Posts

Showing posts from January, 2025

নিতু দাদালৈ

  শব্দশিল্পীলৈ নিতুপর্ণ দাদালৈ শ্ৰদ্ধাৰে  শব্দব্রহ্ম মই সিদিনাৰ পৰা অনুধাৱনৰ অনুভূতিৰ সৈতে কথা পতাত লাগিলোঁ বুকুত বাজি থাকে অহৰহ কি শব্দৰ ব্ৰুটাছৰূপী ঝংকাৰ  ক'ব পাৰি নে পাৰি সম্ভাৱনাৰেও চোৱা জনতাৰ প্ৰাপ্যৰ ঝংকাৰ জনতাৰ কণ্ঠস্বৰৰ অধিকাৰ এতিয়া মই তলে তলে মৰি গৈছোঁ আপুনি তলে তলে সলনি হৈ গৈছে এতিয়া বুকুত হাত থৈ ভাৰতবৰ্ষ আমাৰ মানচিত্র বুলি ক'ব পাৰিব কণ্ঠত আছে জনগণ মন অধিনায়ক জয় হে..." ৰাজেন দাস  ডিব্ৰুগড়  ২৮-০১-২০২৫ https://www.facebook.com/100005564701742/posts/pfbid033Nn4VMbaF4bykEyLBHWope6PcJ4yUoSgZCHvzWHsPSpYJhSFgkyuh4edCzXb6Tosl/?app=fbl

মন

 আপুনি যদি নিজৰ ভিতৰত এজন শক্তিশালী মানুহ বিচাৰি পাইছে ভৱিষ্যতে আৰু নতুন নতুন শক্তিশালী মানুহ বিচাৰি পাব। যদি আপুনি আপোনাৰ ভিতৰত এলেহুৱা মানুহ আৱিষ্কাৰ কৰিছে আপুনি নিশ্চিতভাৱে হাত সাৱতি থাকক এদল এলেহুৱাৰ আপোনাৰ মধ্যস্ততাতেই জন্ম ল'ব,যিয়ে আপোনাৰ বিপদ মাতিব পাৰে।

চমু লেখা

 চুকুৰমণি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক তথা বিদ্য দ্য লিভিং স্কুলৰ অধ্যক্ষ ড°প্ৰাঞ্জল বুঢ়াগোহাঁইৰ ৰচিত পৰিচালিত নাটক চুকুৰমণি। পটভূমি চাহ বাগিচা । চাহ বাগিচাত নতুনকৈ নিযুক্তি লাভ কৰিছে নতুন ইংৰাজ চাহাব। ইংৰাজ চাহাব এসময়ত বাগিচাৰ ছোৱালীৰ প্ৰেমত মচগুল হয়। আটাইতকৈ ধুনীয়া চুকুৰমণিৰ প্ৰেমত মচগুল। চুকৰমণি‍ৰ প্ৰথম প্ৰেম ব্যৰ্থ। নাটকখনৰ নাট্যখণ্ডৰ মাজে মাজে মাদল বাজে। ঝুমুৰ নৃত্য হয়। এসময়ত চুকুৰমণিক একপ্ৰকাৰে জোৰজবৰদস্তীৰে চাহাবে নিজৰ কৰে। এইখিনি কথাৰ বাদেও চুকুৰমণিক আনিছিল বাগানৰে চৰ্দাৰে। তাইৰ অমান্তিৰ পিছতো চুকুৰমণিৰ সৈতে ব্ৰিটিছসকলে জোৰজবৰদস্তীৰ কৰা কাৰ্যক ৰখাব নোৱাৰিলে। ক্ষমতাত থকা ধনীক শ্ৰেণীয়ে নিম্ন শ্ৰেণীক একপ্ৰকাৰ শোষণ কৰিছে। নাটকৰ চৰিত্ৰ,দৃশ্যসজ্জা,চৰাই চিৰিকটিৰ কল-কাকলিৰ অপূৰ্ব সংযোগ,,মেঘৰ গাজনি,চাহাবাগানৰ গান, মুগ্ধকৰ অভিনয়,কলা নিৰ্দেশনা,নাট্য-কৌশল অতি নিপুণ। শেষত ধনীক শ্ৰেণীক প্ৰতিবাদ কৰিবলৈ বহু চুকুৰমণি জন্ম হৈছে। কিন্তু কি হ'ব ক্ষমতাহীন শ্ৰেণী। তথাপি দৃঢ় প্ৰতিবাদ কৰিছে। এক শ্ৰেণীৰ হৈ আন এটি শ্ৰেণীৰ অধিকাৰ,প্ৰাপ্যৰ বাবে হোৱা বলিষ্ঠ প্ৰতিব...

আপোনাক লগ পোৱাৰ কথা নাছিল

 আপোনাক লগ পোৱাৰ কথা নাছিল  এইবেলি আপোনাক লগ পোৱাৰ কথা নাছিল   নিকটে পায়ো গলাকাঢ়ি শুনিও সেয়ে চাগে লগ নাপালোঁ  সেইদিনাই বৰ্ণমালাৰ পৃথিৱীলৈ আপুনি আহিব বুলি ততালিকে গম পাইছিলোঁ  সিমানকৈ কিন্তু আপোনাৰ নাম জনা নাছিলোঁ অথচ আপুনি আমাৰ জাতিৰ স্বৰ্ণখচিত মুকুতা-মণি আপুনি বৈ উলিওৱা তিনিকুৰি কুটাৰ বাহত নাম পাই হৃদয়ৰ বিগলিত জাহ্নৱী যমুনাত লিখি লৈছোঁ আকৌ লগ পোৱাৰ কুৰিটা হেপেহুৱা খাটি হেঁপাহ  শব্দ বাক্যৰ ব্যঞ্জনাত আজীৱন নিভাঁজকৈ ওলমি থকা মানুহজন ৰজাঘৰৰ কাৰো ওঁঠত নকঁপিলে  লোকে লোকাৰণ্যত নলয় নাম প্ৰচাৰ নকৰে নাই লওক জ্ঞান হোৰাৰ পৰা হোৰাহোৰে ইতিহাসো পুনৰ লিখে  নতুনকৈও লিখে  লিখাখিনি জানো মচিব পাৰে লাগিলে ইতিহাসে সোঁৱৰি থাকক শতায়ুবছৰৰ নষ্টালজিয়া... (শ্ৰদ্ধাৰে বিশিষ্ট নাট্যকাৰ,পৰিচালক শুভেশ্বৰ দাস ছাৰলৈ আগবঢ়ালোঁ) ৰাজেন দাস   ডিব্ৰুগড়  ২৬-০১-২০২৫ দেওবাৰ

বুৰঞ্জী

 তত্ত্ব আৰু তথ্য যিকোনো বুৰঞ্জী ৰচনাকাৰৰ বাবে অতি প্ৰয়োজনীয় অংগ -ড° নগেন শইকীয়া ছাৰ 

বিদিশা বা

 বায়ে আজি(দুবাৰ হৈছে)কৈছে, মৰমৰ ভাইটিয়ে কাটি দিয়া ড্ৰাফটোতে মই বৰ্তমান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত চাকৰি কৰি আছোঁ। আপুনি ভাবিব এইটোনো কি ক'বলগীয়া কথা  আকৌ নাভাবিব কিয় বা কৈছে গমি চাওঁ  পালে কি  একো নাই  সুন্দৰ মনেৰে আন্তৰিকতাৰে যিকোনো কাম কৰিলে সমাধান হ'ব পাৰে  আপুনি ভাবিব নহ'বও পাৰে  হয় আপোনাৰ কথাটোও যৎসামান্য শুদ্ধ হ'ব পাৰে  বৰ বেবেৰিবাং কথাবোৰ  বাদ দিয়ক হে  (অলপ হাঁহি লৈছোঁ ৰ'ব)

ভাষা

 গুৰুত্বপূৰ্ণ প্ৰশ্ন বা,বৰ ধুনীয়া লেখা। মই ভাবোঁ যে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিব লাগে। ৰজাঘৰে নিশ্চিতভাৱে সাৰ পাব। আজিকালি নিজৰ ভাষাৰ সৈতে আন ভাষাৰ শব্দ ,বাক্য মিশ্ৰিত কৰি কোৱা প্ৰৱণতাও বৃদ্ধি পাইছে। নিজৰ ভাষাটোক নিজে বচাবলৈ নিজৰ ঘৰৰ পৰাই জানো কঁকালত টঙালি বান্ধিব নালাগিব। এতিয়া চাব দেই অসমীয়া ভাষা(লিপি)ৰ বাবে বহু কীবৰ্ড অসমৰে ব্যক্তিসকলে কষ্ট স্বীকাৰ কৰি নিৰ্মাণ কৰিছে। সেইখিনি শুদ্ধ প্ৰয়োগ কৰি মাতৃভাষাত ভাব বিনিময় কৰাত কি লোকচান।  সৰু উদাহৰণ -০১.আপুনি নিজৰ সন্তানক ইংৰাজী ভাষাৰ মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাই শিৰফুলা বক্তৃতা ৰাখিও বৰ বিশেষ আমি উপকৃত হ'ম জানো? উদাহৰণ -০২,এগৰাকী কৈছে ইংৰাজীত টাইপিং কৰিলে ভুল হোৱাৰ সুবিধা কম। তাতোকৈ নিজৰ ভাষাৰ কীবৰ্ড প্ৰয়োগ কৰি ভাষাটোক শ্ৰীবৃদ্ধি নকৰে কিয়? নে এলাহ? এলেহূৱা হৈ কিয় জীৱন ধৰিছা,দহজনে পাৰে যিটো...

