Posts

Showing posts from February, 2023

মৌন, ইত্যাদি

 মৌন, ইত্যাদি    ৰাজেন দাস, ফোন নং-৯১০১২২১৪৩৬ মূৰ্ত্তিৰ প্ৰাচীনতাতকৈ ইমান মই কিয় মৌন  তৰ্জন গৰ্জনৰ মাজতে খিৰিকিত ধৰি ভাবি আছোঁ পেণ্ডুলামলৈ চকু দি অকল মই মৌনতাকে জিকি থকাৰ তাগিদা বুলি ভাবি লম নেকি আছাৰকনি আহি মানিমুনি, টেঙেচী, ঢেঁকীয়া সোপাৰ ওপৰত হামখুৰি পৰিছে ফুল, পানী, উভচৰ, পানীৰ ৰং, ইহঁত কিয় মৌন   ইমান কোলাহলতকৈ অন্তত ই নিসংগভাৱে দূৰৈত অৱগাহন মই কেতিয়াও নাহো অগৰং বগৰং ৰং লৈ মই কেতিয়াও নাহাঁহো বৰ্ণ লৈ  মই আহিম মাত্ৰ ৰং তুলিকা লৈ বোৱাবলৈ অলকানন্দা কাৰণ মৌনব্ৰত লৈয়েই চণ্ডালক শেষ কৰি আহিছোঁ ভাবি কেনেকৈ লৈছা পূৰ্বতে মই মৌন কিয় হ’লো নাভাবিবাছিলা নে ই মোৰ ৰক্ষাকবচ নহয় ই শ্বচ্চাই কা টাকত আকাশক প্ৰশ্ন কিয় নকৰা পাহাৰক নদীক জুৰি ভয় লাগে ন মৰি থকা মৰাশৰ দূবৰি বন আৰু নিয়ৰকণাই জানো তোমাক সামৰিব কিয় সুধিলা– এনেই, মৌনতাপ্ৰিয় অলংকাৰ প্ৰিয় বাবেই হৈ হাল্লা কৰিও উত্তৰ পাইছে যথোপযুক্ত সময়ে কাকো যাব দিয়া নাই বিৰিখৰ কঁুহি পাত, পানীৰ যুুৱলিৰ সুগন্ধি যে হেৰাইছে সেই কথা আমি কেতিয়ালৈ মন কৰিম চিৰসেউজ মানুহবোৰ হেৰাই নেযাওক তাৰেই প্ৰাৰ্থনা জুৰিম এইখিনিৰ পৰা আমি ...

লোক-কবিতা লোকমনৰ বৈচিত্ৰ্যময় অভিব্যক্তি

Image
  লোক-কবিতা লোকমনৰ বৈচিত্ৰ্যময়  অভিব্যক্তি folk-song has been well defined as a lyric poem with melody originating anonymously in times past among unlettered folk and remaining in currency for a considerable time, usually centuries.   পৃথিৱীৰ সকলো মানুহৰ কল্পনাৰ নিজা নিজা জগত আছে৷ তেওঁলোকে সেই কল্পনাৰে একো একোখন জগতৰ কথা -বাৰ্তাৰ বাবে চিত্ৰ, কলা-ভাস্কৰ্যৰ সহায় লয়৷ লিপি আৰু  ভাষাই সেই ভাৱানুভূতিক অধিক ওচৰ চপাই  নিব পাৰে৷ মৌখিক ৰূপত মানুহে কণ্ঠস্বৰ কৰি বহু তথ্য স্মৃতিত সজীৱ কৰি ৰাখিব পাৰে৷ লোকজীৱনত মানুহে সেইসমূহৰ পৰা শিক্ষা লয়৷ মৌখিক সাহিত্য আকৌ লোক [folk] সাহিত্যৰ ভিতৰুৱা নহ’বও পাৰে৷ ই মৌখিক অথাৰ্ৎ মানুহৰ মু্‌্‌্‌খে মুখে প্ৰচলিত হৈ পৰম্পৰাগতভাৱে লোকজীৱনৰ বিভিন্ন দিশ সামৰি লয়৷ বুৰ?ীৰ ঘটনাৰ পৰা কিছু ক্ষীণ আভাস পাব পাৰি যদিও ভণিতাশূণ্য , নৈব্যৰ্ত্তিক অথাৰ্ৎ নাম ধাম বিহীন নাইবা অখ্যাত কবিৰ ৰচনা লোক সাহিত্যৰ এক বিশিষ্ট শাখা হৈছে  লোক-কবিতা৷ এইসমূহত চহাকবিৰ সৰলতা, ভাৱ আৰু অনুভূতিৰ মুকলি প্ৰকাশ৷   অসমীয়া লোক জীৱনৰ প্ৰতি থকা গভীৰ অধ্যয়নপুষ্ট মন আৰু জাতীয় দায়...

