Posts

Showing posts from May, 2024

মনৰ কথা

 জীৱনটো আগবঢ়ায় নিয়াৰ ক্ষেত্ৰত কিমান কষ্ট হয় কোনো অনুমান কৰিব নোৱাৰে, কিন্তু সহায়ৰ হাত অনেক থাকে, তথাপি সিংহভাগ নিজৰ (মনৰ কথা১)

দ্বিতীয় কাশী

 দ্বিতীয় কাশী মই খহি খহি সামৰি আছোঁ নৈখন আৰু মই একেডাল নাড়ী খৰালি আহিব বগে ঢগ ঢগ বালিঅঁহিয়া এফুট দুফুট উৰি উৰি যাব ঘাটোৱৈ আহিব ঘাট চপাব বগা চাহাবে বাণিজ্য মেলালৈ ৰাস্তা ল'ব শুকনিৰ মন্ত্ৰণা পাণ্ডৱে খেলিব পাশা কৌৰৱ পাণ্ডৱ দুটা পক্ষ হ'ব মোৰ নৈত ডুবি ডুবি আছে কত শত মঠ মন্দিৰ কাষৰ পাৰৰ চাণ্ডি,শিৱ গনেশে অতীত ধ্বজা জিলিকাই ৰাখিছে কছাৰী আৰু বাৰভূঞাসকলে লাগি গ'ল যুদ্ধ শংকৰ মহাপুৰুষ গুৰুজনাৰ প্ৰবাস বিশ্বনাথ  উজাই আহি আহি আছিলেহি এই বিশ্বনাথত লাহেকৈ নদীদ্বীপ মাজুলীৰ বেলগুৰিত বাৰ-চৌধ্য বছৰ সত্ৰত কটালে সোণৰ ধোৱাঁখোৱাত খালি ঐ মণিৰাম ৰূপৰ ধোৱাঁখোৱাত খালি কিনো ৰজাঘৰত দোৰোহ আচৰিলি ডিঙিত চিপেজৰী ল'লি মণিৰামে সাজিলে আঠ ঠাইত আঠোটা ঘৰ তাৰে এখন বিশ্বনাথত পাতে দেৱান দেৱৰ সৰুমাজু নগঞানী

আভা

Image
 আভা প্ৰকাশন -আমাৰ বাবে বিশেষ দিন। কাৰণ বিশ্বনাথ চাৰিআলিৰ আভা প্ৰকাশনৰ সৈতে কাম কিতাপৰ কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ। বন্ধুত্বসুলভ দিশটো মোৰ খুব ভাল লগা। খুব সুসংহত আৰু সুন্দৰকৈ গ্ৰন্থ পাঠকৰ মাজলৈ উলিয়াই দি আছে। অসমৰ স্বনামধন্য ব্যক্তিৰ পদধূলাই আভা প্ৰকাশন প্ৰগাঢ় ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰন্থ আৰু পাঠক দুয়োটা দৃষ্টিকোণক আগত ৰাখি পঠন-পাঠনক গুৰুত্ব দিয়া হৈ আহিছে।  এতিয়া আহোঁ বিশ্বনাথ(গুপ্ত কাশী)ঘাটলৈ- প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিশ্বনাথ ঘাট। এক মনোমোহা পৰিৱেশ। চকুৰ পলক জপাবলৈ মন নাযাব পাৰে।  খুব এটি সুন্দৰ চৌপাশ।‌ ইয়াত থকা দৌলসমূহ আহোম ৰাজত্ব কালৰ। চাণ্ডি মন্দিৰ,গনেশ মন্দিৰ,শিৱ মন্দিৰ আদি দেখিলোঁহি। বিশ্বনাথ পৰ্যটন ঘাট, বৈ যোৱা নৈখনে অনেক কাহিনী কৈ যাব। অতীতলৈ মন কৰিবলগীয়া হ'ব। বীৰভদ্ৰ বা বৰলা শিল,জোঙা শিল,নৈখনৰ দলৈকে পোত খাই যোৱা, পাণ্ডৱসকলৰ পাশা খেলৰ প্ৰসংগ, ব্ৰিটিছ বাহিনীৰ ব্যৱসায়িক স্থান ইত্যাদি। এক বৃহত্তৰ এলেকাৰে আৱৰি থকা নৈখন ইয়াৰ চৌপাশৰ পৰিৱেশৰ মাজতে নৈখনত শেৱালী জালেৰে মাছ ধৰা,নৈখনৰ মিহিকৈ বৈ যোৱা সোঁত।‌ বান্ধি থোৱা নাওকেইখন, প্ৰকাণ্ড চপৰা চপৰা বৰলা শিল আ...

ধন্যবাদ ডিব্ৰুগড়

 যেতিয়া মই ডিব্ৰুগড়‌ চহৰ নাইবা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা কোঠালৈ আহোঁ বা কোঠাৰ পৰা উল্লিখিত ঠাইলৈ খোজকাঢ়ি গৈ থাকোঁ তেতিয়া দুই এজন দাদাই মোক উঠাই নিয়ে। অথচ মই গাড়ীখনত উঠিবলৈ আগতীয়াকৈ কৈ থোৱা নাই আৰু তেওঁক লগ পোৱা সময়তো কোৱা নাই অথচ তেওঁবিলাকে গাড়ীখনত ইমান আদৰেৰে উঠাই গন্তব্যস্থললৈ নি সহায় কৰে। এই কথাটো মোৰ বহুত ভাল লাগে। কাৰণ যিসময়ত মানুহ(কিছুমান)ৰ হাতত সময় নাই, আনৰ কথা একছেকেণ্ড ভাবিবলৈ আহৰি নাই এইখিনিতে মোক বঢ়িয়াকৈ সহায় কৰি উপকৃত কৰে। আগৰ চাৰিবাৰৰ দৰে আজিও তেনে এটা ঘটনাই ঘটিল।