তোমাক বিদায় নিদিওঁ
জুবিনদা বিদায় নিদিওঁ
আমাৰ সময়ৰ ৰজা আছিলা
হৃদয়ৰ বিগলিত কৰুণাক জগাই দিছিলা
ভাগৰ নাই তোমাৰ
জাতি নাই তোমাৰ
আকাশৰ দৰে বিশাল তুমি
তোমাৰ গান যে শতজনতাৰ জীয়াই থকাৰ সমল
এতিয়া তুমিবিহীন আমি উৰুঙা
বহাগ উৰুঙা
মাঘ উৰুঙা
আজি কলম নচলে
সাগৰ তলিত শুই আছা নিৰলে
আমি অশ্ৰুসিক্ত নয়নে তোমালে ৰ লাগি চাই আছোঁ
চায়েই আছোঁ
(জুবিনদাদালৈ দিলোঁ,১৯-০৯-২০২৫)
মৰমৰ জুবিনদা
তোমাৰ বাবে শব্দ মোৰ হাতত নাই
কোনো ধাৰলৈকো নিদিয়ে
তুমি যে মৰমৰ মুকুতা
তুমি যেন হৃদয়ৰ ভোটাতৰা
সদায় জিলিকি জিলিকি থাকা
আমি তোমাক বিদায় দিব নোৱাৰোঁ
আমি তোমাক হেৰুওৱাব নিবিচাৰোঁ
(২০-৯-২০২৫)
Comments
Post a Comment