সুহৃদ : এক নতুন ঐতিহাসিক পৰিক্ৰমা: কবিতা যেন মোৰ হৃদয়ত ঝংকাৰিত সুৰসমলয়। কবিতা কচৰৎ আৰু অভিজ্ঞতাৰে নিৰ্মাণ কৰা শিল্পকৰ্ম। ডিব্ৰুগড় ব্লু'চম এক্সটিকা আজি,২৪-০৫-২০২৫, সুহৃদ The Friend ৰ আড্ডাৰত আজি ব্যতিক্ৰমী অনুষ্ঠান আয়োজিত হৈছিল। চিকিৎসক, চিত্ৰশিল্পী,কবি,ক্ৰীড়া সংগঠক ডা: ৰঞ্জিত কুমাৰ বৰুৱাদেৱ আছিল অনুষ্ঠানৰ মধ্যমণি। তেওঁৰ। আভ্যন্তৰীণ মননত যেন কোমল আৰু স্পৰ্শকাতৰ কবিতা উহ্য হৈ আছে। আৰু একলা দুকলাকৈ সেয়া পোহৰমুখী হৈছে। চিকিৎসকৰ দৰে এটি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ সেৱাত মনোনিবেশ কৰিও ফটোগ্ৰাফী,কবিতা,ক্ৰীড়াৰ সৈতে এক নিকপকপীয়া সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। সক্ষম হোৱাই নহয় দক্ষতাৰ আৰু চিন্তাৰ বীজ আমালৈ উলিয়ায় দিছে। তেওঁৰ কাব্য আৰু কাব্যৰ পাঠ আৰু ব্যাখ্যা আগবঢ়াইছিল অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। মানুহ,প্ৰকৃতিচিত্ৰ, প্ৰতীক, সমসাময়িক চিত্ৰ,সমাজ-ৰাজনৈতিক, নিত্যনৈমিত্তিক বিষয় নিৰ্বাচন, ঐতিহাসিক জ্ঞান অভিজ্ঞতাৰ বহি: প্ৰকাশ আদি তেওঁৰ কবিতাৰ মাজত দেখিবলৈ পোৱা যায়। ৰঞ্জিত কুমাৰ বৰুৱাদেৱৰ সাহিত্যৰ বিধা বিশেষকৈ কাব্য সংকলন কেইখন হৈছে -গোলাপী পোহৰ (২০০৮),ক'লাজ (২০০৮), ঘৰচীয...