নতুন অসমীয়া কবিতা

 সাহিত্য আৰু সাহিত্যকৰ্মক অন্তৰৰ পৰা ভালপোৱা ব্যক্তিয়ে নিশ্চিতভাৱে নিৰবিচ্ছিন্নভাৱে সৃজনীশীল আৰু চিন্তাশীল কৰ্মত প্ৰবৃত্ত হৈ থাকিব পাৰে। এনে কৰ্মসমূহে সময় বালিচৰত এদিন খোজ ৰাখিবই ৰাখিব। এইখিনিতে নাম ল'ব পৰা এগৰাকী বিশিষ্ট ব্যক্তি হৈছে 'অসমীয়া বানান অভিধান' প্ৰণেতা ধ্ৰুৱজ্যোতি দাস। শ্ৰদ্ধাৰ এই ধ্ৰুৱজ্যোতি দাস ছাৰৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া "নতুন অসমীয়া কবিতা(৩০-৪০)" শীৰ্ষক গ্ৰন্থত এই অভাজনৰ এটি কবিতা সন্নিৱিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে। এয়া মোৰ বাবে ভাল লগা। ধ্ৰুৱজ্যোতি দাস ছাৰৰ লগতে পলসৰ পৰিয়াললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ছোৱালী

 ছোৱালী ব্ৰহ্মপুত্ৰৰ বুকুত ডিব্ৰুগড়খন আঁকি চালোঁ  অলপকৈ গোটেই চহৰখন দেখিলোঁ  ক'ৰবাত পৰিস্কাৰ ঠাই  ক'ৰবাত লেতেৰা ঠাই  আন ক'ৰবাত নদীলে যোৱা বাটতে শুই থাকে কত মগনীয়াই  মই দূৰৈত ৰিণিকি ৰিণিকি কিবা এটা দেখি আছিলোঁ  ফুটপাটটোত শুই থকা ফটাচিটা পেণ্ট,স্কাৰ্টপিন্ধা  ছোৱালী আৰু মলিয়ন শুকুলা বস্ত্ৰত ছোৱালীৰ মাক  বিষণ্ণ মন তথাপি দূৰ দিগন্তলৈ গতি ছোৱালীৰ উজ্জ্বল চকু  তাই আকাশ চাবলৈ মন  প্ৰতিদিনে গাড়ী আৰু সেই গাড়ীৰ ধূলি ধোঁৱাই  সেমেকাব পৰা নাই তাইৰ আকাশী সপোন  এতিয়া তাই মাকে এটকা এটকাকৈ ভিক্ষাৰে গোটোৱা টকাকেইটাৰে স্কুলত পঢ়ি আছে ; মাকে গণি আছে কেলেণ্ডাৰৰ তাৰিখ বগা সাজ পৰিহীতা মাকে গতানুগতিকভাৱে মাগি আছে  শিৰত লৈ ৰে'লত পতিত স্বামীৰ সাহসৰ ছবি লৈ এদিন তেওঁ কথাৰ মাজত  কি বুলি কৈছিল জানা  "তুমি আটাইতকৈ শ্ৰেষ্ঠ  তুমি তোমাৰ পৰা আন বহুতকে শ্ৰেষ্ঠ কৰিব লাগিব  কৰিলে কৰা শ্ৰেষ্ঠ  নকৰিলে জহন্নাহে যাবা" এতিয়া মই দিবা নৈশ তাকে কৰি আছোঁ  হাতত সাৰে ভৰিত সাৰে জী আছোঁ  অন্ততঃ  কাইলৈ ছোৱালীয়ে মা-দেউতাৰাৰ...

