ধ্ৰুৱজ্যোতি দাস ছাৰলৈ
এতিয়া মোৰ পৰাই অতিক্ৰম কৰিব বিচাৰোঁ
এতিয়া মোৰ পৰাই অতিক্ৰম কৰিব বিচাৰোঁ
ইয়াৰ অৰ্থ এয়াও নহয় সীমা এটালৈকে আপোচহীন লক্ষ্য
এতিয়া মোৰ পৰাই অতিক্ৰম কৰিব বিচাৰোঁ
এইখিনিলৈকে অন্ততঃ বুজি উঠিছোঁ
দুখ-সুখৰ নৈখন নিচেই আপোন তথাপিও নতুন
অচিৰেই আকৌ এক নৈপানী,নৈমাটি আৰু আলসুৱা পলস বুটলিম
পাৰোঁ মানে জাপে জাপে
উফৰি-সাপৰি পিহিম
কলম আৰু বহী
কলমৰ আখৰ
বহীত লিখা আখৰৰ বাখৰপতা কাহিনী
এইখিনিৰ পৰাও নতুনকৈ
কুঁহিপাত মেলিব
ময়ো মইটোক এবেহি দুবেহিকৈ সাজিছোঁ কাচিছোঁ
আৰু এনেকৈয়ে নিজান জানকৈ তৰি দিছোঁ জীৱনডিঙা...
শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি দাস ছাৰ জন্ম দিনত তেওঁলৈ মোৰ ফালৰপৰা এটি ক্ষুদ্ৰ উপহাৰ
Comments
Post a Comment