S c h o l a r (A t h o u s a n d m i l es)

  মা, চিন্তা নকৰিবা। মই পালোঁহি। ডিব্ৰুগড়। কোনো যাতায়াতৰ সমস্যা হোৱা নাই। আৰামত আহিছোঁ। কনক জ্যোতি বাছেৰে আহিছোঁ। গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈ অহা-যোৱা কৰা বাছ।


Mom, don't worry. I've reached Dibrugarh. No transport issues. Came comfortably. Came by Kanak Jyoti bus, the one that runs between Golaghat and Dibrugarh.

Okay big son. I just want you to be safe and sound. Alright mom, I'm hanging up now. Mom hung up. My fun trip to Dibrugarh has begun. After completing my post-graduation here, I worked in a college. Didn't really think about research back then. As per Govind's news, I gained experience by working in college. Now I've cleared NET, JRF. Came out for research. Didn't get any help or favors from anyone. Came to Dibrugarh because the study environment here is different. Thousands of students study here, trying to fulfill their dreams. It's so great! Some do archival work, some work on projects, and still manage to study. They make their family believe that they'll fulfill their dreams one day. Need a bit of courage and patience. Hard work is necessary to achieve something good. This is your daily routine now. Don't feel bad, right? Talk to mom in the evening. Mom is the best doctor in the world, takes every detail.(ঠিক আছে বৰবোপা। তই ভালেৰে পোৱাটোৱেই লাগে। এতিয়া ৰাখো মা। মাৰ ফোন কাট খালে। মোৰো ফুৰ্টিৰে ডিবৰু যাত্ৰা হ'ল। এসময়ত ডিব্ৰুগড়তে স্নাতকোত্তৰ পঢ়ি উঠি কলেজত কাম কৰোঁ। গৱেষণাৰ বাবে বৰ বিশেষ ভবা নহ'ল। গোবিন্দই জনোৱা খবৰ অনুসৰি কলেজত জয় কৰি অভিজ্ঞতা বোটলো। এতিয়া নেট,জে আৰ এফ পাছ কৰিছোঁ। গৱেষণাৰ বাবে ওলাই আহিছোঁ। কাকো তেল মালিচ কৰা নাই। কাৰোৰে সহায়েৰে অহা নাই। ডিব্ৰুগড়লৈ এই বাবেই আহিছোঁ যে ইয়াত পঢ়াৰ পৰিৱেশ সুকীয়া। হাজাৰ হাজাৰ ল'ৰা-ছোৱালীয়ে পঢ়ি থাকে। সপোন বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰে। কি যে ভাললগা। কোনোবাই আৰ্হি নিৰীক্ষণৰ কাম কৰে। কোনোবাই প্ৰকল্পৰ কাম কৰে। সেইখিনি কৰিও নিজৰখিনি পঢ়ে। ঘৰৰ মানুহক সপোনৰ কথা কৈ বিশ্বাস দিয়ে যে সি বা তাই এদিন সপোনটো বাস্তৱায়িত কৰিব। অলপ সাহস আৰু ধৈৰ্য্য দৰকাৰ। ভাল কিবা এটা পাবলৈ কষ্ট অনিবাৰ্য। এইখিনি তোৰ দৈনিক ৰুটিন। ক গা-চা বেয়া হোৱা নাইটো।‌মাৰ লগত সন্ধিয়া বাৰ্তালাপ হয়। মা পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসক। সকলো খবৰ তন্ন তন্নকৈ লয়।)




ফৰফৰীয়া বতাহ। বৰ মনটো ফৰকাল লাগি গৈছে। আন্তঃৰাষ্ট্ৰীয় বহু ল'ৰা-ছোৱালীয়ে পঢ়া-শুনা কৰে। কথা পাতিবলৈ মন যায়। সাহস নহয়। তেওঁলোকৰ গঢ়গতিৰ বাবে নে? কিয় তেনেকৈ ভাবিম? ভাবিলোঁৱেই যেনিবা কাৰ গৰজ পৰিব? ভাবিলেও সমস্যা এটা আছে। কি সমস্যা। আন একো সমস্যা নাই। ক্ষুদ্ৰ সমস্যাটো হৈছে ইংৰাজী ভাষাত দখল নাই। ইমান মাধ্যম আছে শিকিবলৈ পৰা নাই,নিজৰ ওপৰতে লজ্জা লাগে। ক'ৰবাত ভুল হৈ যাব পাৰে। হাঁহি দিব পাৰে। হাই,হেল্লৌ,হাউআৰ ইউৰো কথা-বতৰা পাতিব পাৰি। কথাবতৰা পতা হোৱা নাই। মই সঁচাকৈয়ে নালায়ক। কিন্তু তেওঁলোকৰ লগত কথা পাতিলেই নাইজেৰিয়া, আমেৰিকা, ইটালী জাৰ্মানীৰ কথা জানিব পাৰোঁ। গৱেষণাৰ কাম লাহেকৈ আৰম্ভ হৈছে। লগৰ দুই এজনক পাইছোঁ। আগতকৈ বেছ স্মাৰ্ট হৈছে। লগৰবোৰৰ কথা-বতৰাৰ পৰিৱৰ্তন হৈছে। চিন্তাধাৰাৰ সাল-সলনি হৈছে। কথা কোৱাৰ শৈলী সলনি। আচাৰ-ব্যৱহাৰৰো পৰিৱৰ্তন। খুব আনন্দ দিছে। তেনেহ'লে ময়ো এনেদৰেই আগুৱাই যাব লাগিব।

তোৰ এইখিনি দৈনিক ৰুটিন। ক,গা-চা বেয়া হোৱা নাইটো। মাৰ লগত সন্ধিয়া বাৰ্তালাপ হয়।‌মা পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসক। সকলো খবৰ তন্ন তন্নকৈ লয়।



 The air is fresh, and my mood is great. International students study here, and I want to talk to them. But don't have the courage. Is it because of their caliber? Why should I think like that? Who cares if I think? There's a problem though. What's the problem? No other problem. The small issue is I lack English language skills. There are so many mediums to learn, but I don't have time, and I feel ashamed. Might make a mistake, and they might laugh. I can manage simple hellos and how-are-yous, but real conversations aren't happening. I'm not bad, actually. But talking to them, I can learn about Nigeria, America, Italy, Germany... Research work has started slowly. Got a few friends here. They're smarter than before. Their way of talking, thinking, and behaving has changed. It's giving me so much joy. So I should move forward like this too. This is your daily routine now. Don't feel bad, right?




 লক্ষ্য মোৰ বিষয়টো ঠিক কৰিব পৰা নাই। কি বিষয় লৈছ। তোৰ চাৰে কি কৈছে ? মানে কি বিষয়ৰ প্ৰতি তোৰ আগ্ৰহ আকৌ,তয়ে বেছিকৈ জানিবি। লক্ষ্যৰ কথা শেষ হৈছে। মই সাহিত্যৰ ছাত্ৰ। জানই। সাহিত্যৰ লগতে সংস্কৃতিয়ো ভাল লাগে। এই দুই ক্ষেত্ৰতে গৱেষণা কৰিবলৈ মন। মই ছাৰৰ সৈতে কথা পাতিছোঁ। প্ৰথম মই অনুসূচিত জাতি সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰ এখন পছন্দ কৰোঁ। ছাৰে সেই ক্ষেত্ৰত কাম কৰিছে বুলি জনালে। মাজুলীত কিবা হাজৰিকা উপাধিৰ এজনে সমাপন কৰিছে হেনো। সেয়ে মোক বিষয় সলাবলৈ কৈছে। বিষয় এটা ভাবি, পঢ়া-শুনা কৰি নিৰহ নিপানিকৈ অন্বেষণ কৰিবলৈ কৈছে। ভোকাতুৰ হ'বলৈ কৈছে। জেওৰা খৰিৰ ৰস নাথাকে। ৰস উলিয়াব জানিব লাগিব। ভাষাৰ ক্ষেত্ৰখনো বোলে তেনে। শুনিছোঁহে দেই। কথা বতৰা চলি থাকিল। পুথিভঁৰাললৈ অহা-যোৱা কৰিবলৈ লৈছোঁ। লাইব্ৰেৰীৰ কাৰ্ড উলিয়াই লৈছোঁ। এয়া গৱেষণাত যোগদান কৰাৰ পিছতে কৰি লৈছোঁ। এতিয়া মই এম.ফিল ডিগ্ৰীৰ সময়ৰে কথা কৈ আছোঁ। এই সময়ছোৱা এক জটিল। জটিলতাৰে পাৰ হ'ল। উশাহ-নিশাহ নথকাৰ দৰেই। কিয়? এই কথা যিকোনো মানুহকে কোৱা নাই। কৈ বা লাভ। তেওঁলোকে নো‌ মোক কিদৰে সহায় কৰিব। কৰিলেই যেনিবা। মোক মই হেৰাই পোৱাখিনি দিব? নিদিয়ে। কাহানিও নিদিয়ে। মাথোঁ খাদ্যৰ শেষত পাপৰ(জুবিন দাদাই শব্দ বুলি কৈছিল)খিনি মচমচীয়াকৈ সৰিব। সৰক দিয়া। কিমান সৰিব। তোৰ এইখিনি দৈনিক ৰুটিন। ক,গা-চা বেয়া হোৱা নাইটো। মাৰ লগত সন্ধিয়া বাৰ্তালাপ হয়। মা পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসক। সকলো খবৰ তন্ন তন্নকৈ লয়।

[01/02, 11:48 am] rajendas3687: - Haven't decided on a research topic yet Lakhya?

- What topic are you thinking of? What does your supervisor say? Go with what interests you most.

- Done talking about goals. I'm a literature student. Love culture too. Want to research in these areas.

- Talked to my supervisor. Initially picked Scheduled Caste literature and culture. He said he's working on that. Someone named Hazarika in Majuli has worked on it. So he wants me to change topics.

- He wants me to think, read, and explore carefully. Says to be hungry (for knowledge). Jokes about 'jeora khari' (twigs) not having juice, you gotta know how to extract it. Same with language.

- Started visiting the library, got a card. Did this after joining research. Now, talking about my MPhil days. This phase is complicated. Like breathing without oxygen.

- Why? Haven't told anyone this. What's the use? How will they help? Can't give me back what I've lost. Never will. Just leaves me with 'pap' (like Zubeen da said) at the end of the meal. Let it crumble.

- This is your daily routine now. Don't feel bad, right?  Talk to mom in the evening...





সৰাপাত সৰসৰণি। এই লৈ কত কবিয়ে কবিতা লিখে। ময়ো কবিতা ভালপাওঁ। এই ধৰক নৱকান্ত বৰুৱা, যিজন বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল।


নীলমণি ফুকন যিয়ে কবিতাৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। ভাৰতীয় সাহিত্যত কাহিনীয়েই এনে বঁটা পালে।ৰবীন্দ্ৰনাথ ঠাকুৰ যিয়ে গীতাঞ্জলিৰ বাবে ১৯১৩তেই জ্ঞানপীঠ বঁটা লাভ কৰে। আমাৰ মামণি ৰয়ছম গোস্বামী যিয়ে সাহিত্যৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। আৰু এজন আছে। উপন্যাস ঈয়াৰুইঙ্গম উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। যিয়ে আমাৰ সাহিত্যক ধনী কৰিছে।

 


মামণি ৰয়ছম গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেছাৰ আছিল। এতিয়া দিল্লী বিশ্ববিদ্যালয়ত ডক্টৰ ৰত্নোত্তমা দাস বিক্ৰম আছে। তেওঁৰ অনলাইন বক্তৃতা কেইবাটাও শুনিছোঁ। বৰ সুন্দৰকৈ কথাখিনি কয়। ইংৰাজী আৰু অসমীয়া সাহিত্যত তেওঁৰ দখল আছে।



সাহিত্যৰ আড্ডা কম। কিতাপ এখন পঢ়িবলৈ ভাল। আলোচনা কৰিবলৈ মানুহেই নাপাওঁ। সেয়ে লেপটপত কিতাপৰ আলোচনা টাইপিং কৰোঁ। কেতিয়াবা প্ৰকাশৰ বাবে প্ৰেৰণ কৰোঁ। কেতিয়াবা নকৰোঁ। কেতিয়াবা প্ৰকাশিত হয়। কেতিয়াবা নহয়।


 ৰাজেনে কথা বেছি কয়। কি ক'বা। কামেই যে। কি কাম। আমি জানো সকলোৱে বকিবলৈকে চেষ্টা কৰি থকা নাই। মানে বুজা নাই। ইমান জটিলকৈ কোৱাতকৈ সৰলকৈ ক। সৰল পথ একো নাই। আহিলি তই। ৰাজেনৰ পৰা ব'ৰ খাম এতিয়া। বক্তৃতা, বক্তা, প্ৰবক্তা। এইকেইটাই কি কাম।

হি হি হা। কিয় হাঁহিলি। দাঁত চেলাই। আজি‌ৰ আড্ডা জমিছে। জমিছে মানে হাঁহিৰ মাজেদি প্ৰবক্তাৰ সন্ধান কৰা হৈছে। কি কি কোৱা



কিয় নাহাঁহিম। সাহিত্যৰ কথাৰ পৰা আহি আড্ডা পালিহি। মুখখন ইমান চোকা কিয়?ক'ত? পঢ়াত? নে খোৱাত? ধেই কি কৱ। বকাত।অ' অলপ বেছি চলি যায়। দাৰি কমা মুখত নাথাকে যে। দাঢ়িহে আছে। জোনাকে হাঁহিব খুজিও হাঁহিব পৰা নাই। কিজানি তল পৰি যায় সি। মুখখন জ'ছাগৰ ফালেই অলপ পৰ লৈ যায়। পাৰ্কৰ বেঞ্চৰ পৰা জ'ছাগখন ভালকৈ নেদেখিও। কিন্তু উপায়ো নাই। ৰাজেনে বকবককৈ বকিহে যায়। কাষেদি সুন্দৰী যুৱতী পাৰ হৈ গ'লেও নাচায়। কিয় চাব? আৰে কি নাচাব। দুৰ্বলতা আছে। ছোৱালীৰো ল'ৰাৰ প্ৰতিও থাকে। থাকিবতো?নহ'লে পৃথিৱীখন ইমান ধুনীয়া কেনেকৈ হ'ব। কি যুক্তি?

