গৰুবাটৰ ধুলিয়ৰী খোজ
গৰুবাটৰ ধুলিয়ৰী খোজ
গৰুবাটে ওলট-পালট কৰে
চকামকাকৈ ৰঙচুৱাকৈ কলপাতৰ কাষেদি বেলিটি উভতি যায় আমাৰ ছাঁও দীঘলীয়া হৈ নুমাবলৈ লয়
ঘঁহি ঘঁহি ঘাঁহ বনত দাঁতৰ যুদ্ধ
আহি গোহালিত পাগুলিওৱা যুদ্ধ
তুমিওচোন নিজৰেই পৰা প্ৰতিদিনে ধূলিয়ৰি বাটটো কাটি-কুটি কাঢ়িবলৈ কত তয়াময়া ৰণ নকৰা
গৈ থকা ৰাস্তাৰ দাঁতিৰ পানীডোঙাতেই নিজক চাই লোৱা
তুমি কৰা দুভৰিৰ খোজে খোজে
বেলিয়ে অঁকা খোজটোৰ চিন বহা আছে
যিটো তুমি ৰজা-ৰাণী খেলোতে ভাঙি দি অভিমানি কৰিছিলা মোক
হয় নে নহয় কোৱাচোন মোক
Comments
Post a Comment