Workshop
Workshop on Reading Medieval Assamese Manuscripts 'মধ্যযুগৰ অসমীয়া পাণ্ডুলিপি (সাঁচিপাত) পঠন' শীৰ্ষক তিনিদিনীয়াকৈ কৰ্মশালা ডিব্ৰুগড় বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগত ২৮-১০-২০২৪-৩০-১০-২০২৪ তাৰিখলৈ অনুষ্ঠিত হৈ যায়। সমল ব্যক্তি হিচাবে উপস্থিত আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক শ্ৰদ্ধাৰ ড° সঞ্জীৱ পল ডেকা আৰু তেওঁৰ সহধৰ্মিণী শ্ৰদ্ধাৰ ৰাজতৰংগিনী বাইদেউ। অলেখ কষ্ট স্বীকাৰ কৰি অসমৰ বিভিন্ন সত্ৰলৈ নিজে গৈ চাই কৰি তাৰ পৰা সমল আহৰণ কৰি অধ্যয়ন গৱেষণাৰ ন ন তথ্য গভীৰ দৃষ্টিভংগীৰে কৰ্মশালাখনিত তথ্যখিনি দাঙি ধৰিছিল। বুৰঞ্জী বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী, অসমৰ পুৰাতত্ব বিভাগৰ উচ্চপদস্থ বিষয়া, গৱেষক, প্ৰকল্প বিষয়ক গৱেষণাৰ সৈতে জড়িত ব্যক্তি, ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল আৰু অসমীয়া বিভাগৰ চাৰিজন গৱেষকেও এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰাচীন আৰু আধুনিক অসমীয়া লিপিৰ আখৰৰ সৈতে তুলনামূলকভাৱে জড়িত দিশখিনি স্পষ্ট কৰিছিল। সাঁচিপাত, বুৰঞ্জীৰ পাণ্ডুলিপি, অসমীয়া ভাষাৰ আইডেনটিটি, বাংলা ভাষাৰ প্ৰসংগ, ধ্ৰুপদী প্ৰসংগ সেই সময়ৰ ৰজা-মহাৰাজা, তেওঁলোকৰ ৰাজত্বকালৰ সময়-চন,পুথি,ব...