ছাঁ
ছাঁ ভয় এটা থাকিলে পুৱতি নিশা সাৰে থাকে উশাহচোলা পুৱাই উঠি সাৰি দিওঁ উশাহচোলাৰ গৰাকীৰ নিজা ছাঁ মই গৈয়ে আছোঁ ডিঙিত ওলোমাই এটুকুৰা ৰ'দঘাই ঘাঁ কহুৱানিত বহি কেলেণ্ডাৰৰ তাৰিখ কাটি নতুন বছৰটোলৈকে চা এতিয়া বাপুকণ ৰঙমনে দীঘলীয়া সপোনলৈকে বাট চা নহ'লে কুঁৱলীসনা বাটটোৰ পৰা নিজা বাটটো মোহাৰি সামাৰি ক্ষীণকৈ হুমুনিয়াহ এটাকে এঙামূৰি দিয়েই যা (ভাইটি জয়ন্ত ফুকনলৈ জন্মদিনৰ উপহাৰ আগবঢ়ালোঁ)