একলা

 একলা-দুকলালকৈ যেনেকৈ বাঢ়িছ চেনেহী,গাত পখিলা পৰিব চাবি


মন উৰুঙা পিতায়ে সজা ভঙা পঁজাতেই থাকোঁ

মুঠিকৈ ঢেকীয়া পাত 

পাচিয়ে ভৰ্ত্তি লাইজাবৰীৰো পাত

গৰৈ,শিঙি,কাৱৈ মাগুৰ ঘৰৰ খাল-ডোঙত পাই

তেজোদীপ্ত হ'বলৈ মোৰো মন যায় 



আছে গৰু নাবায় হাল

সেই হাল গৰু নথকাই ভাল

মোৰো মন আছে ধন নাই...


এবেলি ভোগৰ আঘোণ নহয় যেন এৰাপৰলীয়া কাতি

অহাবেলি চিকুণ ফাগুণলৈ বাতি থৈছোঁ দহি


ৰাস্তা-ঘাটৰ আন্দোলনৰ ধ্বনি শুনি

গ'লোগৈ 

এপাকত আগবাঢ়িলোঁ বেলগুৰিৰ‌ কনপিতৌ কলিমাই,চেনীমায়ো চিঞৰি টেটেফালি থকা দেখি-শুনি


এতিয়া দেখিলোঁ

পালোঁ হাতে হাতে উৰহীৰ ওৰ ৰ খেল

কুৰুক্ষেত্ৰ যুদ্ধ হ'লেও টকাই যেন মালামাল


সকলো সহজ মাথোঁ নহয় বাস্তৱ গধুৰ 

এয়া খোলাকাটিৰে তাল

সিংহাসনত নবহা ৰজাক বিচাৰি 

কোনে দিব জানো গগনফলা তালফাল...

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা