Posts

Showing posts from March, 2025

পলাশ

 পাহে পাহে আহে পলাশীৰ বতাহ  ক'ব নোৱাৰোঁ নঙলাত কেতিয়া পৰে চিলমিলকৈ  জানো মাথোঁ আহে পলাশ  আহি থাকে পলাশ  সানি যায় ৰঙৰ ৰং  ৰঙীয়াল ৰং ৰংমনৰ ৰং

মিথ্যাচাৰ

 সঁচা ভালপোৱাৰ মাজত বছৰ বছৰ ধৰি কবিতা গঢ়িব নোৱাৰিলোঁ  মাথোঁ কবিতাৰ নামত নিজক সদায় মিথ্যাচাৰৰ পৃথিৱীত নিক্ষেপ কৰিলোঁ এতিয়া ভাবি আছোঁ মিথ্যাচাৰে কবিতাক কিদৰে প্ৰত্যাহ্বান জনাব 

সংহিতালৈ

 জোনাকৰ বাটেৰে বান্ধৱীৰ খোজ  বিপ্লৱী ফাগুণে জঁট লগাই ভৰিৰ খোজ সেমেকাই থাকে  গাৰ গৰজ পৰেনো ভৰিৰ গোৰোহা চাই অভিমান জুখিব  জোনাকৰ বাটটো ইমান মসৃণ নহয়  এইবুলি ময়ো ফাগুনৰ নীলাচলীয়া টিনপাতত পৰি থকা চপচপীয়া বৰষুণকো কৈ আহিলোঁ  তেতিয়ালৈ লেকেচিতকৈ ডাঙৰ পাবৰ মোকাল বাঁহেৰে দিয়া জপনাখন বন্ধ থাকিব পাৰে  তথাপি জোনাকৰ বাটেৰে সেউজীয়া গছৰ পৰা পৰি ৰোৱা টোপালবোৰ ভৰিৰ আঙুলিত ভিৰ কৰিবলৈ দিবও নোৱাৰি  এতিয়া আকৌ বিপ্লৱী ফাগুণৰ পৰা এচুলিমান নিয়ৰ ধাৰে লৈ ৰিবৰিবক আবোৰ দিব লাগিব.... সম্পাদনা অংশ জোনাকৰ বাটেৰে খোজ  বিপ্লৱী ফাগুণে জঁট লগাই ভৰিৰ খোজ সেমেকাই থাকে  কাৰ গৰজ পৰেনো  ভৰিৰ গোৰোহা চাই অভিমান জুখিব  জোনাকৰ বাটটো ইমান মসৃণ নহয় আভুৱা ভাৰি থাকিবলৈ  এইবুলি ময়ো ফাগুনৰ নীলাচলীয়া টিনপাতত পৰি থকা চপচপীয়া বৰষুণকো কৈ আহিলোঁ  ডাৱৰৰ প্ৰত্যাহ্বান সীমিত সংখ্যক আছিল  তেতিয়ালৈ লেকেচিতকৈ ডাঙৰ পাবৰ মোকাল বাঁহেৰে দিয়া জপনাখন বন্ধ আছিল  কলপাতত বৰষুণৰ মেল বহি আছিল তথাপি জোনাকৰ বাটেৰে সেউজীয়া গছৰ পৰা পৰি ৰোৱা টোপালবোৰ ভৰিৰ আঙুলিত ভিৰ কৰি...

৮-৩-২০২৫

 নৰ নাৰায়ণ  নাৰী নাৰায়ণী  মুক্তিৰ আজি শত বাট  হৃদয়ত বোজা ল'ব সোপান  চাই থাকিম আইলৈ  ৰৈ থাকিম বাইলৈ  গৈ থাকিম আইৰ চাদৰ আঁচলত ধৰি ধৰি  কতদূৰ হ'লেও মোৰ কিয় এনে লাগে  পৃথিৱীৰ শ্ৰেষ্ঠতম সময় যেন এয়া  ৰূধিব পৰা নাযায়  মচিব পৰা নাযায়  কাটিব পৰা নাযায়  মাথোঁ হৃদয়ত বিগলিত পৌনপুনিকতাৰ আসন পাতিব পাৰি সত্যশিৱসুন্দৰ হৈ....

উপন্যাসখনৰ চৰিত্ৰ,নিতিশ

 নিতিশ দাদা জেৰস্ক কৰি ৰাখিব। বৌঠ চাইজ। তিনিটাকে কপি। স্টেপলাৰ মাৰি চেলুটেপ দি দিব। হৈ যাব। খাটাত লিখি যাব। মই আকৌ পাহৰি থাকোঁ।‌ চিন্তা নকৰিবা। মই লিখিম। আগেয়ে কামখিনি কৰি লোৱা। তাৰপিছত দেখা যাব। আন্তৰিক ধন্যবাদ দাদা। হ'ব। যোৱা। ঠিক আছে দাদা। বৰ কোমলকৈ কয়। পইচাৰ বাবে চিন্তা কৰিবলৈ মনা কৰে। পকেটত লালনিয়া নাথাকিলেও সমস্যা নাই। এনেদৰে দাদাই আমাক বছৰ বছৰ ধৰি সহায় কৰি আহিছোঁ। আমি একেবাৰে মুঠ কৰি দি দিওঁ। অ'। ব্যৱসায় কেনেকৈ চলিব। চলিব। মই আৰু দুজনমানে এনে কৰোঁ। প্ৰায়খিনিৰ নগদ ন অনা বাকীত বাৰঅনা চলি থাকে। দাদাই বুলিহে সেইটো সুবিধা দিয়ে। আনেও দিব। খুব কমেইহে ওলাব। ঘৰৰ পৰা দূৰৈত থাকোঁ। বিশ্বাসৰ হৃদয় এখন লাগে। সেইখন হৃদয়ক বিশ্বাসত ল'ব পৰা মানুহো লাগিব। বিশ্বাসেই আদিমূল। বিশ্বাসে মিলয় হৰি।

থাইলেণ্ডৰ গাভৰু

 অসমৰ বিহুৱে বলিয়া কৰে থাইলেণ্ডৰ গাভৰু  ৰংচঙীয়া মনবোৰৰ এটা দীঘল বাট আছে  নদীপৰ্যটৰ বিজ্ঞানৰ বাবে আহিছিল গাভৰুজনী  ৰূপে ৰঙে মন প্ৰাণে মাজুলীৰ প্ৰেমত পৰি এতিয়া বিচাৰি আছে অতীত  এদিন মাজুলীৰ অলিয়ে গলিয়ে ঢপলিয়াই  নদীৰ সোঁত দেখি ভয়াৰ্ত হৈছিল কেঁচাকলিজা  তথাপিও জিজ্ঞাসা এৰি দিয়া নাছিল  সত্ৰৰ নাম প্ৰসংগ,ডবাকোব  ৰাসোৎসৱে কানাইৰ বাঁহীয়ে,ৰাধাৰ লয়লাসে বলিয়া কৰিছিল তাইক তাইহে জানে এভঁৰাল মানুহৰ ইমান মৰম ইমান শুশ্ৰূষাত তবধ মানিছিল  কিয় এনে হৈছিল তাইৰ  তায়ো এদিন বিলীন হৈছিল  কাৰণ পৃথিৱীৰ সকলো মানুহ একে  ভাষাহে সুকীয়া  অনুভূতি একেই.... ২-৩-২০২৫ 

নীলাক্ষীলৈ

 https://www.axomkabyakanan.com/2025/03/blog-post.html