সি জোনাকৰ আগত তল নপৰে। কিন্তু ফোনটোত ছেলফি তোলাৰ ছলেৰে এপাক চালেই। 


অ' আমি ক'ত আছিলোঁ। দাৰিত। কি দাৰিত। অ' দাৰিত। দাড়ি নহয়। ঢাৰিও নহয়। দাঢ়ি, অ' তাত আকৌ ব্যাকৰণ নচলে যে । মানেনো কি? কিয় চলিব? মুখখনেৰে গোগ্ৰাসে খাবলৈ দিছে। বকিবলৈ দিছে। গাবলৈ দিছে আৰু নকৱ কিয় ৰৈ গ'লি যে।অ' ৰৈ গ'লো নেকি? পাকটো হেৰাই গ'ল। পাকটো নে আঁত টো? অ,ৰৈ গ'লে কমা আহি যাব নহয়। নহয় চা,এতিয়াও অলপ ৰৈছ ক'ত? আড্ডাত? নহয় অ' কথা কওঁতে। তইতো দাৰি কমা নাই কৈছিলি। জোনাক আৰু ৰাজেনৰ কথা বেছ জমিছে। ইটোতকৈ সিটো একাঠি চৰা। ৰাজেনৰ মাকে সদায় কৈ অহা বাক্যশাৰীলৈ মনত পৰে। কিয় নপৰিব? পৰিব লাগিব। তোৰ এইখিনি দৈনিক ৰুটিন। ক,গা-চা বেয়া হোৱা নাইটো। মাৰ লগত সন্ধিয়া বাৰ্তালাপ হয়। মা পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসক। সকলো খবৰ তন্ন তন্নকৈ লয়।

নাহৰৰ পাতে বতাহ দি আছে। কত ল'ৰা-ছোৱালীয়ে খিলখিলাই হাঁহি গৈ আছে। ডিয়ুৰ প্ৰেমাকাশ এখন সাতোৰঙীকৈ কাৰনো আঁকিবলৈ মন নাযায়। যাব কিয় নাযাব?



 জোনাক ফটোবোৰ উঠা নাই। কিয়? ফোনবোৰ সস্তীয়া। আইফোন কিনিবা এদিন। সেইটো কি ফোন। মানে দামী আৰু ভাল। ফটোও ধুনীয়া আহে। তুমি নিজতকৈয়ো ধুনীয়া আহিব। দুনীয়া এইটোৰ বাবেও বলিয়া নেকি? হ'ব পাৰে। আমিওচোন মনৰহে ধুনীয়া আৰু ধুনীয়া হ'ব লাগে জোনাক। হয় কথাটো কিন্তু এইখন দুনীয়া বেলেগ। চহা লোকৰ পৰা অলপ সুকীয়া। ইয়াত টকা আৰু ধুনীয়াৰ দাম চলে। জোনাক তুমি বৰ টান কথা ন'কবা। ইমান কথা শুনাৰ অভ্যাস নাই। নাই মানে নায়েই। নেট/শ্লেটৰ বাবে ইউটিউবত ভিডিঅ'চাওঁতে বকি থকাকেইটাৰ কথাও টান লাগে। হয় পাই আজৱ বেপাৰচোন।

 ব'লা । ফটোচেছন সামৰা। আমাৰ ছালকেইটা এনেও খহটা আৰু চালে চকুৰোৱা নহয়। তাতে কি হ'ল। কামতহে গুৰুত্ব দিয়ে। আফ্ৰিকাৰ মানুহ বা নাইজেৰিয়া মানুহ ক'লা বুলি শুনো। লগ পোৱা নাই। তেওঁলোকে কি ছালত গুৰুত্ব দিয়ে নে কামত। নিশ্চয় কামত। বগা কিছু মানুহে এটা সময়লৈকে হাঁহিব পাৰে। কিন্তু তেওঁলোকৰ কামক? নোৱাৰিব। বাৰু ব'লা আজিৰ বেবেৰিবাং আড্ডা মোখনি মাৰা। হ'ব। আজিলে জনা-নজনাৰ কথাৰ থুনপাক সামৰিছে। আকৌ আহিম কোনোবা এটুকুৰা ঠাইত ভিন্ন আড্ডাৰে জমাবলৈ। মগজুক জোৰ দিবলৈ...

(বি.দ্ৰ-শেষত ২০২১-২০২৬লৈকে অসমীয়া বিভাগৰ যি যি গৱেষণা কাম হৈছে উপন্যাসখনৰ শেষত তুলি ধৰা হ'ব)


Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা