Posts

Showing posts from November, 2025

জোনকাচি

 জোনকাচি আঘোণৰ পৰা ধানে কঁকালত ধৰে মাইজনী হাউলী হাউলি জোনকাচি মাৰে  মোক খা মোক চা কৰে সোণগুটিয়ে  লখিমীও এইবাৰৰ ভালেকিমোন হ'ব    ককাকে ভঁৰালত ভৰাই ৰাখিছিল লখিমী  আইতাই পাক উঠাই ওৰণি টানি টানি আনি থৈছিল কিজানি কুৰুকি কুৰুকি নিয়ৰকণাই তলুৱালৈ বগাই আহে  ওৰণিজোনৰ ঋতুৱে  আজিকালি লাজ পাবও নাজানো  যাহওক গ'ল কথা গ'ল  দাৱনীৰ কাচিটো সোণাপুৰৰ কাহিনী ওলাই গ'ল... (মোৰ মা লৈ এটি কবিতা) ৰাজেন দাস  বেলগুৰি চলভাষ-৯১০১২২৪৩৬

কৃপানাথ ফুকন

 কৃপানাথ ফুকন আছিল ব্ৰিটিছৰ সময়ত ভাষান্তৰিক/দোভাষী/দোৱনীয়া। ব্ৰিটিছৰ সময়ত তেওঁ উক্ত চাকৰি কৰিছিল। ব্ৰিটিছ শাসনৰ কথাবোৰ জনগোষ্ঠীসমূহ বুজাই দিব লাগিছিল। বৌদ্ধিক মহলত জয়মতী কুঁৱৰীক লৈ প্ৰশ্ন উত্থাপন হোৱা সময়ত তেওঁ অন্যান্য বুৰঞ্জীবিদৰ লগতে জয়মতীক তেজ-মঙহৰ মানুহ বুলি প্ৰমাণিত কৰিছিল। তেওঁ বেলাডসমূহ ব্ৰক্ষ্মদেশলৈ গৈ তাই ভাষাৰ পুথিৰ পৰা অসমীয়াত বেলাড কৰি আনিছিল। ফুকন ডিব্ৰুগড় জিলাৰ শালমাৰীত নিগাজিকৈ থাকিবলৈ লৈছিল।

কিতাপ উলিওৱাৰ যন্ত্ৰণা

আমি সৰু মানুহ যে কিতাপখনৰ ক্ষেত্ৰত হেমাহি কৰা ইয়ো এটা পৰোক্ষ কাৰণ হ'ব পাৰে বুলিও ধাৰণা হৈছে কাৰণ মই চিঠি দিয়া কিছুৱে বেলেগ কিতাপত ইতিমধ্যেই লেখা প্ৰকাশ কৰি আছে অথচ মই জয়দেউ কাকূতি কৰিও লেখা আনিব পৰা নাই, তথাপিও আশাবাদী। ২০-১১-২০২৫

জেৰেঙাৰ উচুপনি

 কেশৱ চন্দ্ৰ ডাকুৱাৰ জেৰেঙাৰ উচুপনি উপন্যাসখন পঢ়ি আছোঁ। জয়মতী কুঁৱৰী আৰু আহোম সাম্ৰাজ্যৰ ঘটনাবিলাক সঁচাই ভবাই তুলিছে। উপন্যাসখনত জয়মতীক সাহসী আৰু প্ৰতিবাদী কণ্ঠ হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। মাজে মাজে আপোনাৰ বৰ দুখ লাগিব। বৰ খং উঠিব। অসমৰ বুৰঞ্জীত জয়মতীৰ ইতিহাস যদিও অলপমানহে পালমৰাকৈ লিখা হ'ল কিন্তু জয়মতীৰ ত্যাগে কাললৈ খ্যাতি ৰাখি গ'ল। এনে এগৰাকী নাৰী যিয়ে নিজৰ প্ৰাণলৈ কেৰেপ নকৰি নিজৰ ৰাজ্য আৰু মানুহজনক বচাবলৈ ভীষ্ম প্ৰতিজ্ঞা কৰিছিল। যি প্ৰতিজ্ঞাৰ আগত আহোমৰ কু-অভিসন্ধিৰ ৰাজশাসনো হাৰি গৈছিল। এইগৰাকী নাৰীলৈ শতকোটি চেল্যুট।

মনৰ কথা

 মনৰ কথা- এই ধৰক মোক কোনোবাই অবহেলা কৰিছে  নাইবা  মোক কোনোবাই গুৰুত্ব প্ৰদান কৰা নাই  তেতিয়া মই কি কৰোঁ- ১.অবহেলা কৰাজনক আগস্থান দিওঁ  ২.গুৰুত্ব প্ৰদান নকৰাসকলক অতি গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰোঁ

ড° ভূপেন হাজৰিকা

 ১৩-১১-২০২৫ ড° পৰমানন্দ মজুমদাৰ ছাৰৰ সান্নিধ্য: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অংশ হিচাপে আয়োজিত কাৰ্যসূচীত ড° পৰমানন্দ মজুমদাৰ ছাৰে বক্তৃতা প্ৰদান কৰিলে। বিষয়- ভূপেন হাজৰিকাৰ চিন্তা-প্ৰবাহ: পটভূমি আৰু বিস্তাৰ  বিশিষ্ট লেখক,গৱেষক, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা যশস্বী সম্পাদক ড° মজুমদাৰ ছাৰৰৰ বক্তৃতাই উপকৃত কৰিলে। বক্তৃতাত ড° ভূপেন হাজৰিকাক অসমৰ শ্ৰেষ্ঠ বুদ্ধিজীৱী বুলি ঘোষণা কৰে। সুধাকণ্ঠ গৰাকীৰ সৃষ্টিৰ গীত-মাতৰ চৰ্চা সৰ্বতে হৈ আছে। যদিও হাজৰিকাৰ গীতৰ বৈজ্ঞানিক আৰু উচ্চস্তৰীয় গৱেষণা বাকী আছে বুলিও মত প্ৰকাশ কৰে। গীতে তেওঁ সমন্বয়ৰ বাৰ্তা,মহামিলনৰ এনাজৰী,জাতি জনজাতি আৰু জনগোষ্ঠীক সমান গুৰুত্ব প্ৰদান কৰা প্ৰসংগ বিশেষকৈ বক্তৃতাত আগস্থান প্ৰদান কৰে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা,পল ৰবচন আদিৰ দৰে প্ৰখ্যাত শিল্পীৰ সান্নিধ্যলৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ হাজৰিকাৰ দৃষ্টিভংগী প্ৰসাৰিত কৰাত বিশেষ সহায়ক হৈছিল। অকল গীতে-মাতেই নহয় আলোচনী সম্পাদনা, গৱেষণাধৰ্মী কৰ্ম, ৰাজনৈতিক জীৱন, বৌদ্ধিক আড্ডা,যাযাবৰ জীৱন প্ৰসংগ,গীত পৰিৱেশন পৰিস্থিতিৰো বক্...

Interview,Dr Paramanana Majumdar,14-11-2025

 যশস্বী সম্পাদকৰ সৈতে পুৱাৰ ব্ৰেকফাষ্ট গ্ৰহণ কৰিলোঁ। এটি চমু সাক্ষাৎকাৰো গ্ৰহণ কৰিলোঁ। জীৱনৰ এক ডাঙৰ সময়। সাক্ষাৎকাৰৰ বিষয়-ঔপনিৱেশিক কালত অসমৰ আলোচনীসমূহে কৃষক বিদ্ৰোহৰ ঘটনাক কিয় গুৰুত্ব প্ৰদান নকৰিলে? এই সম্পৰ্কে ছাৰে সুন্দৰকৈ বিশ্লেষণ কৰিলে । মোৰ দৰে অকণমান মানুহক গৱেষণা কৰ্মৰ সহায়ক হোৱাকৈ সহায় কৰে আৰু পৰৱৰ্তী সময়ত সহায় কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। ছাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

Preservation

 বিশিষ্ট ব্যক্তিৰ সৈতে অকমান মানুহ  শ্ৰদ্ধাৰ পৰমানন্দ মজুমদাৰ ছাৰৰ বক্তৃতা বহু উপকৃত কৰিলে। মোৰ প্ৰশ্ন আছিল ড°ভূপেন হাজৰিকাদেৱ বা জুবিন গাৰ্গ দাদাৰ অমৰ সৃষ্টিৰাজিক প্ৰিজাৰ্ভ কৰাৰ ক্ষেত্ৰত ৰজাঘৰীয়া নাইবা সচেতন মহলে কি ভূমিকা পালন কৰিছে? ছাৰে অতি গুৰুত্বপূৰ্ণকৈ কৈছে  যদিও আৰু বহুদূৰলৈ যাবলৈ বাকী আছে কৈছে  ১৩-১২-২০২৫