চুমী সোণোৱাল আৰু ৰাজেন দাস

 ঈশ্বৰ আত্মা


'মনলৈ উভিত আহে ল'ৰালি' বুলি কোন আকৌ গুণগুণাব 

হৃদয়খন শাত পেলাই চিঞৰি চিঞৰি গাবলৈ মন যায়...

 

মই মৰিম যিদিনা 

সিদিনাই আমিও যেন লগতে গুচি যাওঁ আমি এই শতিকাৰ সাক্ষী আৰু স্তব্ধতাৰে সাক্ষী


মায়াৰ ধৰাত দুদিন তুমি আলহী আমিও একে

সাগৰ তলিত শুই ভালপোৱা তুমি শুই থাকা আমি মাথোঁ বোবা হৈ ৰৈ ৰৈ চাম

তুমি কোৱা 'মোৰ কথাই আমনি কৰে নে'

নিশ্চয় সেই আমনি এতিয়া সপোন সপোন যেন লাগিয়েই আছে 

তুমি নথকাৰ অনুভৱ

কোলাই পাচিয়ে নধৰা হৈছে

তুমি ঈশ্বৰৰ আত্মা

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা