Posts

Showing posts from December, 2023

গল্প ২০২৬

১০‌ টাকা               (১) আমাৰ টিকট বুকিং বাছখন ৰাখিছে। প্ৰিয়াংশু ৰেষ্টুৰেন্ট ৰ কাষৰৰ হোটেল খনত। দৰং এইবাৰ ধৰি সখা মোৰ দ্বিতীয় যাত্ৰা। সাক্ষাৎকাৰ আৰু মোৰ পিএইচডি গবেষণাৰ তথ্য সংগ্ৰহ কৰিবলৈ অহা-যোৱা। তেতিয়া দৰঙৰ ভূষণছাৰৰ ঘৰৰ মানুহৰ আতিথ্যই মুগ্ধ কৰিছিল। তাতোকৈ মুগ্ধ কৰিছিল-'তুমি আহা সকলো যা-যোগাৰ মই কৰি দিম। লগত গৈ দিম। মানুহৰ সৈতে যোগসূত্ৰ স্থাপন কৰি দিম '। কোনোদিনে চিনি নোপোৱা দেখি নোপোৱা মানুহৰ বাবে ই বুকুত লৈ ফুৰিবলগীয়া কথা ।২৭ ডিচেম্বৰ,২০২৩। নতুন বছৰ পিৰালিত। গাড়ীখন ৰখোৱাৰ লগে লগে চানা বাদাম কমলা বুলি চিঞৰি উঠা শুনা নাযায়। নহ'লে কেঁচা চানা,বাদাম, লগত নেমু ৰস,কেঁচা জলকীয়া, কেচাঁ নিমখো দিয়ে। পানী দিবলৈ কেইবাজনো আহি যায়। ঘৰখন তেনেকৈ কৰি চলাই আছে। চোৰ,দগাবাজ কৰা নাই নহয়। কৰ্ম কৰি খাইছে। কামত কি সৰু বৰ আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংটনেই এনে দিশটো গুৰুত্বপূৰ্ণকৈ কৈ দেখুওৱাই গৈছে। কিয়নো সন্ধিয়াৰ লগে লগে এইখন বজাৰ সামৰে। ইয়াতেই আকৌ তৃতীয় লিংগৰ বা বোৰ আহি ১০‌ টাকা দি এনেকৈ কয়। টাকাটো পাই যোৱাৰ লগে লগে মূৰত হাতখন ৰাখি আশীৰ্বাদ এজোলোকা দি...

মনৰ কথা

  মনৰ কথা-০১ মোৰ কিয় হৈ থাকে নাজানো। কেতিয়াবা মন বেয়া। কেতিয়াবা ভাল। কেতিয়াবা নতুন বিশ্ববিদ্যালয়ৰ প্ৰফেছাৰ হ'বলৈ মন গৈ থাকে। যোগ্যতা আছে নে? নম্বৰ এগালো নাই। চাকৰি পাবলৈ বৰ কষ্টৰে পিএইছডি কৰিবলৈ আহিছোঁ। মাজে মাজে দুই এখন কিতাপৰ কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। কিমান দূৰ সফল হও নাজানো। তেৰাৰ ওপৰত। ঘৰৰ সাহস চোনাৰ সাহস মূলধন। চোনাক কেতিয়া যে সুন্দৰ খবৰটো দিবগৈ পাৰোঁ। মহাচিন্তা। কোনে বুজিব। পাখি অনুসাৰে পখী উৰিব লাগে বুলি কথাষাৰ ককাহঁতে কথাৰ মাজত পাতি থাকোঁতে মনত ৰৈ গৈছিল। কি ৰৈছিল নাজানো। তাৰ মৰ্মাৰ্থও বিচাৰি হাবাথুৰি খোৱা নাই। মনৰ কথা-০২ মোৰ বিয়া কৰোৱাৰ বয়স হৈছে আৰু।‌ ঘৰৰ মানুহে নভবা নহয়। ছোৱালী মানে অকমান ছোৱালী। কিবা এটা চাকৰি যোগাৰ কৰিব পৰা নাই বাবে আগবাঢ়িব পৰা নাই। তায়ো জানে। ময়ো জানো। এটা দশক পাৰ হৈ গৈছে। কষ্ট কৰিয়েই আছোঁ। তায়ো কষ্ট কৰিবলগীয়া হৈছে।‌ মই ভৱিষ্যতেৰ বাবে চিন্তাত আছোঁ।‌ বৰ‌‌ কষ্ট কৰি এইখিনি পাইছোহি। তাই জানে।‌ সেইবাবে আগবঢ়ায় নি আছে। ঈশ্বৰে আমাক চকু মেলি চাব।‌ মোৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছে। নিৰূপায় নকৰে। কেনেবাকৈ পথ দেখুৱায় নিব।‌ সেই আশাতে বন্দী।‌ ভা...

পৰীক্ষা দিউতি দিয়া অভিজ্ঞতা

 পৰীক্ষা দিউতি দিয়া অভিজ্ঞতা -1 চাৰ বাইদেউৱে অৰিয়েন্টশ্যন প্ৰগ্ৰেম কৰিছিল। আমাক শিকাই বুজাই দিছে। প্ৰথম আৰু তৃতীয় সান্মাষিকৰ পৰীক্ষা দিউতি দিওঁতে কিমান সতৰ্ক হ'ব লাগিব। আমি গৱেষক ছাত্ৰ সকল উপকৃত হৈছোঁ। তাৰেই আজি প্ৰতিফলন হিচাপে প্ৰথম পৰীক্ষাৰ দিউতি দি আহিছোঁ। খুব ভাল লাগিল। এটা নিৰ্দিষ্ট সময়ত সকলো উপস্থিত হৈছোঁহি। মই ৰাতিৰ পৰাই ভয়ো খাই আছোঁ। সোনকালেই সাৰ পাই গা ধুই প্ৰাৰ্থনা কৰিছোঁ। চোনা ক কৈ মেলি 11 বজাৰ পৰীক্ষাত মই 10 বজা মানতেই গৈছোঁ। ল'ৰা ছোৱালী খিনিৰ লগতে ময়ো শিকিছো। ৰোলনং উৱাইজ বহিবলৈ দিয়া হৈছিল অৰিয়েন্টশ্যন প্ৰগ্ৰেম ত ছিট মাৰি দিছোঁ যে তাত। খুব স্পষ্ট আৰু শুদ্ধকৈ মাৰি দিয়া হৈছিল। তাতেই সকলো আহিছে আমি সকলোৱে বুজাই দিছো। আমি চাৰিটা ৰ' বনাই প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। তাৰ কাষতে পৰীক্ষাৰ্থী ৰ ৰোলনং,চহী আৰু এক্সট্ৰাৰ চিৰিয়েল নম্বৰ দি দিয়া হৈছিল। বাহিৰলৈ পাঁচমিনিটৰ বাবে যাবলৈ দিয়া হৈছে। মাজতে চাহ খোৱা -বোৱা কাম সম্পন্ন হয়। চহী কৰিছোঁ। তাৰ পিছত বহী দিয়া আৰু নীতি নিৰ্দেশনা সমূহৰ মাজেদি গৈ গৈ এসময়ত পৰীক্ষা শেষ হৈছে  শচীনে জংছাগত খুওৱা ভাতমুঠি খায়েই আৰু...