আজি ইংৰাজী ১৮-০৯-২০২৫ তাৰিখে ডিব্ৰুগড়স্থিত মনোহাৰি কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত "ঔপনিৱেশিক কালপৰিধিৰ জীৱন-লেখা:বিষয় আৰু ৰূপ বৈভৱ" শীৰ্ষক এটি বক্তৃতা অনুষ্ঠিত কৰা হয়। বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা ডীন মানৱিকীবিদ্যা আইন অনুষদৰ গুৰু ড° জয়ন্ত কুমাৰ বৰা। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° পূণ্যপ্ৰভা বৰুৱাই আঁতধৰা বক্তৃতা অনুষ্ঠানটিত মহাবিদ্যালয়খনিৰ অধ্যক্ষ ড° অনুপজ্যোতি ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে মূল বক্তৃতা আৰম্ভ হয়। বক্তৃতাত ড° বৰাই ঔপনিৱেশিক সময়ছোৱাৰ জীৱন-লেখা(Life -writing)ৰ গৱেষণামূলক দৃষ্টি ভংগীৰে উপস্থাপন কৰে। জীৱনী, আত্মজীৱনীৰ ধাৰণা স্পষ্ট কৰা বক্তৃতাত ভ্ৰমণ কাহিনীকো বিধাকো সামৰি লয় । ঊনবিংশ শতিকাৰ ধৰ্ম,সমাজ, ৰাজনীতি, অৰ্থনৈতিক আৰু সমসাময়িক সমাজ সংস্কৃতিৰো প্ৰসংগৰ উপস্থাপন কৰে। অসমৰ বুৰঞ্জী,আহোম ৰাজত্ব, স্বৰ্গদেউসকলৰ ৰাজত্বকাল,জয়মতীৰ প্ৰসংগ, ঔপনিৱেশিক কালপৰিধিৰ দিশ, ইয়াণ্ডাবু সন্ধি,মহাৰাণী ভিক্টোৰিয়াৰ প্ৰসংগ, মিছন প্ৰেছ,চিপাহী বিদ্ৰোহৰ প্ৰসংগ বক্তৃ...