আজি ৬-০৬-২০২৪ তাৰিখ বৃহস্পতিবাৰে, ডিব্ৰুগড় জিলাৰ সদৌ অসম কবি আৰু মৰাণ জুনিয়ৰ কলেজৰ আতিথ্যত সুন্দৰ অনুষ্ঠান হৈ যায়। ছাত্ৰ ছাত্ৰী সকলৰ কবিতা পাঠো হয়। কোৰাছ পৰিৱেশন কৰা হয়। সমল ব্যক্তি -কবি সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ ছাৰ। সভাখনত সভাপতি আছিল পবিত্ৰ গগৈদেৱ,আঁত ধৰে প্ৰশান্ত কুমাৰ দত্তদেৱে।আয়োজক সকলে সুন্দৰকৈ অনুষ্ঠিত কৰা অনুষ্ঠানটোত বহুত গন্য মান্য ব্যক্তি উপস্থিত আছিল যিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কবিতা সম্পৰ্কীয় শ্ৰদ্ধাৰ সত্যকাম ছাৰৰ কথাখিনি গুৰুত্বপূৰ্ণ। কিয়নো ছাৰে বাল্মিকী ৰামায়ণ (মা নিষাদ....)ৰ পৰা হীৰেন ভট্টাচাৰ্যৰ ভোগালী কবিতা, অজিত বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা ইত্যাদি কবিৰ কবিতাৰ উদাহৰণ দি সহজকৈ বুজাই দিছে। 'Best words in best order' আদি কবিতা সম্পৰ্কীয় সংজ্ঞা দিবলৈ প্ৰয়াস কৰিছে। তাতোকৈ ডাঙৰ কথা পাশ্চাত্য কবিৰ কবিতা ৱৰ্ডছৰ্ড,শ্যেলী,কীটছ,বাইৰণৰ কবিতাৰ প্ৰসংগৰো সোৱাদ দিবলৈ প্ৰয়াস মন কৰিবলগীয়া। এটা গুৰুত্বপূৰ্ণ কথা কৈছিল "কবিতা জীৱনৰ জ্যামিতি, ই বীজগণিত স্বৰূপ।" পৃথিৱীৰ প্ৰায় সাহিত্যিকে ...