Posts

Showing posts from May, 2025

চন্দ্ৰমা গগৈ

 ছাৰ, ৰাজেন দায়ে ক্ষেত্ৰ অধ্যয়নৰ বাবে যাওঁতে এক চেকেণ্ডো ৰোৱা নাই।‌ কেঁচা চানা কেইটা খাওঁতেহে অলপ ৰৈছে।

সুহৃদ

 সুহৃদ : এক নতুন ঐতিহাসিক পৰিক্ৰমা: কবিতা যেন মোৰ হৃদয়ত ঝংকাৰিত সুৰসমলয়। কবিতা কচৰৎ আৰু অভিজ্ঞতাৰে নিৰ্মাণ কৰা শিল্পকৰ্ম। ডিব্ৰুগড় ব্লু'চম এক্সটিকা আজি,২৪-০৫-২০২৫, সুহৃদ The Friend ৰ আড্ডাৰত আজি ব্যতিক্ৰমী অনুষ্ঠান আয়োজিত হৈছিল। চিকিৎসক, চিত্ৰশিল্পী,কবি,ক্ৰীড়া সংগঠক ডা: ৰঞ্জিত কুমাৰ বৰুৱাদেৱ আছিল অনুষ্ঠানৰ মধ্যমণি। তেওঁৰ। আভ্যন্তৰীণ মননত যেন কোমল আৰু স্পৰ্শকাতৰ কবিতা উহ্য হৈ আছে। আৰু একলা দুকলাকৈ সেয়া পোহৰমুখী হৈছে। চিকিৎসকৰ দৰে এটি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ সেৱাত মনোনিবেশ কৰিও ফটোগ্ৰাফী,কবিতা,ক্ৰীড়াৰ সৈতে এক নিকপকপীয়া সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। সক্ষম হোৱাই নহয় দক্ষতাৰ আৰু চিন্তাৰ বীজ আমালৈ উলিয়ায় দিছে। তেওঁৰ কাব্য আৰু কাব্যৰ পাঠ আৰু ব্যাখ্যা আগবঢ়াইছিল অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। মানুহ,প্ৰকৃতিচিত্ৰ, প্ৰতীক, সমসাময়িক চিত্ৰ,সমাজ-ৰাজনৈতিক, নিত্যনৈমিত্তিক বিষয় নিৰ্বাচন, ঐতিহাসিক জ্ঞান অভিজ্ঞতাৰ বহি: প্ৰকাশ আদি তেওঁৰ কবিতাৰ মাজত দেখিবলৈ পোৱা যায়।  ৰঞ্জিত কুমাৰ বৰুৱাদেৱৰ সাহিত্যৰ বিধা বিশেষকৈ কাব্য সংকলন কেইখন হৈছে -গোলাপী পোহৰ (২০০৮),ক'লাজ (২০০৮), ঘৰচীয...

দিগন্ত দাদাৰ কথাৰে

 দিগন্ত দাদা - তই,তোৰ খৰছ হৈ যায়। মাহত। অ'। কেনেকৈ। তেনেকৈ।যেনেকৈ দহোজনে কৰে। চাউল,দাইল,মাছ-মাংস, কাপোৰ কানি,তেল নিমখ,কাৰেণ্টৰ বিল, পৰিয়ালৰ ইটো-সিটো জোৰা মৰে। নে জোৰা-টাপলি মাৰ। চলো আৰু। চা,আমাক মাহে ১৫ কৈয়ো দিয়ে। বিপদে-আপদেও দিয়ে। গিফ্টো দিয়ে। নামি-দামী। হ'ব তই পাইছ চল।‌ মই ইয়াতেই সুখী। সুখী হ'ব জানিলে। আজিৰ দিনত কম পইছাত নোৱাৰি দেই। মানুহ ইমান ভক কেনেকৈ হ'ব পাৰে। তেওঁ নুসুধেও নে? কি ওলট-পালট কৈ আছা অ। নিজৰ মতে থাকা। মই তোমাক আমনি দিয়া নাই নহয়। নহয় মানে কথাটো বাস্তৱকৈ ভাবিব লাগিব। আজিৰ দিনৰ দ্ৰব্য মূল্য আকাশ-পাতল। সেই অনুপাতে আমাৰো প্ৰাপ্য উচিত আৰু সঠিক হ'ব লাগিব। ৰহ। উশাহ সলাই ল। ভিতৰত লেকছাৰ দেগৈ যা। প্ৰফেছাৰৰ দৰে কৱ। ধন্যবাদ দিগন্ত ককাই। আপোনাৰ বাক্যই বেছ আপ্লুত কৰিছে।

হিৰণ্য গগৈ, গৱেষক

 আপুনি ইমান কাম কৰিবলৈ কেতিয়া সময় পায় ৰাজেন দা?অচিৰেই আপুনি শিক্ষাগুৰু হ'বলৈ গৈ আছে। তাৰ পিছত যে আপুনি আৰু কিমান কাম কৰিব পাৰিব, ভাবিলেই আচৰিত হওঁ।,১৬-০৫-২০২৫

দাৰুণ

 সুৰুযৰ কিৰণময়ী টোপালে  খালীকলপাতবৰণীয়া জখলাৰ দৰে লগা যেন চকা লগোৱা বেঞ্চখন তিয়াই পেলাইছিল  হৃদপিণ্ডৰ পৰা হৃদয়খনে জুমি জুমি চুমি চুমি অভিমানী হৈ পৰিছিল  তোমাৰ শীৰ্ণ ছাঁয়াৰ আৱেশিত কৰিছিল মোৰ প্ৰেমাকাশ মই তচনচ হৈ পৰিলোঁ  মই প্ৰত্যাখ্যান কৰিব নোৱাৰিলোঁ তোমাৰ অন্তৰতম আহ্বান  দুপৰ বেলাৰ পৰা সান্ধ্য বেলালৈ দাৰুণকৈ কি বিতোপন মোৰ ভৰুণ প্ৰকৃতিৰ ৰম্য কাননৰ দৰে গোটেই ৰাতি বৃষ্টিপাতৰ সুগন্ধিত তিতি থাকিলোঁ... পাৰ্থ সখালৈ  ১.১৭ মিনিট ১৫-০৫-২০২৫

চাকি

 শুভ্ৰতাৰে অসীমত আছোঁ  হৃদপিণ্ড অলিয়ে গলিয়ে আছোঁ মজিয়াভেটিত সিদিনা জ্বলাই দিলোঁহি অক্ষয়বন্তি এতিয়া মই আকাশবন্তি হৈ তোমালোকৰ শিৰাই উপশিৰাই আছোঁৱেই কিন্তু  কেনেকৈ আছোঁনো আছোঁ সনাতন সত্যম শিৱম সুন্দৰম মাটিৰ উজ্জ্বল অথচ সতেজেৰে সমুজ্জ্বল অথচ লালিত্য গঢ়েৰে অমল কমল অথবা শ্ৰাৱণিকাৰ সাম-যৰ্জু-অৰ্থৱ-ঋকৰে জগত সভালৈ গংগা বোৱাদি বৈ যাওঁ আহা হৃদয়ত তোমাক থাপি- -থুপি ব্ৰহ্মপুত্ৰ-পুত্ৰীসৱ... ৰাজেন দাস  ০৬-০৫-২০২৫

লেখা

 চাবদেই আমি সৰু সৰু মানুহ, সৰু সৰুকৈ হোৱাই নোহোৱাই লিখি থাকোঁ । শিকিবলৈ সুযোগ সন্ধানৰ বাবেই বুলি ধৰিব পাৰে। আনকো কাকূতি মিনতি কৰি লেখিবলৈ দিওঁ। পাৰিশ্ৰমিক হয়তো দিব পৰা নাই। কিন্তু গ্ৰন্থখনৰ মূল্য নোলোৱাকৈ প্ৰেৰণ কৰোঁ। এইটো কাম এইবাবেই কৰোঁ এটা লেখা প্ৰস্তুত কৰোঁতাই বৰ কষ্ট স্বীকাৰ কৰিবলগীয়া হয় সেয়া মই বুজি পাওঁ। তাতে লেখা কোনোৱে দিয়ে। কোনোৱে নিদিয়ে। সেয়া ব্যস্ততাৰ বাবেই হওক। কাম কৰিবলৈ বৰ বিশেষ উপযোগী ব্যক্তি বুলি নভবাৰ কাৰণেই হওক। কিন্তু নতুনকৈ কাম কৰিবলৈ ওলাই অহাজনক আগবঢ়াই নিয়া আপোনাৰো এটা কামেই নহয় নে?

মে' দিৱস

 শ্ৰমিকসল দেশৰ ৰাজহাড় স্বৰূপ। জীৱন চক্ৰ চলাবলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া। তেওঁলোকে পাবলগীয়া উচিত প্ৰাপ্য আৰু মৰ্যাদাক কোনেও লাঘৱ কৰিবলৈ চেষ্টা নকৰিব।