মৌনতাৰ যঁতৰেৰে

 দিহিঙে দিপাঙে বিচাৰি আছোঁ 

মই জ্বলা নজ্বলা চাকিটি লৈ 

মৌনতাৰ যঁতৰেৰে বোৱাইছোঁ চাদৰৰ পাৰী 

সাঁচিপাতৰ ভাষাক পঢ়িবলৈ দিছোঁ 

চিফুঙে আশা দিবই দিব

ৰংঘৰ আছেচোন মেলি দিব দুৱাৰ

তুমি মিছিছিপি হৈ গংগা হৈ বৈ আহা 

ময়ো ৰৈ আছোঁ কামাখ্যালৈ যোৱা খটখটিত...

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা