ভূপেন মামা

 তোমাৰ শব্দৰ অৰ্থ মই পঢ়িব নোৱাৰোঁ ভাৰত-বিশ্ব,অসমৰ শস্য-শ্যামলা

তোমাৰ লালিত্যমধুৰ সুধাসুৰ-কথাই কোটিজনক শিহৰিত কৰে 

জাক পাতি‌ পখিলাও কিমান আশাৰে উৰে জানে কোনে

নীলা চাদৰখনত অলপ পৰ ৰৈ তুমি অহাৰ কথা সোধে 

তুমি কি কোৱা 

মই আকস্মিক বক্তৃতাৰ সপোনৰ দৰে লাগি আছিল বাবে কৈ পাইছোঁ 

বহ্নিমানক সোধা 

নিলাজ পাহাৰক সোধা 

আৰ্তজনক সোধা 

পল ৰবচনক সোধা

জ্যোতি-বিষ্ণুক সোধা

কি 

গভীৰ আস্থা

বিপ্লৱৰ আগ্নেয়গিৰী 

নতুন ভাৰতৰ গঢ়াৰ গান

বিশ্বভাতৃত্বৰ তান

তাৰ পিছত 

আৰু পখিলাখিনি সৰহ হৈ 

আকাশত নীলা চাদৰ হৈ লুকাই থাকিল

আৰু তুমি 

মই 

মই (মই কোনো শৰীৰী নহয় গানৰ অনুৰাগিনীহে)

প্ৰতিনিয়ত প্ৰতিধ্বনি হৈ বাজিবলৈ ধৰিলোঁ

জাতি-ধৰ্ম-বৰ্ণৰে বৰলুইতেদি সৰকি সৰকি

"মানুহে মানুহৰ বাবে"...

(ভূপেন মামালৈ শ্ৰদ্ধাৰে)


Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা