পাৰ্থৰ ছবিৰ আধাৰত ৰচিত কবিতা


হৃদয়ৰ স্বৰলিপি পঢ়িব পাৰি 

গুপুত ভাষাটো বুজিলেই 

ফুলে ফুলে ফুলক ফুলনি 

জকমকাই থাকিব ধৰণী

তুমিও এতিয়া মোৰেই ভূগোল ব্যাকৰণৰ প্ৰতিধ্বনি

২.

জীৱটো চলিব 

নৌকাও আহিব যাব 

সোঁৱৰণী মাথোঁ 

শিতানতে উমলি থাকিব

কপৌপাহি আকৌ ফুলনিত ৰুণুক জুনুকৈ নাচিব...

৩.

জিলমিল জোনাকত চাবি পাৰি আকাশ 

পিন্ধি ল'ব পাৰি জোনবাইৰ ছবি 

ছবি আঁকি তৰাৰ সৈতে

শুকান গছৰ লঙঠা হৃদয়ৰ বাতৰি 

হ'কাৰক সুধি পুছি ল'বও পাৰি 


৪.

ৰং সলাব নোৱাৰোঁ 

নীৰৱতাই খামোচ মাৰি ৰাখে 

তুলিকা আনি বোলাই দিব নোৱাৰোঁ 

মন গহনৰ গহনা-গাঠৰি

ৰংমনে হৃদয়ৰ স্বৰলিপি এদিন 

তুমি তুমি মই মই ভাবানুভূতিতে লেখ মাৰি দিয়েই দিম...


৫.

চুটি কৰি জীৱন 

টো জুখো 

আকৌ সোলোকাই মোলোকাই ছবিখনত ধৰোঁ

গাণিতিক মুহূৰ্ত্তত এতিয়া মই

বেহানি বাবলৈকো কিঞ্চিৎ কিঞ্চিৎ বিভোৰ...

৬.

লুকুৱাই ৰাখো ফাগুন

জোকাও নেকি

জোপোহা ফাগুন 

নহ'লে নষ্টালজিক হৈ

গণি গণি পাৰ কৰোঁ 

উৰে ৰাতি ফাগুন

৭.

তাইৰ শাণিত হৃদয় কিয় ৰি ৰিয়াই থাকে জানা

কমোৱা তুলা যে এবেহি দুবেহিকৈ উৰে

তায়ো উৰে অসীমৰ পৰা সসীমলৈ

এয়া তুমি উতনুৱা বুলি নিশ্চিতি দিবই নোৱৰা

৮.

সৰসৰাই থাকে সোঁৱৰণী 

সন্ধিয়া পুৱা কল-কাকলি

জিনজিনাই উঠে কলাফুল 

বগে ঢকে ঢকি ঠেহ পাতি উঠে ইবেলি সিবেলি 

কি কৰোঁ চেনাইধনো যেন উন্মনা পখীটিৰছ লগৰী...

৯.

বৰ ধুনীয়া ফাগুনৰ পছোৱাজাক

ফাগুন ফৰকাল কেতিয়াবা জমকাল

কটাই দিওঁ ফাগুন ফাগুন হৈ ইহকাল পৰকাল

১০.

বৰ ধুনীয়া শৰৎ 

এবেহি দুবেহি

লৈয়ে থাকোঁ কুচপাতি

ফুলে কথা পাতে গোপন ভাষাৰে 

শৰতে চুমা দিয়ে মিঠা আলিংগনেৰে...

১১.

সীমনাই তোমাকেই কৈ আছে

চকুচাট মৰাকৈ আকুহি আনা ৰৌদ্রোজ্জ্বল

দুহাতৰ স্পৰ্শানুভূতিত তৰিৎ গতিত চেকুৰাই থকা চবকা চবকে থঙানিশাহ

১২.

এখনেই বুকু জুৰ পৰে

নদীনৈ নঐকউলঈয়আ


ফুলে পাতে আৱেশিত হয়

ধৰিত্ৰী বহেহি সাংগোপাংগকৈ

১৩.

হুহুৱাই বৈ আহিবই আহিবই

প্ৰণয়ৰ শিপামুখীয়া বিহগ

তুমি মই আৰ্টিষ্টিক কৈ কৈ পেলাম নে

কি 

গতি এটাও যে প্ৰকৃতিৰ ভ্ৰূণৰ ভ্ৰুকুতি

১৪.

হৃদপিণ্ডৰ মাজেদি বৈ যোৱা মিছিছিপি তুমি

শয়নে সপোনে জোৰা-টাপলি মাৰি আহিছোঁ নৈখনৰ গতিবেগ সলনি কৰি

এতিয়া বৈ যাম জিৰিজিৰি নিগৰি

১৫.

Waw amazing, always your art is different and unique meaning,I will search the meaning and find a new text dude

১৬.

ভাবনাই বেহেলা বজাব পাৰে 

বজাব নোৱাৰে হৃদপিণ্ডৰ মাংস 

গচকি ফেনেকি দিব পাৰা 

চোতালৰ এঙামূৰি পখিলাক 

কাটিব বাটিব নোৱৰা ভাৱনা

১৭.

সপোন এটা মোহাৰি দিব পাৰি জোনবাইৰ চিঠি পালে 

আঁকি দিব পাৰি নে মালিতাটি 

অযুত ভাৱনাই 

সাৰে থাকে এজেহাৰ এনিশা 

তুমি অহাৰ বাতৰি পাই...

১৮.

জোকাব দিয়া চুলি তাৰি মেলি অহা মেঘালীক 

গুপুতে গুপুতে আঁকি ৰাখিম 

বিজুলীয়াই দিম নাদব্ৰহ্মক 

টলকিবই নোৱাৰিম শুহুৰিয়াই দিয়া ডেকাটিৰ 

নাচোন সাতপাক ভঙা নাচনিৰ কঁকালৰ বহুমালা...

১৯.

ভাৱহে অজুহাত নহয়

হ'লেও কি লোকচান

লোকচানৰটো সুকীয়া

গেহেৰা নজৰাণ্ডাজ নাই

২০.


জোনাক হ'লে ভাবিব পাৰি দিঙাখনৰ গাঁথা

জোনাকী পৰুৱাই যুগে যুগে দিয়ে 

তাৰেই নিপোতল সন্ধান 

বেহূফালি লৈ আনিমেই নেকি 

কি

ওঁহো নকওঁ 

এমোনা জোনাকী পৰুৱা

পৰুৱাৰো যে নাই কোনো বন্ধনপ্ৰমালাপৰ প্ৰতিধ্বনি 

শুনিছা 

নাই শুনা 

পৰুৱাই কথা কোৱা 

পৰুৱাই তাঁত বোৱা...

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা