Posts

Showing posts from March, 2024

নাদব্ৰক্ষ্ম

 বজা নাই মাদল      ১.  বাজিছে বাজক দবা,শংখ জোনাকী উৰি উৰি আহে পিন্ধি পিন্ধি আহক  জোনাক ৰাতি দুভৰিত ৰুনুক জুনুক    ২. আকাশবাণী গোমগোমাই উঠা নাই, বাজি উঠা নাই মাদল নাদব্ৰক্ষ্মৰূপী চৈয়তানৰ ব্ৰুটাছৰূপী মায়াৰ কি ছাঁয়া খহিব নেকি পৃথিৱীৰ ধনঞ্জয় বায়ু     ৩. ধৰিত্ৰীৰ দাঁৰৰ বাতৰি  কেনেকৈ পঢ়ে দাঁৰে নে গাদীৰে (৪)  পঢ়িলে পঢ়ক গঢ়িলে গঢ়ক ৰাজঅট্ৰালিকা এতেকে চিটলাঙ খাই পৰিব চাব   ঠিকনা - ৰাজেন দাস  ডিব্ৰুগড় ফোন -৯১০১২২১৪৩৬

নাদব্ৰক্ষ্ম

 নাদব্ৰক্ষ্ম     ১.  বাজিছে বাজক দবা জোনাকী উৰি উৰি আহক পিন্ধি পিন্ধি আহক  জোনাক ৰাতি দুভৰিত ৰুনুক জুনুক    ২. আকাশবাণী গোমগোমাই উঠা নাই নাদব্ৰক্ষ্ম ৰূপী চৈয়তানৰ ব্ৰুটাছৰূপী মায়াৰ কি ছাঁয়া খহিব নে পৃথিৱী    ৩. ধৰিত্ৰীৰ দাঁৰৰ বাতৰি  কোনে পঢ়ে  দাঁৰে নে গদীৰে (৪)  পঢ়িলে পঢ়ক গঢ়িলে গঢ়ক ৰাজঅট্ৰালিকা চিটলাঙ খাই পৰিব চাব   ঠিকনা - ৰাজেন দাস  ডিব্ৰুগড় ফোন -৯১০১২২১৪৩৬

তুমি

 তুমি  তুমি ভালকৈ ক'লে ভাল বেয়াকৈ ক'লে মহাকাল ইয়াত যদি আহক যমকাল মই নাজানো তোমাক কি দিম সঁচা তোমাৰ পৰা বহুত কিবাকিবি লম চৰৈৱতী চৰৈৱতী 

যাত্ৰা,এক ইতিহাস

 সি যেন খোলা‌এখন কিতাপ গোটেই জীৱন পৰি আছে সি নিজৰ মতে গৈ আছে ময়ো এদিন নিজৰ মতেই আহি আছোঁ চাওঁচোন কোনখিনি সময় ইতিহাস হয়

চেলিন দিয়ন

 মই গানবোৰ শুনো ডুবি যাওঁ এখন বৃহৎ পৃথিৱীত গানটোৰ ভিতৰত নে গানে মোৰ ভিতৰত সোমাই ক'ব নোৱাৰোঁ শুনি থাকোঁ দিন প্ৰতিদিন লাহে লাহে গায়ক গান আৰু গায়কৰ বিষয়ে অলপ অলপকৈ জানিবলৈ তীব্ৰ বাসনাই মোক পেৰি থাকে 

হেমকাইৰ বিয়া

Image
 " বীৰৰ লগত বীৰেহে যুজিব পাৰে "সত্যকাম ছাৰৰ সুন্দৰ কথাষাৰ। দিনটোৰ শুভাৰম্ভ। লাহে লাহে আমি ধেমাজিৰ সৰু আজোহা গাঁৱলৈ। Susan baerny ৰ প্ৰসংগ। বাৰ্মিহাম লাইব্ৰেৰীত থকা নটা খণ্ডৰ আৱাহন ৰ সংৰক্ষিত থকাৰ কথা সখাই কয়। ছাৰে কয়-আমাৰসোপাই কাজিয়া কৰা,আক তাক মৰামৰি কৰি থাকোঁ দিন যায়। চূছান বনাৰীয়ে  Kitap likhisy assam related আজিৰ ঘটনাটো-দিগন্ত দাই চিটবেল মাৰিছে  মই মৰা নাই, অৱশ্যে গাড়ীত কমকৈ অহা-যোৱা হয় বাবে এই দিশত অপৈনত।  মোৰ গাড়ীত উঠা অভিজ্ঞতা ইমান নাইদাদাই। দায়ো কোৱা নাই মাৰি লোৱা বগীবিল ত ধৰিলে। মোৰ ফটৌ তুলিলে 1000 টকা ফাইন-এহেজাৰ টকা ফাইন, অনলাইন ত দি দিব । দিগন্ত -মই আকৌ মোৰ ছিট বেল আছে । লগত বহাজনৰো লাগে বুলি নাজানো। আমাৰছাৰ কয়-ৰাজেন অ, বেয়া লাগিছে নে its a part of life। আমাৰ গাড়ীত প্ৰথম একো নাই । হেমন্ত দাদাৰ বিয়ালৈ যোৱা সৰু ঠাইতে থাকা, কেনেকৈ থাকা সেইটো মন কৰিবলগীয়া।ইমান ৰাস্তা ত ধূলি যে গাড়ীৰ কি কালাৰ আছিল পাহৰিয়েই যাব বগীবিল দলঙৰ ওপৰেৰে আহি আছোঁ। কোঠালৈ এটা আহি আছোঁ। কমলা গুচাই খাই আছোঁ। গাড়ীৰ আগফালে এটা ক'লা পলিথিন গাড়ীৰ এটা ওপৰলৈ উৰা মাৰি আকৌ তললৈ ...

অজিত ছিংনাৰ

 জীৱনত প্ৰথমবাৰৰ বাবে গল্পকাৰ অজিত ছিংনাৰ ছাৰৰ সৈতে কথা পাতিছোঁ। প্ৰথম ফোনটো ধৰা নাছিল ভয় তীব্ৰ হৈছিল। কিন্তু ছাৰে নিজে ফোন কৰি মুক্তি, গুৰিয়াল গল্পৰ প্ৰসংগ,কাৰ্বি লোক সাংস্কৃতিক সমাজ জীৱন আদিৰ বিষয়ে বৰ সুন্দৰকৈ মোক জনালে। শেষত কোনো মূল্য নিদিয়াকৈ মোলৈ ছাৰৰ গল্প কিতাপ পঠাব,কি ভাললগা। (‍So I feel very excited, Thank you so much sir)

চুকুৰমণি

Image
 ড°প্ৰাঞ্জল বুঢ়াগোহাঁই ৰচিত পৰিচালিত নাটক চুকুৰমণি। পটভূমি চাহ বাগিচা । চাহ বাগিচাত নতুনকৈ নিযুক্তি লাভ কৰিছে নতুন চাহাব। ইংৰাজ চাহাব এসময়ত বাগিচাৰ ছোৱালী ৰ প্ৰেমত পৰে। আটাইতকৈ ধুনীয়া চুকুৰমণিৰ প্ৰেমত মচগুল। চুকৰমণি‍ৰ প্ৰথম প্ৰেম ব্যৰ্থ। মাদল বাজে। ঝুমুৰ নৃত্য হয়। এসময়ত চুকুৰমণিক একপ্ৰকাৰে জোৰজবৰদস্তী চাহাবে নিজৰ কৰে। এইখিনি কথাৰ বাদেও চুকুৰমণিক আনিছিল বাগানৰে চৰ্দাৰে। অমান্তি পিছতো দহৰ কথাও চাহাবক চুকুৰমণিৰ সৈতে জোৰজবৰদস্তী ৰ পৰা ৰখাব নোৱাৰিলে। ধনীক শ্ৰেণীয়ে নিম্ন শ্ৰেণীক একপ্ৰকাৰ শোষণ কৰিছে। নাটকৰ চৰিত্ৰ,দৃশ্যসজ্জা,চৰাই চিৰিকটি,মেঘৰ গাজনি,চাহাবাগানৰ গান, অভিনয়,কলা নিৰ্দেশনা খুব ভাল। শেষত ধনীক শ্ৰেণীক প্ৰতিবাদ কৰিবলৈ বহু চুকুৰমণি জন্ম হৈছে। দৃঢ় প্ৰতিবাদ কৰিছে। এক শ্ৰেণীৰ হৈ আন এটি শ্ৰেণীৰ অধিকাৰ,প্ৰাপ্যৰ বাবে হোৱা বলিষ্ঠ প্ৰতিবাদ সাব্যস্ত সুন্দৰকৈ কৰিছে। ধন্যবাদ জনাইছোঁ ছাৰ এনে সুন্দৰ নাটক উপহাৰৰ বাবে, এইখন নাটকে বহুত পুৰস্কাৰ আনিছে লাহেকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মঞ্চস্থ হ'বলৈ গৈ আছে,ই সুখৰ খবৰ।

প্ৰেৰণ, সুগন্ধি বৰষুণ

 চিকচিকিয়া পানী আপুনি কি ভাবে  মই - তুমি যি নাভাবা মানে? চিকচিকীয়া পানীৰ  কি দুখ দুখ ! অ' ইমান যে চিকচিকীয়া ইস! আৰু কাষৰ ঘাঁহ-বনৰ  কি আয়ুস জানা নাজানা নাজানো জানিবা ক'ৰপৰা  নিজৰ আয়ুস দেখিছা ক'তা ওঁহো বেণাৰখনৰ কাষৰতে বহা নিজৰ ছাঁ চাকিগছ দেখি থকা তায়ো গছৰ ফাঁকেদি ওলাই থকা আকাশখন কাৰ কাৰ পৃথিৱীৰ ? ওঁ,তাকো নাজানো এইখন পৃথিৱীৰ শিশুৰ পৰা-বৃদ্ধলৈ মনৰ আকাশ কি কোৱা  আই এম নট জকিং য়াৰ বি ছিৰিয়াছ অক্কে গট ইট একোবত ৰ'দখিনি সামৰি সুতৰি বেলি গ'লগৈ... (নাহৰৰ দেশৰ শ্ৰেষ্ঠ বান্ধৱী বৰ্ণালী গগৈৰ হাতত) ৰাজেন দাস ডিব্ৰুগড় ফোন নং -৯১০১২২১৪৩৬

বালীমাহী

 বালীমাহী দেখা নাই।  বহু দেখিছোঁ বালিৰে পোত খোৱা বালি।  আঙুলিত লেতি লৈ খেলিমেলি কৰিম নো‌ কেনেকৈ।  ওঁ, মই তেনে কৰিব নোৱাৰোঁ।  নোৱাৰোঁ মানে তুমিও নোৱৰা।  পাৰিবা, আবিৰ ফালি ফালি বালিয়ে সেওঁতা ফালি থোৱা বালীমাহী ঘৰ।  আকৌ সেই ওপৰৰ আকাশখন নোচোৱা কিয়?  কি এক বিতোপন শোভা।  গাতে লৈ থাকোঁ যে গোটেই নীলাকাশ।  অদ্ভূত ধৰণেৰে !  মোক দেখিছা শুকান বালিত বিচাৰি লৈছোঁ মোৰেই মই মনাকাশৰ মহাকাশ।  বলা, এতিয়া যাওঁ-- দূৰৈৰ পৰাই মন কৰিম প্ৰকৃতিৰ ব্ৰুটাছৰূপী মায়াৰ ছাঁয়া।