( বুৰঞ্জীমূলক মালিতা মণিৰাম দেৱান মালিতাৰ আধাৰত) মণিৰাম দেৱান -ৰাজেন দাস প্ৰথম অংক ৱিকিউৎস - 1. সহায় লোৱা মালিতাসমূহ- আই সৰেচতী দেৱী পাৰেৱতী তোমালৈ বঢ়াই যাওঁ চাউল, পা হৰা পদকে সোঁৱৰাই দি যাবা গীতৰ ভাঙি যাবা আউল। 2. চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ পাৰ্ৱতীক সেৱা কৰো, ভৰলী আইকো কৰোঁ সাত সেৱা মণিৰামৰ ভণিতা জোৰোঁ। ৩ কোনে বোলে জীলে, ইংৰাজে দেশখন আকৌ আমাক দিলে ৪ কোনো বোলে চৰিল, ইস্কট চাহাবেৰে সখি কৰিলে। চাহাবে কলেহি বুজাই, অসম দেশ লব লাগে বৰ লুইতে উজাই। ৫ নহ'বলৈ হ'ল অসম দেশ গুচি বঙাল দেশ হ'ল। নহ'বলৈ হ'ল ইংৰাজ উঠা দেখি ৰাইজৰ মন ভাল হ'ল। ৬ মনে গুণি চালে- মণিৰাম দেৱানক মন্ত্ৰী বাব দিলে অনেক গুণনি ধৰিলে দেৱানদেৱৰ ভাটীলৈ ভটিয়াই গ'ল। বঙালৰ ঘৰতে আপালি মিলিল ঐ দেশখন তল-ওপৰ হ'ল। ৭ ৰূপৰ তোলোথা সোণৰ দোৰ্পতি বহি বৈ আছিলো তাঁত, লাহে-লাহে কৰি মণিৰাম দেৱানে লগায় পটেশ্বৰীক মাত। ৮ পানী আন ব'মৰ মাক ভাত আন ব'মৰ মাক, মই যাওঁ বঙাল দেশলৈ। ৯ গাটি মোৰ ৰঙে চং খোপাতে মোৰ বালি চং চ'ৰাতে নো মূৰে যুঁজায় কলৈ নো মোৰ স্বামী যায়। ১০ কান্দিবলৈ ধৰিলে তুলাৱতী গাভৰু মণিৰামৰ মু...