মই

 "মই গৈ আছোঁ  গৈ থাকিম  যেতিয়াই ভাবিম  যাব পাৰিছোঁ তেতিয়াই ভাবিম পাৰিম আগলৈ গৈয়ে থাকিম শত কাইঁটে কাটিব নোৱাৰে মোৰ সোণৰ পাদুকা" (শিৱসাগৰীয়া বন্ধু প্ৰকাশলৈ জন্ম দিনৰ শুভ কামনাৰে...

গচকত ভাগি যায় যঁতৰ

 গচকত ভাগি যায় যঁতৰ  পাখিলাহি পখিলা উৰাদি উৰে মন  চেনাইধন আহিব বুলি তাঁতৰ পাতেও সোধে  একোবত ভৰিপতাক খামোচ মাৰি ধৰেচোন;  কয়-তেওঁ, কি হ'ল উদাসীন মণি কত বসন্ত আহিল  কাতিৰ কঙালী হ'ল  মাঘৰ ভোগালী গুচি গ'ল  ব'হাগেই ৰাঙলী হৈ পৰিল  চকুৰ পতাই আলিবাট বিচাৰি উভতি আহি জপনাখন কিমানবাৰ মাৰে এইবেলি মেজিত কেঁচা-পকা বাঁহেৰে ওখকৈ সাজিম  শুকান মচমচীয়া নৰাৰে ঘৰটোও অসম আৰ্হিৰ কৰিম  চাওঁচোন সি আহে নে নাহে মোক বলিয়া কৰা সেই উকি মাৰি মাৰি...   ৰাতি তিনিপৰে ঝিলীজনীয়ে বাৰে বাৰে কিয় ভেঙুচালী কৰে  সেইটো তাৰ পৰজনমৰ শুভলগনৰ ৰূপ নেকি  ককাই কৈছে দূৰৈৰ ৰৌ বাহু ওচৰৰ পুঠি খলিহনা  তাকো মই তাকেই কৈছিলোঁ  চনপৰা মাটিডৰাতে ৰবিশস্য কৰিবি  মা-দেউতাকো কাষৰতে পাবি  পচনসাৰে বচাবি জীৱন গাঁৱৰ মানুহে পঢ়ি কি এয়াই ফালিলি বুলি হাঁহিব বুলি সি  দূৰৈৰ ধুনীয়া পাহাৰ চাবলৈ গ'ল, তাৰো মনত কৰি দেখুওৱা জেদ হ'ল  গ'ল যি গ'ল, শুকান মৰিশালী যেন মোৰ হ'ল  এতিয়া অকল সপোনতে মিচিকিয়াই উভতি আহে  সেয়েহে হাতত সাৰে বুকুত সাৰে মাহ-হালধীৰে ধ...

বনভোজৰ মালিতা

 বনভোজৰ মালিতা              (১) কহুৱাবনবোৰে হালি-জালি বনভোজৰ দৰ্শকলৈ চাই ৰৈছে  ধূলি-মাকতিবোৰ আহি কহুৱাৰ ৰং সলনি কৰিছে  চহৰৰ একোণৰ পৰা অনা কাগজ, প্লাষ্টিক বটল, কেঁচা সাৰ দিয়া পাচলিৰ টুকুৰা টুকুৰ বোৰ এৰি থৈ গৈছে  কোনোবাই একোণতে জ্বলাই গৈছে         (২) নদীখনত উটাই দিছে জাহি-জাবৰ নদীখনে সোঁতে সোঁতে লৈ গৈছে  কোনোবা ঘাটত কলীগায়ে সেই পানীকে চেলেকিছে  কলীয়ে কি জানে ক'ৰ পৰা কি ৰং সানি-পুতুকি পানী এইখিনি পাইছেহি            (৩) মানুহবোৰ যন্ত্ৰ হৈ গৈছে  দিনক দিনে কথাবোৰ পাহৰিবলৈ আৰম্ভ কৰিছে  আবেগ, অনুভূতিৰ অভিব্যক্তি নোহোৱা হৈছে  সস্তীয়া প্ৰশংসাত বুৰিবলৈ হাবিয়াস কৰিছে নদী আৰু কহুৱা একে আছে  কহুৱাই সোণ বৰণীয়া হাঁহিৰে হালিছে-জালিছে নদীখনে সভ্যতাৰ পিছত সভ্যতা সোঁত দিছে           (৪) জাকে জাকে আহিব  বনভোজ পাতিব মাছে-মঙহে খাব  মদে-পানী খাব  ওভতগোৰে নচা এচামে  উচ্চস্বৰত গান-বাজনা দিব ডালে ডালে কপৌ,শগুণৰ কথা কোনে...