কনমইনালৈ

 ঘৰখনৰ দ্বিতীয় সন্তান কনমইনালৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ঘৰখনৰ পৰা সমাজখনলৈ বিভিন্ন ক্ষেত্ৰত নিজৰ শক্তিশালী স্থিতিৰে আগবঢ়াই নিবলৈ প্ৰয়াস দেখি আহিছোঁ। বাস্তৱ জীৱনৰ সৈতে ফেৰ মাৰিব পৰাকৈ গাঁৱৰ শিশুসকলৰ সমান্তৰালকৈ দাঁতিকাষৰীয়া এলেকাৰ ল'ৰা-ছোৱালীৰ বাবেও 'সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰ' ৰ জন্ম দি শিশুৰ প্ৰায়োগিক, শৈক্ষিক আৰু সাংস্কৃতিক জীৱনৰ নানান বিষয়বস্তুৰ সৈতে চিনাকি কৰি দিবলৈ অহৰহ প্ৰয়াস কৰি থকা ভাইটিলৈ অফুৰন্ত মৰম দিলোঁ। এনে ইতিবাচক দিশসমূহে নিশ্চিতভাৱে এদিন সুদূৰ প্ৰসাৰিত হ'ব। তাৰ বাবেও শুভেচ্ছা জনাইছোঁ।


বুকুৰ ধন 


আমি একেটা বঁকিয়াইদি আহিছোঁ

এতিয়া যেন কেলেণ্ডাৰৰ তাৰিখ কটাৰ সময় 

তেওঁচোন এতিয়াও কেলেণ্ডাৰখন বজাৰে বজাৰে বিক্ৰী কৰিবলৈ হাবাথুৰি খাই ফুৰে


তেওঁৰ আইৰ বুকুত নিগাজীকৈ ঘৰ সাজিবলৈ পণ লোৱা আছে

এতিয়া আকৌ কেলেণ্ডাৰখনো উঁৱলি যোৱা বেৰত আঁৰি থোৱাই থাকিল চোন


 বুকুৰ ধনৰ মিঠা হাঁহিৰ আলোকচিত্ৰখন

তাতেই ধৰি ৰখা হৈছিল নহয় জানো !

সেইখন চায়েই আয়ে-পিতায়ে উখহাই ৰাখে...

(কনমইনালৈ জন্ম দিনৰ উপহাৰ)



ৰাজেন দাস

ফোন নং -৯১০১২২১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা