Posts

Showing posts from October, 2024

Workshop

Image
 Workshop on  Reading Medieval Assamese Manuscripts 'মধ্যযুগৰ অসমীয়া পাণ্ডুলিপি (সাঁচিপাত) পঠন' শীৰ্ষক তিনিদিনীয়াকৈ কৰ্মশালা ডিব্ৰুগড় বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগত ২৮-১০-২০২৪-৩০-১০-২০২৪ তাৰিখলৈ অনুষ্ঠিত হৈ যায়। সমল ব্যক্তি হিচাবে উপস্থিত আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক শ্ৰদ্ধাৰ ড° সঞ্জীৱ পল ডেকা আৰু তেওঁৰ সহধৰ্মিণী শ্ৰদ্ধাৰ ৰাজতৰংগিনী বাইদেউ। অলেখ কষ্ট স্বীকাৰ কৰি অসমৰ বিভিন্ন সত্ৰলৈ নিজে গৈ চাই কৰি তাৰ পৰা সমল আহৰণ কৰি অধ্যয়ন গৱেষণাৰ ন ন তথ্য গভীৰ দৃষ্টিভংগীৰে কৰ্মশালাখনিত তথ্যখিনি দাঙি ধৰিছিল। বুৰঞ্জী বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী, অসমৰ পুৰাতত্ব বিভাগৰ উচ্চপদস্থ বিষয়া, গৱেষক, প্ৰকল্প বিষয়ক গৱেষণাৰ সৈতে জড়িত ব্যক্তি, ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল আৰু অসমীয়া বিভাগৰ চাৰিজন গৱেষকেও এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰাচীন আৰু আধুনিক অসমীয়া লিপিৰ আখৰৰ সৈতে তুলনামূলকভাৱে জড়িত দিশখিনি স্পষ্ট কৰিছিল। সাঁচিপাত, বুৰঞ্জীৰ পাণ্ডুলিপি, অসমীয়া ভাষাৰ আইডেনটিটি, বাংলা ভাষাৰ প্ৰসংগ, ধ্ৰুপদী প্ৰসংগ সেই সময়ৰ ৰজা-মহাৰাজা, তেওঁলোকৰ ৰাজত্বকালৰ সময়-চন,পুথি,ব...

মনৰ কথা

 মনৰ কথা সৃষ্টিশীল ৰচনাৰ বাবে ওচৰৰ পৰা ঘটনা প্ৰত্যক্ষ কৰিবলৈ কিমান সাহসৰ প্ৰয়োজন সেয়া অনুধাৱন কৰিব পাৰিব লাগিব... পৃথিৱীৰ প্ৰত্যেক মানুহৰ অন্তৰাত্মাত একো একোজন কথক উহ্য হৈ থাকে

Introduction to Nogen saikia sir me

 "সি ৰাজেন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক,চাৰি পাঁচখনমান গ্ৰন্থ ৰচনা কৰিছে,ভাল ল'ৰা,আমাৰ ৰচনাৱলীৰ পঞ্চম খণ্ডৰ কামত সহায় কৰি আছে। সত্যকামৰ আণ্ডাৰত গৱেষণা কৰি আছে"। ড° নগেন শইকীয়া ছাৰে পৰিচয় দি দিছে,২৬-১০-২০২৪

বাট

 সকলোৱে এটা বাটকে বিচাৰি থাকে  ময়ো কোনো নতুন বাট বিচৰা নাই  সেই বাটকে বিচাৰি থাকোঁ  মাত্ৰ বিচাৰি থাকোঁ যি বাটত এক দেৱ এক সেৱা এক বিনে নাহি কেৱ' বিশেষ কোনো নাই জাতিৰ কথা নাই ধৰ্মৰ কথা নাই বৰ্ণ ৰ কথা নাই মাথোঁ একতা সম্প্ৰীতি  আৰু সংহতি এই বাট উজু নহয় মই জানো  তথাপি মোক সেই বাটহে লাগে  য'ত মই তেজ-মঙহৰ মানুহক লগ পাম  য'ত মই 'শংকৰে সিচে নামৰ কঠিয়া... সুৰৰে চৌপাশ মুখৰিত হোৱা দেখা পাম 

অসমীয়া কবিতাত ইতিহাস পুন:ৰ্নিমাণ ৰ ফেচবুক পোষ্ট

 https://www.facebook.com/100075883615215/posts/pfbid03CnaU2CRKXm9W95HiWqPSxErhLqhSinkj2ymDM6eKLbjwecp6mgtwBefkV8RF3cKl/?app=fbl তোমাৰ গ্ৰন্থ সম্পাদনা ভাল হৈছে ।দেৰগাঁৱৰ লেখক লেখিকাৰ গ্ৰন্থখনে তোমাৰ উৎকৃষ্ট চিন্তন মননৰ পৰিছয় দিলে ।তোমাক ধন্যবাদ ।-সুৰেন্দ্ৰ মোহন হাজৰিকা,১৯-১১-২০২৪

গৱেষক

 তোমাৰ দৰে গৱেষক পোৱা টান, বহু গৱেষক দেখিছোঁ, কিন্তু তুমি ইমান সৰুতে ইমান কাম কৰিছা,ভাল লাগিছে -অৰিন্দম শইকীয়া,১৯-১০-২০২৪

অসমীয়া কবিতাত ইতিহাস পুন নিৰ্মাণ বেটুপাত মন্তব্য

 অসমীয়া কবিতাত ইতিহাস পুন নিৰ্মাণ গ্ৰন্থখনৰ বেটুপাত সুন্দৰ হৈছে। ড° সিদ্ধাৰ্থ গোস্বামী, অধ্যাপক বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়,১৮-১০-২০২৪

নূপুৰ মোমাইদেউ

 ত্ৰৈলোক্য ভট্টাচাৰ্য্য  ছাৰৰ কবিতা(নুপূৰ মোমাইদেউ) ১৮৬১,চনৰ ১৮ অক্টোবৰ তাৰিখে ইতিহাস প্ৰসিদ্ধ ফুলগুৰি বিদ্ৰোহ হৈছিল। ব্ৰিটিছসকলৰ বিৰুদ্ধে জাতি ধৰ্ম বৰ্ণ,সাতোৰজা,পাঁচোৰজা সকলো মিলি ওলাই আহিছিল। শ্ৰদ্ধাৰে সেনানীসকললৈ প্ৰণাম জনাইছোঁ।

ভানুৰাম পেগুৰ নাট্যসম্ভাৰ

জুখি থকা কথা

 জুখি থকা কথা তুলাচনীৰে সুখ জোখাত মই পাকৈত নহয়  কথা জোখাতহে পাকৈত বুলি কোৱাকুই কৰে সেয়ে মই লেবাকথা চুবাই গিলি লওঁ সেকাখিনি   ৰেপি ৰেপি চেপি চেপি বিচাৰি থাকোঁ মোৰ অৰ্দ্ধাকাশৰ নভোমণ্ডল  পপীয়াতৰা খহি পৰে বুলি বৰ বিশেষ আশা নাই বাবে   ধঁপাত-চাধা লগাই থুৰিয়াই লওঁ দুখনমান খনীয়া তামোল মূৰত পাগুৰিয়াই ৰখাব বিচাৰোঁ ৰান্ধনীবেলিৰ এবেগেতীয়া উশাহটো... ৰাজেন দাস  ১৫-১০-২০২৪

আইতালৈ

 অলপ প্ৰেম বিষয়ক  ব'লা ঘড়ীৰ কাটা গৈ আছে  আমিও গৈ থাকোঁ  কিন্তু মোকটো শিকলি লগাই থোৱা আছে  ক'ত শিকলি লগাই থৈছে  জোঙা শিলৰ শেলুৱৈত ভৰি থৈ চোৱাচোন  বেলি লহিয়াওঁতে  জাক পাতি পাতি গৰু বাটৰ ৰাঙলী কাজলী ৰঙা মুগাক মন কৰিছা ৰ'বা আতচী কাছখন মোহাৰি দিওঁ  নহ'লে ধানৰ পাতে কটা চকঙহাল পানী এজোলোকা খুৱাই দিওঁ  বাৰু শেঁতাপৰা ওঁঠৰ বিপৰীতে কি ৰঙৰ তিল আছিল নো  কাৰ তোমাৰ আইতাৰাৰ  ক'লা ৰঙৰ  তোমাৰ হাতত তুলসী পাতটো মোহাৰ খালে নেকি  কি কথা কোৱা  পৰম শক্তিৰ সেইটো  কেনেকৈ নোহোৱা হৈ যাব পাৰে  নোৱাৰে  নহ'ব  নাই  হ'ব নোৱাৰে (পপন আইতালৈ আগবঢ়ালোঁ)

নগেন শইকীয়া ছাৰৰ কথা

 একাগ্ৰতা, পৰিশ্ৰম আৰু প্ৰখৰ চেতনা থাকিলে যিকোনো মানুহে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। ড° নগেন শইকীয়া ছাৰ,১৪-১০-২০২৪

বাহঁৰ পাতে কাটেনে গা

 বহি লৈছোঁ দুডাল বাঁহৰ চাৰিডলীয়া খুঁটাৰ ছাংখনত শুকান বাহঁৰ পাত পৰি পানীখিনিত সৌন্দৰ্যময় হোৱা দেখিলোঁ  ভাবিলোঁ ভিতৰলৈ জুমি চাওঁ চেলাপতি জোকহৈ চাই দেখিলোঁ কি মসৃণ এখন পৃথিৱী সকলো স্বাধীন  সকলো কাৰোৰে অধীন নহয়  পোক-পতঙ্গ,মাছ-কাছ, পুনি-মেটেকা সকলোকে লগ পাইছোঁ  সকলোকে মন‌ কৰিছোঁ  সকলোৰে এখন বিচিত্ৰ পৃথিৱী কোনো যান্ত্ৰিকতা নাই  কোনো যান্ত্ৰিকতাৰ বিজুতি নাই  বিজুতি হ'বলৈ দুৰ্যোগো নাই হিংসা-দ্বেষৰ প্ৰশ্ন নাই চিঞৰ নাই ভাত লাগে বুলি ক'বলৈ হাঁহি দিয়া নাই ভেঙুচালি কৰিবলৈ মাটি বিচৰা নাই দখলীস্বত্ব ল'বলৈ মাথোঁ জীৱন জীয়াইছে... লালুকীৰ পৰা ভেকুলীলৈ, ভেকুলীৰ পৰা মাজলৈ,মাছৰ পৰা সৰীসৃপলৈ সকলোৱে পাতল তৰপ এটা পিন্ধি লৈছে  ইকোণৰ পৰা সিকোণলৈ ঘূৰিছে পকিছে  প্ৰয়োজনত ঘাঁহ বন আজুৰিছে কেতিয়াও ক'ব লগা হোৱা নাই  মই ওখ তুমি চাপৰ  মই চাপৰ তুমি ওখ মই ধনী তুমি দুখীয়া  মই বগা তুমি ক'লা  মই লেখক তুমি ঘোষক মই নৰখাদক তুমি সৰ্ব নাশক এদিন এনেকুৱা জীৱন এটা বিচাৰি  ময়ো নিজক ছাঁইৰ সৈতে মিলাই ল'লো আৰু এতিয়া মোৰ অস্তিত্ব কেৱল  পানী আৰু  ...

