Posts

Showing posts from August, 2023

আইতা

Image
 আইতাই কয়-লোৱা নাই বেজি-বটিয়া মনত নাই এই কথা পাচলি নিজৰ মাহ-মছলাৰ নাম-গোন্ধ নাই এতিয়াও চকু-কাণ ঠিক -ঠাক নুবুজিবি নুবুজিবি বৰ তোৰ কাম কৰি যা মই চাই যাম। পাৰিলে খৰ-ধৰ কৰ...

শুভ জন্ম দিন ননী বৰপূজাৰী ছাৰ

 ক্ষমতাৰ আগ্ৰহ, Desire এইসমূহ শক্তিশালী ৰূপত তুলি ধৰা,আমাৰ সময়ৰ প্ৰখ্যাত (‍ Master 's) শিল্পী ননী বৰপূজাৰী(Abstract, Loundry share), বেণু মিশ্ৰ,নীলপৱন বৰুৱা,শোভা ব্ৰহ্ম, চন্দন বেজবৰুৱা। কেনন,ভেলু, প্ৰমূল্য এইসমূহ আমাৰ আগত স্পষ্টৰুপত থিয় কৰোৱা উল্লিখিত ব্যক্তিসকলৰ প্ৰসংগ, landscape,আত্মানুসন্ধান কৰিবলৈ সুবিধা কৰি দিয়া,ছিগমণ্ড ফ্ৰয়েড,ভৱভূতিৰ উক্তি- (কাল নিৰৱধি আৰু পৃথিৱী বিপুল), ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছবি, নন্দলাল বসু, Sister's Nebedita ,অৱনিন্দ্ৰ নাথ (ভাৰত মাতাৰ ছবি), পিকাচো,বিগ বেংক, পিকাচোৰ গ্ৰন্থ -Art without Ap..., আইনষ্টাইন, নিউটনৰ Individual Talent,এলিয়টে কোৱা-Tradition and Individual Talent,Ego painting,অহংভাব,আলয়-বিজ্ঞান, Contemporary Art ইত্যাদি বহু দিশে ননী বৰপূজাৰীৰ ছাৰৰ  জন্মদিন উপলক্ষ্যে আয়োজিত অনুষ্ঠানটো জ্যোতি খাটনিয়াৰে বহুত উপকৃত কৰিলে। ছাৰলৈ জন্ম দিনৰ বহুত শুভকামনা জনাইছোঁ।

একান্তই

এই যে তোমাক লগ পাম কথা পাতিম কাজিয়া কৰিম মৰম কৰিম এইখিনি মোৰ একান্ত স্বাধীনতা আকৌ কথাৰ মাজত ভৱিষ্যতৰ ফালে ভামিম দুয়ো ভাগৰি পৰিম আকৌ উঠি আহিম এইখিনি মোৰ একান্তই নিজা পৰিকল্পনা এদিন বুজি উঠিম জীৱনটো নতুনকৈ চাম আনক সহায় কৰিম ঈশ্বৰৰ ওচৰত হাতজোৰ কৰিম পৃথিৱীৰ মানুহক সহায় কৰক এইখিনি মোৰ নিজা সহৃদয়তা  (মোৰ পৃথিৱীৰ ৰাণী ৰেখামণি দাসলৈ শুভকামনাৰে) ইতি সোণ

খুন্দনামাৰি

 খুন্দনামাৰি আইতাৰ ওঁঠত তামোলৰ পাকনুঠা বহু দিন হ'ল খুন্দনামাৰি ভাঙি যোৱা পুৰণিয়েই হ'ল জাপি পিন্ধি তামোল ৰুই গেৰাই থোৱাতে থাকিলে বুঢ়ায়ো বাৰিখনৰ পৰা উঠিবকে নোৱাৰিলে পুত্ৰ দুটি হাইজাতযোৱা পানী খাই তিনিবেলি ঘৈনীয়েকৰো মনত পৰে ঢেঁকীকোবৰ আদহীয়া বেলি জীও দূৰৈ ঘৰৰ ঘৰ-সংসাৰী লাগ বুলিলেই আহিব নোৱাৰে কাঁচিয়লী ৰ'দ এফালি ফালি পোনাহঁত যে এমা-ডিমা ফুলকলি তামোল-কটাৰীৰ লগতে খুন্দনামাৰিৰো বয়স হ'ল মোৰো একে দশা একা চলিল,চলক উৰি যাম এদিন  এতিয়া খুন্দনামাৰিয়ে মোকে কাঢ়ে পকাচুলি  ময়ো চাই থাকোঁ খুন্দনামাৰিৰ লুতুৰি-পুতুৰি উচুপনি ৰাজেন দাস ডিব্ৰুগড় ফোন নং -‍৯১০১২২১৪৩৬