মামণি ৰয়ছম গোস্বামীৰ উপন্যাস বিচাৰ আৰু বিশ্লেষণ’’ এটি পৰিচয়মূলক আলোচনা

Image
 "মামণি ৰয়ছম গোস্বামীৰ উপন্যাস  বিচাৰ আৰু বিশ্লেষণ’’ এটি  পৰিচয়মূলক আলোচনা  ড°ভনিতা নাথৰ উপন্যাস সমালোচনা ’  শীৰ্ষক একাষাৰত বিশিষ্ট সাহিত্যিক তথা সমালোচক ড আনন্দ বৰমুদৈ কৈছিল- ‘...সাম্প্ৰতিক কালৰ কেইগৰাকীমান তৰুণ-তৰণী সমালোচনা সাহিত্যৰ ক্ষেত্ৰখনলৈ আত্মপ্ৰত্যয়ৰে ওলাই অহাটো আশাব্যঞ্জক৷ এই দলটোৰে এগৰাকী সমালোচক ড ভনিতা নাথ৷   তেওঁৰ এখন সমালোচনা গ্ৰন্থ মামনি ৰয়ছম গোস্বামীৰ উপন্যাস ঃ বিচাৰ-বিশ্লেষণ ৷ এই গ্ৰন্থখনত মামনি ৰয়ছম গোস্বামীৰ উপন্যাসসমূহৰ প্ৰায় সকলো দিশ সামৰি আলোচনা কৰা হৈছে৷ বিষয়বস্তু, সিবিলাকৰ পৃষ্ঠভূমি, ঔপন্যাসিকগৰাকীৰ কথনৰীতি, ভাষা আদি দিশবোৰত আলোকপাত কৰা হৈছে  ৷   ...অসমৰ আগশাৰীৰ কাকত-আলোচনী-গৰীয়সী, সাতসৰী, প্ৰকাশ, স্বৰ্ণলিপি আৰু গৱেষণা ধম¹ পত্ৰিকা দগো ৰাংচাং, দৃষ্টি ইত্যাদিত নিয়মীয়াকৈ সাহিত্য চচাৰ্ কৰা এটি পৰিচিত নাম ড ভনিতা নাথ৷ ৰাষ্ট্ৰীয় তথা আন্ত ঃ ৰাষ্ট্ৰীয় আলোচনাচক্ৰত গৱেষণা পত্ৰ পাঠ কৰা লেখিকাগৰাকীয়ে ‘মামণি ৰয়ছম গোস্বামী আৰু নৱনীতা দেৱসেনৰ উপন্যাসৰ নাৰী চৰিত্ৰ ঃ এক তুলনামূলক অধ্যয়ন ’ শীৰ্ষক বিষয়ত ২০১৯ বৰ্ষত গুৱাহাটী বিশ্বব...
Image
" অনুৰ " (মঞ্জুল বৰুৱা পৰিচালিত) ভাষাৰ মিতব্যয়ীতা, সুন্দৰ অভিনয়, আৱহ সংগীত মনোগ্ৰাহী। দুই এটি Recipe জাতীয় দৃশ্য  skip কৰাৰ থল আছিল। জীৱন-জীৱিকাৰ তাগিদাত সন্তান (অনুপমাৰ আলাসৰ লাড়ু দেউতি লণ্ডনৰ বাসিন্দা)দূৰৈত বাস। নিসঙ্গ(চিনেমাখনত এনে অনুৰূপ কাহিনী আৰু এটি সংযোগ হৈছিল) মাতৃৰ স্বামীয়ে হেঁপাহেৰে সজা ঘৰখন(He will be Live not only a single day),ঔম(দেউতীৰ তাৱৈৱেকৰ ল'ৰা,যিয়ে অনুপমা ক প্ৰতিটো কামতে নিজৰ দোকানৰ কামৰ মাজতে সহায়ৰ হাত আগবঢ়ায়),এমিনা(অনুপমাৰ ঘৰত বন কৰা তিৰোতা),নিজু(দুবাৰকৈ মেট্ৰিক পৰীক্ষাত ফেইল‌কৰি গণিত শিক্ষয়িত্ৰী অনুপমাৰ ওচৰত  টিউশ্যন কৰে,চোৰে ঘৰত তহিলং কৰাত নিজুৰ Present of mind ৰ বাবেই বাইদেউ ৰক্ষা পৰিল। সেইদিনা বাইদেউৱে বাৰুকৈয়ে অনুভৱ কৰি কয়-বহু Meritorious মানুহৰে Present of mind কম,তোৰ(নিজু-আপেল খাবলৈ দি কৈ থকা মুহূৰ্তত) সেই গুণ বেছি)। জিলা উপায়ুক্ত(লচিত মুদিয়া) চৰিত্ৰ আদিয়ে বহু সময়ত লগ এৰা  নাই। বজাৰৰ পৰিৱেশৰ পৰা লগ পোৱা চৰিত্ৰটো এদিন নিসঙ্গ জীৱনৰ মৌনতা ল'বলৈ আগবাঢ়ি আহে) সেয়েহে তেওঁ কয়(প্ৰথম এই Intention ধৰিবই নোৱাৰিব, যিজনে সূৰ্যৰ পোহৰত...

