Posts

Showing posts from July, 2023

আপুনি আপোনাৰ পৰা কিমান দূৰৈত

  আজি আপুনি অত্যাধিক ব্যস্ত কিহৰ বাবে ইমান দৌৰাদৌৰি দৌৰি থাকিবলৈ জানো আপুনি দৌৰাদৌৰিকে কৰি থকা নাই কথাখিনি ভাবি আছোঁ লাইটো নুমাই নিমাওমাও হৈছে ফেনৰ বতাহ কোবোৱা গতি ক্ৰমান্বয়ে স্তিমিত হৈছে কিৰণ গেষ্ট হাউছৰ নাইছ কমিউনিকেশ্বন আৰু কেয়াৰিং বৈশাখ মাসে দাৰুণ গৰমত শুনিবলৈ লৈছোঁ এয়া কলিকতাৰ সোণাজৰি হাট  এফালে বজাৰ মেলা,কলেজ ষ্ট্ৰীটৰ গ্ৰন্থ আৰু লিটোল মেগাজিন কিতাপ আৰু কিতাপ গবামাৰি যেন লৈ থাকোঁ এথাপ দুথাপ আনফালে গান,বাজানা, নৃত্য আৰু মৰা-জীয়া কবিতা চায়েন্স চিটিৰ ৰবছত থৈ যাম নিজৰ ভাৱমূৰ্তি ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানৰ ৰঙামাটি যেন আমি বিচাৰি পাম মাটিপৃথিৱীৰ গীতাঞ্জলিৰ মানুহজন কলকাতাৰ অলিয়ে গলিয়ে আমি গৈ আছোঁ অসমৰ সংগ্ৰহালয় সাজপাৰৰ পৰা চিত্ৰকলালৈ আৰু ক'ত কি কুলি কেতেকীৰ মধুৰ সুৰ প্ৰিন্সেপঘাটৰ কাষৰৰ ট্ৰেইন ষ্টেচনৰ বাংলা গান অমৰকুটিৰে ভিতৰে বাউল গীত গাইছে চিত্ৰ আৰু কাহিনী বৰ্ণনাৰে  যেন শোকত ম্ৰিয়মান ৰাজকন্যা। ক'ৰবাত বাংলা ক'ৰবাত হিন্দী মিশ্ৰিত বাংলা ক'ৰবাত আকৌ হিন্দীত যোগাযোগ মোৰ কিয় এনে লগা নাই মই আঁতৰত আছোঁ আপুনি আপোনাৰ পৰা কিমান দূৰৈত  এবেগেত /চাৰিআঙুল/অলেখ যোজন মেট্ৰ ট্ৰেই...

পৰুৱা কবিতা অধ্যয়ন গোট, ২৫ জুলাই, ২০২৩, হৰেকৃষ্ণ ডেকা ছাৰৰ জন্মদিন উপলে: ্ষ

    পৰুৱা কবিতা অধ্যয়ন গোট, ২৫ জুলাই, ২০২৩,  হৰেকৃষ্ণ ডেকা ছাৰৰ জন্মদিন উপলে: ্ষ ৮০ সংখ্যক[২৫ জুলাই] জন্মদিন উপলক্ষে পৰুৱা কবিতা অধ্যয়ন গোটৰ অনুষ্ঠান গুগুল মিট মাধ্যমত সম্পন্ন হৈ যায়৷  হৰেকৃষ্ণ ডেকা আৰু তেখেতৰ কবিতা শীৰ্ষকেৰে অনুষ্ঠানৰ বিষয় কৰি লৈছিল৷ অসমৰ বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়াই সঞ্চালনা কৰিছিল৷  অনুষ্ঠানটোত বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া, বিশিষ্ট কবি অনুভৱ তুলসী, বিশিষ্ট সমালোচক অৰিন্দম বৰকটকী আৰু বিশিষ্ট কবি-সমালোচক ৰাজীৱ বৰা উপস্থিত থাকে৷ অনুষ্ঠানটোৰ পিছৰ পযাৰ্য়ত কবি ফাৰহান জাবেদে আৰম্ভণিৰে পৰা অনুষ্ঠানটিৰ আঁত ধৰে৷  বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়াই হৰেকৃষ্ণ ডেকা ছাৰৰ কবিতাই অসমীয়া পাঠকক সমৃদ্ধি কৰা, মেটাফৰ, উৱেষ্টাৰ্ণ কেনন এইসমূহ দিশৰ বহুল পৰিসৰলৈ নিয়াই নহয় বিশিষ্ট কবিজনাৰ সমান্তৰালকৈ আনুষংগিক প্ৰসংগকো গুৰুত্বসহকাৰে উপস্থাপন কৰে৷  বিশিষ্ট কবি অনুভৱ তুলসীয়ে আগলৈ চাই আৰু ভাঙে, পিকাচোৰ দৰে হৰেকৃষ্ণ ডেকাৰ কবিতাত, প্ৰত্যেকখন কবিতাপুথি তিনিজন নতুন কবিক লগ পোৱা, কবিতাত উপস্থিত যুক্তি-যুক্ততা, কবিতাৰ নিৰ্মল বিচাৰ, প্ৰসংগত নীলমণি ফুকনৰ...