বন্ধু

  বন্ধু                      (১) বৰ কষ্ট হয় কবিতাৰ জন্ম (নিৰ্মাণ)দিবলৈ  বহুত ভাবি ভাবি বহি থাকোঁ এঙাৰবৰণীয়া আকাশৰ তলত আকাশখন গোমা যেন লগা যদিও নীলাচলীয়া চাদৰ মই উভতিছোঁ ৰাস্তাৰ নিৰ্দিষ্ট নিয়মৰ গতি-বিধিৰে বিমূৰ্ত আকাশখন লগে লগে আহি আছে                     (২) হঠাৎ ক'লা ৰঙৰ কুকুৰ এটাক বিপৰীত দিশৰ গাড়ীখনে আঘাত দি গুচি গৈছে  চকু চাট মৰা মোৰ হৃদয় ক্ৰন্দসী জাগ্ৰত হৈ পৰিল  যেন ক্ৰৌঞ্চপখীক ব্যাধে কৰা আঘাতৰ পিছত বাল্মিকীৰ অৱস্থা                     (৩) চকুৰে সৰিয়হ ফুল দেখা কুকুৰটোক বাৰে বাৰে  বচোৱাৰ আপ্ৰাণ চেষ্টা কৰিছোঁ  উপায় পোৱা নাই চকুৰ আগতে থাকিও একোকে কৰিব পৰা নাই  নাই যে নাই ফুটাকড়িও নাই  এতিয়া কি কৰা যায়                     (৪) ৰাতিটো  শুব পাৰিছোঁনে  খাব পাৰিছোঁনে আকাশখন নিচূপ হৈ আছিল,চিকমিকাই আছিল তৰাবোৰ কুকুৰটোৱে কান্দিয...

পিক

 পিক  গৈ থাকক আপুনি আপোনাৰ বাটে  ময়ো মোৰ বাটে  বাটৰ চৌদিশে মনোমোহা সেউজীয়া  সেউজীয়াই কিবা আহুকাল কৰিছে  কৰা নাই  তেনে তোমাৰ বাহনৰ ঠিক কাষৰৰ পৰা বায়ুত কি পেলালা  মানে  মুখৰ লেলাউটিৰ সৈতে ক'ত বীজাণু গৈ পৰিৱেশত পৰিছেনে  পৰিছে  ডাষ্টবীণটো সৌটো দেখিছা  দেখিছোঁ  পলিথিন বেগ জাহি-জাবৰ গেলা-পচাবোৰ সেই শকত ক'লা হিন্দীৱালা দাদাই চাফ কৰি আছে দেখিছা  অ' কি ৰহ পকী দলংখন চা কি বিতোপন  তাতে কি হ'ল  ৰ'দ বতাহ বৰষুণ সহ্য কৰি গঢ়িছে পিটি সাজিছে  পইচা পাইছে  ঠিকাদাৰ, ইঞ্জিনিয়াৰো আছে  আছে  গাড়ীখনৰ গতি মন্থৰ হ'বলৈ ধৰে  গৈ থাকা  পদযাত্ৰা কৰা,চাইকেল কৰি অহা ঠেলা, ৰিক্সা চলাই অহা মানুহবোৰ চা ৰাস্তাৰ দাঁতি-কাষৰীয়ালৈ চা বানত কোব খাই জুপুৰীত বাস কৰিছে চা তোৰ বাপেৰৰ ধনে গাড়ী চলাইছ  মোৰ কি আহে যায়  কিন্তু  মানুহবোৰ মৰিলে ঘূৰাই দি চা নে বুদ্ধদেৱৰ কাহিনী পঢ়ি চা পৰিৱেশ ধ্বংস কৰি ঘূৰাই আনি চা এবাৰোটো ভাবি চা কি খালো-বালো খোলা কাটি তাল জয় হৰি বোল  জয় ৰাম বোল  ৰাতি বোলে সাতহাল...

Reconstruction in Assamese poem

 https://www.facebook.com/100087352053366/posts/pfbid02Hj1F3qP4r1fdsjm4yFZwVadLXzjHgPkvGZGa4NDcDViB22QapWfPZUK6eLc4yBtul/?app=fbl