বাতৰি,১৮-৯-২০২৫

 আজি ইংৰাজী ১৮-০৯-২০২৫ তাৰিখে ডিব্ৰুগড়স্থিত মনোহাৰি কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত "ঔপনিৱেশিক কালপৰিধিৰ জীৱন-লেখা:বিষয় আৰু ৰূপ বৈভৱ" শীৰ্ষক এটি বক্তৃতা অনুষ্ঠিত কৰা হয়। বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা ডীন মানৱিকীবিদ্যা আইন অনুষদৰ গুৰু ড° জয়ন্ত কুমাৰ বৰা। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° পূণ্যপ্ৰভা বৰুৱাই আঁতধৰা বক্তৃতা অনুষ্ঠানটিত

মহাবিদ্যালয়খনিৰ অধ্যক্ষ ড° অনুপজ্যোতি ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে মূল বক্তৃতা আৰম্ভ হয়।

বক্তৃতাত ড° বৰাই ঔপনিৱেশিক সময়ছোৱাৰ জীৱন-লেখা(Life -writing)ৰ গৱেষণামূলক দৃষ্টি ভংগীৰে উপস্থাপন কৰে। জীৱনী, আত্মজীৱনীৰ ধাৰণা স্পষ্ট কৰা বক্তৃতাত ভ্ৰমণ কাহিনীকো বিধাকো সামৰি লয় । ঊনবিংশ শতিকাৰ ধৰ্ম,সমাজ, ৰাজনীতি, অৰ্থনৈতিক আৰু সমসাময়িক সমাজ সংস্কৃতিৰো প্ৰসংগৰ উপস্থাপন কৰে। 


 অসমৰ বুৰঞ্জী,আহোম ৰাজত্ব, স্বৰ্গদেউসকলৰ ৰাজত্বকাল,জয়মতীৰ প্ৰসংগ, ঔপনিৱেশিক কালপৰিধিৰ দিশ, ইয়াণ্ডাবু সন্ধি,মহাৰাণী ভিক্টোৰিয়াৰ প্ৰসংগ, মিছন প্ৰেছ,চিপাহী বিদ্ৰোহৰ প্ৰসংগ বক্তৃতাটোৱে সামৰি লয়। অসমৰ বৰেণ্য ব্যক্তিসকলৰ বিশেষকৈ জীৱন-লেখা সম্পৰ্কীয় দিশৰ পুংখানুপুংখ অৱলোকন কৰে। দীননাথ বেজবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঞি, ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা মামণি ৰয়ছম গোস্বামীললৈকে জীৱন লেখাৰ গতি-প্ৰকৃতি আৰু লেখকৰ চিন্তাৰ পৰিধিৰো আভাস দিয়ে । এইসমূহে গৱেষণামূলক দৃষ্টি ভংগীৰো দিশ মুকলি কৰি দিলে।


 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ ৰাজেন দাসে বুৰঞ্জীত জয়মতীৰ গুৰুত্ব সম্পৰ্কে আৰু ড° নগেন শইকীয়া ছাৰৰ ভ্ৰমণ কাহিনী আমেৰিকাত দহদিনত প্ৰাচ্য-পাশ্চাত্যৰ বৰেণ্য কাব্যিক প্ৰসংগৰ উপস্থাপন আদি আলোচনা সামৰি লয়। মহাবিদ্যালয়খনৰ ছাত্ৰী বৰ্ণালী দাসেও জীৱনী আৰু আত্মজীৱনী লেখন সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা কৰে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড° অনিৰুদ্ধ দত্ত, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° বলিন সন্দিকৈ, মহাবিদ্যালয়ৰ ছাত্ৰীসকল,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ভৰত দাসো উপস্থিত থাকে। বক্তৃতা অনুষ্ঠানৰ শেষত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° পূণ্যপ্ৰভা বৰুৱাই শলাগৰ শৰাই আগবঢ়াই আৰু সভা ভংগ ঘোষণা কৰে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা