Posts

Showing posts from June, 2021

গৃহবন্দী

 গৃহবন্দী- চাৰিওফালে হুলস্থুল কোনোবাই কা' ৰ হৈ  কোনোবাই ৰাজনৈতিক পাকচক্রৰ শ্ল'গান লৈ কোনোৱে আকৌ চ'ছিয়েল মেডিয়াক সাৰথি কৰি জীৱনৰ ছন্দ বুটলিছে চা-ৰে-গা-মা-পা-ধা-নী মানৱ জীৱন স্তব্ধ লকডাউনৰ গৃহবন্দীয়ে কোঙা কৰিছে অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক ... পৰিমণ্ডল বোপা ককাৰ দিনেই ভাল আছিল তৰকাৰী ত নাছিল ভেঁজাল নদন-বদন আছিল চৌপাশ জাপে জপা জাতিকূলে এতিয়া দিনে দিনক  গোগ্ৰাসে চপাইছে নিজে নিজৰ ফালে... ৰাজেন দাস বেলগুৰি গাঁও

বিষ্ণু ৰাভা এতিয়াও সাৰে আছে

 বিষ্ণু ৰাভা এতিয়াও সাৰে আছে সাৰে আছেই ঐয়াঙে-দৈয়াঙে লুইতপৰীয়া ডেকা-ডেকেৰী বিষ্ণুৰাভা এতিয়া সাৰে আছে জনতাৰকোঁহে কোঁহে  বুভূক্ষিতৰ পানীকেঁচুৱাৰ অমিয়া নাচোনে-কান্দোনে ঐ চেনামুৱা, সোণামুৱা, ৰঙিলী,পমিলী, সোণপাহী...  গচকত ভাঙি আহ যঁতৰ নাঙলৰ শিৰলুত পুতি পেলাহি এলান্দুকলীয়া কৰ্কষ হাতোৰাৰ ভুবুৰিকা ভেঁকুৰ  তেজে তেজে শিৰে শিৰে উতল একচাহি নেৰিবি মাটি ভেটি জাতি লাগিলে ডবা ,শংখ বজাই দেখুওৱা (দ দ দোম দ দ দোম বাজে ডম্বৰু... )  আমিও বান্ধি আছোঁ তৰোৱাল নিজৰ জাপে জপা জাতিকূল সেকাপতা নেওৰাপতাতে মৰিলেও মৰিম বেহুফালি দেখুৱাম লাচিতৰ তেজৰ ফিৰিঙতি নৈপৰীয়া নৈখনে ব'ব জানে বৈ আছে উটুৱাই থাকিব শত শত উশাহ-নিশাহ বিষ্ণু ৰাভা এতিয়াও সাৰে আছে নৈখনৰ মাজত ঢৌ খেলি খেলি  চৰৈৱতী । চৰৈৱতী। চৰৈৱতী।  (কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাৰে)  ৰাজেন দাস বেলগুৰি গাঁও

সৌন্দর্য

 সৌন্দর্য অপেক্ষাৰো থাকে সৌন্দর্য থাকে উদুলি-মুদুলি পদূলি তাতে সৌ শিমলুকলাই  অকণ অকণকৈ বায়ুমণ্ডল ত ঘূৰ্ণীয়মান হৈছে ক'ৰ না ই তচনচ কৰিছে পৃথিৱীৰ জৰায়ু; এতিয়া বুজিবাই তুমি কোন মই কোন ? ? ?      ৰাজেন দাস      ১৬) ৬) ২০২১     বেলগুৰি গাঁও

জেতুকী

 জেতুকী       তুমি যেতিয়া নিজানত থাকিবা  তেতিয়া যুৰীয়া শালিকাই ক'ৰবাত ফুটকলা ফুটকলি কূটা-কুটলি বিচাৰি থাকিব   তেতিয়া আৰু ক্ৰৌচ পখীৰ ৰত্নাকৰৰ বাল্মীকিৰ গাঁথা শুনিবানে নুশুনা আম-আম-আম;ৰাম-ৰাম-ৰাম   বাৰু এতিয়া থোৱা নাকৰ নাকফুটি হাতৰ ঋতুমতী জেতুকী বোলাই আনা তোমাৰ অস্তিত্ব ফাল্গুণী ফপৌফৌৌ  শামূকীয়া নগদ অনা,  বাকীত বাৰঅনা হ'ব  বা ই তই যা মুটনি পৈয়েৰহঁত  এতিয়া বন্ধকী পটা-পহনা   সোপাকে বেছিবি নহয়   খা এতিয়া খুদকণ জহাধানৰ পিটিকা পিটিকি ভাত  নহলে যে তোৰ যাব জাত   কাচিজোনৰো দেখিছোঁ কিমান যে নিমাতী মাত   ৰাজেন দাস  ডিব্ৰুগড়  ভ্ৰাম্যভাষ-৯১০১২২১৪৩৬

অভিশপ্ত ৰাতি

অভিশপ্ত ৰাতি    কোনোবাটো কোঠাৰ পৰা মৃত্যুৰ অদ্ভূত কিৰিলি-উস! কেনেকৈ এবেহি দুবেহিকৈ উশাহ-নিশাহ লওঁ    কোনোটোৰ পৰা চিলিঙি পাংখাৰ  অহৰহ হো-হো-ৱ-নী,মেস্কৌৰ   মলমলাই থকা গোন্ধ   আস ! অল্পায়ু ম'হৰ পৰা কেনেকৈনো শুই চাঁও     মই গোটেই ৰাতিটো শুব পৰা নাই  মাজে মাজে নাম একোটা ধৰি আইচিইউৰ পৰা ৰোগীৰ নাম ধৰি বিচাৰি ফুৰে ; হয় বৰ একোটা স্পষ্ট মাত, ৰাতিয়েই  যে হাতীটোৰো বাট     কেনেকৈনো ৰোগী মৰে -হজে হজক  বুলি থৈ শুই শুই নাক ঘৰ্ঘৰাই শুইয়েই পৰোঁ     ইফালে- সিফালে ৰোগীৰ চোৱা-চিতা কৰিবলৈ অহা মানুহবোৰ টোপনি ৰাজ্যত ঢলি পৰিছে ; চিকিৎসকৰ চিকিৎসা কৃপণালিশূণ্য, পিপিইকিটো সষ্টম   কৃষ্ণ ! পৃথিৱী কোনফালে গৈ আছে ! বাতৰিবোৰটো একো ভাল খবৰ অহাই নাই, আহিবনে? ছেগাচোৰাগাকৈ  (এণ্ড্ৰয়টো বাজি উঠে-আহে বা নাহে ঘুমটি আহিবা ৰাতি, সপোনকে লৈ... )     আপাক মোৰ সংগ্ৰাম কাহিনী সত্তৰ শতাংশ শুনালোঁ ; হে প্ৰভূ দয়াময় আজি মুখ বিষালেও কৈ পাতল লাগিল বাকীখিনি ছপালৈ...     এই অভিশপ্ত ৰাতি ...