৰিকৈ

অজীন পাতকী খুন্দনাৰ খুন্দনৰ খুন্দন তাণ্ডৱ


ৰেপি ৰেপি চালোঁ 

কমাৰশালখন সহজেই নাপালোঁ 

নাভাবিব আকৌ ইমান সহজতে...


কুৰিদুচেও কূটাডাল আনিলোঁ 

বৰশীডালত কনপিতৌ মাছ এটিকে লগাই মাছকে সন্ধান কৰিলোঁ 

এতিয়া ইমান সহজতে 

হৈ নাথাকিল 

বুদ্ধি কৰি বৌদ্ধত্বক বিচাৰি নাপাই 

বংশীকে উৰাই ঘূৰাই বজালোঁ...


(মৰমৰ ভনী নীলাক্ষীলৈ মোৰ এমা-ডিমা শব্দকেইটিৰে জন্ম দিনৰ উপহাৰ পঠাইছোঁ, গ্ৰহণ কৰিছোঁ)


দাদা

ৰাজেন 

১০-০২-২০২৫

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা