সুষমা
সুষমা
সুষমা লহৰে মাতি থাকে
জুপুকা লাগি থাকে হৃদপিণ্ডৰ মাংস পেশীবোৰ
মাটি ফাটি ওলাব পনিয়লী পানী
প্ৰলয় জল জলকেলি কৰিব প্ৰকৃতিৰ সনাতন সন্তানে
মই একোবত গৈ আহোঁ
আন একোবত শুনি আহোঁ
তেওঁৰ বিচিত্ৰ বৈভৱ জীৱন-গাঁথা
ৰং এটা আঁকিবলৈ তেওঁ কৰিছিল অহৰহ অনুশীলন
এতিয়া তেওঁতে বলি থাকে
সত্য শিৱ সুন্দৰৰ জঁটাধাৰী লহমা
বিচাৰি পাব পাৰে আপুনি আপোনাৰ অভিভূত ফুলৰ বিতস্পৃতাৰ চূৰ্চমৈ চমক
লৈ যাব পাৰে সৌমাৰৰ পৰা মহাচীনৰ দিনলিপিলৈ
গঞালোকৰ পৰা লৈ যাব সম্বলপুৰলৈ
আকৌ বছেৰেকত এবাৰ নমোৱা ছেইন চোচেফলৈকে...
(স্বনামধন্য সাহিত্যিক ড° নগেন শইকীয়া ছাৰলৈ জন্ম দিনৰ উপহাৰ হিচাপে আন্তৰিকতাৰে আগবঢ়ালোঁ)
ৰাজেন দাস
১১-০২-২০২৫
Comments
Post a Comment