পুৰণি তথ্যক নতুনকৈ চোৱাৰ আন্তৰিক প্ৰয়াস সাধুকথাৰ ছোৱালীজনী

Image
পু ৰণি তথ্যক নতুনকৈ চোৱাৰ আন্তৰিক প্ৰয়াস সাধুকথাৰ ছোৱালীজনী বিদিশা বুঢ়াগোহাঞিৰ প্ৰথম প্ৰকাশিত কাব্যসংকলন ‘‘সাধুকথাৰ ছোৱালীজনী’’৷ তেখেতৰ কবিতা  প্ৰান্তিক, সাতসৰী, দৈনিক অসম, আমাৰ অসম, সাদিন আদি কাকত-আলোচনীত প্ৰকাশিত  হৈছে আৰু কবিতাপ্ৰিয় পাঠকৰ মাজত ইতিমধ্যেই আসন এখন বিচাৰি লৈছে৷ গ্ৰন্থখন সম্পৰ্কত প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰে এনেদৰে মন্তব্য কৰিছে- বিদিশাৰ কবিতাত জীৱন আছে৷ ‘‘সাধুকথাৰ ছোৱালীজনী’’ ৰ প্ৰায়বোৰ কবিতাই ইতিপূৰ্বে প্ৰকাশিত৷ গতিকে তেওঁৰ মাজত লুকাই থকা প্ৰতিশ্ৰুতি ইতিপূৰ্বেই বিদ্বৎ সমাজৰ দৃষ্টিগোচৰ হৈছে৷ তেওঁ বাস্তৱৰ অভিজ্ঞতাক ব্যঞ্জনাময় ৰূপত প্ৰকাশ কৰাৰ দক্ষতা প্ৰদৰ্শন কৰিছে৷ জীৱনৰ অসহজ অনুভৱবোৰকো সহজ গ্ৰহণযোগ্যতাৰে উপস্থাপন কৰাৰ ফলত তেওঁৰ কবিতাই এক সুকীয়া মাত্ৰা লাভ কৰিছে৷ সেয়েহে কওঁ, তেওঁৰ কবিতাত হতাশাও প্ৰাণৱন্ত হৈ জীৱনৰ প্ৰেৰণা হোৱাৰ পথ মুকলি হৈছে৷ তেওঁৰ কবিতা মানুহৰ প্ৰাণৰ কবিতা৷    বিদিশা বুঢ়াগোহাঞিৰ কবিতালানী পঢ়ি বহুটো দিশ দৃষ্টিলৈ আহিছে৷ সেইসমূহৰ ভিতৰত অসমীয়া সাধুকথাৰ কাহিনী, চৰিত্ৰৰ লগতে নানান পৰিৱেশৰ পৰা বুটলি অনা শৈশৱৰ পৰা যৌৱনলৈ দেখি-শুনি অহা ন...