গল্প ২০২৬
১০ টাকা (১) আমাৰ টিকট বুকিং বাছখন ৰাখিছে। প্ৰিয়াংশু ৰেষ্টুৰেন্ট ৰ কাষৰৰ হোটেল খনত। দৰং এইবাৰ ধৰি সখা মোৰ দ্বিতীয় যাত্ৰা। সাক্ষাৎকাৰ আৰু মোৰ পিএইচডি গবেষণাৰ তথ্য সংগ্ৰহ কৰিবলৈ অহা-যোৱা। তেতিয়া দৰঙৰ ভূষণছাৰৰ ঘৰৰ মানুহৰ আতিথ্যই মুগ্ধ কৰিছিল। তাতোকৈ মুগ্ধ কৰিছিল-'তুমি আহা সকলো যা-যোগাৰ মই কৰি দিম। লগত গৈ দিম। মানুহৰ সৈতে যোগসূত্ৰ স্থাপন কৰি দিম '। কোনোদিনে চিনি নোপোৱা দেখি নোপোৱা মানুহৰ বাবে ই বুকুত লৈ ফুৰিবলগীয়া কথা ।২৭ ডিচেম্বৰ,২০২৩। নতুন বছৰ পিৰালিত। গাড়ীখন ৰখোৱাৰ লগে লগে চানা বাদাম কমলা বুলি চিঞৰি উঠা শুনা নাযায়। নহ'লে কেঁচা চানা,বাদাম, লগত নেমু ৰস,কেঁচা জলকীয়া, কেচাঁ নিমখো দিয়ে। পানী দিবলৈ কেইবাজনো আহি যায়। ঘৰখন তেনেকৈ কৰি চলাই আছে। চোৰ,দগাবাজ কৰা নাই নহয়। কৰ্ম কৰি খাইছে। কামত কি সৰু বৰ আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংটনেই এনে দিশটো গুৰুত্বপূৰ্ণকৈ কৈ দেখুওৱাই গৈছে। কিয়নো সন্ধিয়াৰ লগে লগে এইখন বজাৰ সামৰে। ইয়াতেই আকৌ তৃতীয় লিংগৰ বা বোৰ আহি ১০ টাকা দি এনেকৈ কয়। টাকাটো পাই যোৱাৰ লগে লগে মূৰত হাতখন ৰাখি আশীৰ্বাদ এজোলোকা দি...