চিন্তন-০২
চিন্তন -২
মই গ্ৰন্থ এখন সম্পাদনা কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু বাৰে বাৰে বিফল হৈ আছোঁ। সফলতা লাভ কৰিবলৈ কিদৰে আগ বাঢ়িব লাগিব। নে কিছুমান পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই অৱতীৰ্ণ হ'ব লাগিব। আপুনিও গ্ৰন্থ সম্পাদনা কৰি আহিছে বা কৰিছে এইধৰণৰ সমস্যাৰ মুখামুখি হৈছে নেকি? এয়াও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয়নে? এতিয়া মই কি কৰিম? এই ধৰক মই পূৰ্বে উল্লেখ কৰি অহা গ্ৰন্থৰ পৰিকল্পনা বছৰ বছৰ পাৰ হৈ গৈছে। লেখক/লেখিকাক চিঠি দি অৱগত কৰা হৈছে। চলভাষৰ সহায় লৈ বাৰ্তালাপো কৰা হৈছে। কি বিষয়ত লিখিব তেওঁৰ ৰুচি আৰু পচন্দৰ বিষয়ে জানি লোৱা হৈছে। জানি লৈ তেওঁৰ পৰা নিশ্চিত কৰি লোৱা হৈছে। তাৰ পিছত তেওঁ লেখাটো সময়ত যুগুত কৰি দিব পৰা নাই। নিত্যান্তই ব্যস্ততাৰ বাবে লেখাটো হৈ উঠা নাই। মাজে মাজে আৰম্ভ কৰিছে যদিও মনপূতি লাগিব পৰা নাই। নে বিষয়টোত সোমাব পৰা নাই। নে নিৰ্বাচিত শিৰোনামে দাবী কৰা তথ্য তেওঁ যা-যোগাৰ কৰিব পৰা নাই। তেওঁ আৰু কিমান কষ্ট কৰিবলগীয়া হ'ব। তেওঁ লেখাটোৰ জৰিয়তে নিজৰ সন্মান আৰু লেখক মনোবৃত্তিৰ প্ৰশ্ন থাকিব পাৰে। এয়া স্বাভাৱিক। সম্পাদকৰ লেখাৰ বাবে আহুকালৰ সন্মুখীন হৈছে নেকি? লেখা সমূহ সময়ত লাভ নকৰাৰ বাবে সম্পাদক সমস্যাৰ সন্মুখীন হোৱা কথাটো কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে? তেওঁ বছৰ ধৰি কামখিনি কৰিবলৈ চেষ্টা কৰি আহিছে। নিজৰ মূল্যৱান সময় তেওঁও খৰচ কৰিছে। কিয় তেওঁ তেনে কৰিছে। নিশ্চয় সাহিত্যৰ বাবে ক্ষুদ্ৰকৈ হ'লেও বৰঙণি আগবঢ়াব বিচাৰিছে। তেন্তে লেখাখিনি সময়ত নিদিলে সমস্যাই মূৰ কামোৰণি সৃষ্টি নকৰিব নে?
অৱশ্যে একাংশ লোকে কামটো গুৰুত্বপূৰ্ণ বুলি ভাবে। সেইসকলে লেখাটো লিখিবলৈ কিদৰে আগ বাঢ়িব সহায় ল'বলৈ আৰম্ভ কৰে। একাংশই নিজে যিমান পাৰে লেখাটোৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰে। এচামে গ্ৰন্থ সম্পাদনা কামটোৱে ভৱিষ্যতে কি উপকাৰ আহিব পাৰে তাৰো অনুসন্ধানত ব্ৰতী হয়। এনে দিশ খিনিয়ে সম্পাদক আৰু পাঠককো লাভাৱান্বিত কৰে। বহু গ্ৰন্থ সম্পাদনা হৈ আহিছে। কোনোখনৰেই গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। নোৱাৰি মানে নোৱাৰিয়েই। কাৰণ গ্ৰন্থ সম্পাদনা কৰ্মত লেখক, সম্পাদক উভয়ৰে কষ্ট, দৃষ্টি আৰু উদ্দেশ্য নিহিত হৈ থাকে। গতিকে গ্ৰন্থ সম্পাদনা কৰ্মত নিয়োজিত হ'বলৈ অহা ন-সম্পাদকক উদ্গনি দিব লাগে। উদ্গনিৰ লগতে দিহা-পৰামৰ্শ প্ৰদান কৰিব লাগে। তেতিয়া তেওঁৰ উদ্দেশ্য আৰু কৰ্মই সমাজ, সাহিত্য আৰু পাঠকৰ মনত প্ৰত্যয় জন্মাব পাৰে।
Comments
Post a Comment