তৃষ্ণা আৰু মোৰ দ্বৈত লিখন কবিতা
হে সুৰৰ সম্ৰাট
আই ধৰিত্ৰীৰ কোলাত তুমি
আজি চিৰ নিদ্ৰাত
তোমাৰ বাবে যে
নিস্তব্ধ , নিতাল আজি বসুুমতী
কিন্তু
সৰগত যেন তোমাক আদৰাৰ ভীষণ প্ৰস্তুতি
কোন তেওঁ
তেওঁৰ নাম জুবিন ,
সুৰৰ যাদুকৰ
তেওঁ সুৰেৰে মুহিব পাৰে
জাতি ধৰ্ম বৰ্ণৰ অন্তৰ
তেওঁৱেই সেইজন যিজনে মৃত্যুৰ পিছতো ৰচি গ’ল খোদিত শিল আৰু জনতাৰ কাৰেঙত সদাজাগ্ৰত ইতিহাস
তেওঁৱেই শিকাই থৈ গ’ল মানৱপ্ৰেম,পশু প্ৰেম,প্ৰকৃতি প্ৰেম, সাংস্কৃতিক প্ৰেম আৰু কত কি
এই সকলোৰে মাজত যেন কেৱল তেওঁৰেই মায়াময় সুৰ বিয়পিছে
তেওঁ নাই ক’ত ?
উৎসৱত তেওঁ
আনন্দত তেওঁ
বিৰহত তেওঁ
হতাশাত তেওঁ
হৰিৰ নাম স্মৰণত তেওঁ
আল্লাৰ নাম স্মৰণতো তেওঁ
কোটি কোটি অনুৰাগীৰ
হৃদয়ৰ কোণে কোণে তেওঁ
বিদায় বেলিকাতো শোকাৰ্ত অন্তৰে অন্তৰে বাজিছে
তেওঁৰেই মায়াময় গীত
দপ্ দপ্ কৈ জ্বলি উঠা
চিতাৰ কাষত
অশ্ৰুসিক্ত নয়নেৰে
মায়াবিনী ৰাতিৰ বুকুত
সহস্ৰজনৰ মুখত...
প্ৰতিটো গীত যেন নিজৰ-দহৰ বাবেই ৰচিলা
তেজ মঙহৰ মৰম নেওচি আজি সচাকৈয়ে কেৱল ছাই হৈ ৰ’লা
কিন্তু পৃথিৱীৰ জগাই দিলা
সাংস্কৃতিক সন্ত্ৰাসবাদৰ মুখাখিনিকো তচনচ কৰি পেলালা...
হে সুৰৰ সম্ৰাট তোমাৰ কিদৰে দিওঁ বিদায়
নাই
নোৱাৰিম...
তৃষ্ণামণি বৰা
২৭-০৯-২০২৫
Comments
Post a Comment