উৎপল নাৰায়ণ গোস্বামী ছাৰ

 এনে হয়নে... 




এখনি নতুন নৌকা সাজোঁ

আকৌ আন এখনলৈ

বৰ বিশেষ ভাবি ৰৈ থকা নাই


ঠিক নাবিকে এখনৰ ব'ঠা ঠিক-ঠাক কৰাৰ লগে লগে

তেৱোঁ ডিঙাখনৰ ভূগোল বিচাৰি নদীৰ বুকুলৈকে আশা এটি বুকুত লৈয়ে ঠেলি দিয়ে


হীৰা চক্ মকায় থকা দি সঁজাৰ লগএৰা হেপেহুৱা পখীটিৰ দৰে পৰা নাই হ'ব 

চিলিঙিত ওলোমোৱা নাই ভাগ্যজালৰ উজু জিলমিল তৰালী


চিলচিলীয়া পানীত ভৰিদুপতা ৰাখিছোঁ 

চিল্ মিলীয়া টোপনিৰ পৰা জগাই চাইছোঁ

নিজান বনত বংশীৰ সুৰে সুৰে ময়ো উন্মনা হৈ পাৰোঁ

আহ: কি মহাবিশ্বৰ বিৰল সৰস্বতীয়ে দিয়া যেন সুৰ


সুকোমল সুন্দৰক ওচৰত পোৱা পোৱা যেন লাগে 

আপোনাৰো এনে হয়নে 


আকৌ এপাকত মনৰ এদিন মাজুলীতে জুকিয়াই জুকিয়াই চেৱা-দিয়া চেহেৰাৰ নাঙলৰ শিৰলুৰ লোৰে লোৰে জন্ম লোৱা আলু,কচুকেইটিলৈকো চকু-কাণ দিছোঁ


নিত্যনৈমিত্তিক পুৱা-গধূলি ভগৱন্তৰ শ্ৰীচৰণত সেৱাৰে আৰম্ভ কৰিছোঁ আকৌ এটি নতুন দিন


কিয় এনে কৰিছোঁ বাৰু 

এয়াও মই সত্যশিৱসুন্দৰৰ আৰাধনা বুলি মানিছোঁ

মোৰ এনে কিয় হয় 

কি সকলোৱে সত্যৰ পৰা পলোৱাৰ উপায়েই নাই নহয়নে


সেয়ে দেখোন মই বিচৰাবোৰ সুন্দৰকৈ গঢ়ি গঢ়ি নাভাগৰা শুভাষাই মন পুলকিত কৰেহি এতিয়াও...



(বি.দ্ৰ-প্ৰিয়শিক্ষাগুৰু ড° উৎপল নাৰায়ণ গোস্বামী ছাৰৰ জন্ম দিনৰ উপহাৰ স্বৰূপে আন্তৰিকতাৰে প্ৰেৰণ কৰিলোঁ)


আপোনাৰ ছাত্ৰ 

ৰাজেন

১০-০২-২০২৫

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা