দাদালৈ
ঈশ্বৰপুত্ৰক দেখিলোঁ
নীলাকাশত ৰঙা সূৰ্য সদায় দেখি আহিছোঁ
পৃথিৱীৰ প্ৰথম প্ৰেমপোহৰ দেখিবৰ দিনাৰ পৰা দেখি আহিছোঁ
দেখি আহিছিলোঁ মাইকেল জেকচনৰ দৰে চুলি তাৰি
হৃদয়ৰ বিগলিত কৰুণাৰ জাহ্নৱী যমুনা কঁপাই তোলা পুৰুষজন
সেই পুৰুষজন কোন
তেওঁ আছিল ঈশ্বৰৰপুত্ৰ যিজনক আজি হাজাৰৰো নয়নৰমণি
যাৰ সুৰৰ মায়াজালৰ চিৰশাস্বত প্ৰেমিক আমি
যাৰ বাবে আমি অহংকাৰ কৰিব পাৰোঁ
যাৰ বাবে আমি গৌৰাৱান্বিত হ'ব পাৰোঁ
যাৰ বাবে আমি স্বাভিমানী অসমীয়াৰ পৰিচয় দিব পাৰোঁ
যাৰ বাবে আমি পৃথিৱী বিখ্যাত
যিয়ে চিধাকৈ কয়-গামোচাই কোনো জাতি নবচায়,কিতাপেহে বচায়
যিয়ে স্বত:স্ফূৰ্তভাৱে কয়-মোৰো কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই
মই মুক্ত , মই কাঞ্চনজংঘা
মায়াবিনী সুৰৰ ৰজা এতিয়া
মৃত্যুজিনী চিৰঞ্জীৱী হৈ তেওঁ অসমৰ সৌ নীলাকাশতে কেইবাঅহেজাৰ যোজন দূৰৈত জ্বলি আছে
আৰু চাই আছে চাৰিওকাষ
অসমৰ প্ৰতিঘৰ মানুহৰ হৃদয়ৰ আকাশ বন্তি হৈ
খাওঁতে বওঁতে উঠোতে বহোঁতে শুনা পাওঁ
কেৱল সেই ৱ'ল্ড হামিং কিঙৰ সুধাসুৰৰ সাংগীতিক মূৰ্ছনা
ৰাজেন দাস
বেলগুৰি, যোৰহাট
চলভাষ-৯১০১২-২১৪৩৬
(জুবিনদাদালৈ শ্ৰদ্ধাৰে)
Comments
Post a Comment