জুবিন যুগ
জুবিন যুগ
চিলমিলকৈ টোপনিটো আহিছিলহে
তাৰ পিছত আৰু মনৰ অশান্তি বাঢ়ি গৈ আছে
বাতৰি,টিভি, ম'বাইল, কাকতত কস্মিনকালেও ভাবিব নোৱৰা খবৰ এটা আহিছে
কোনো বিশ্বাস কৰাই নাছিল
যি নহ'ব লাগিছিল
সেয়াই হ'ল
ময়ো
তায়ো
সিও
সিহঁতেও
তেওঁলোকেও
সেই খবৰ সপোনতো ভাবিব নোৱাৰোঁ
বাস্তৱৰ কথাও কাহানিও নাভাবিম
আকাশ বতাহ মুখৰিত হ'ব লাগিছে
যি নহ'ব লাগিছিল
সেয়াই হ'ল
চৌদিশে জীৱ -জন্তু,চৰাই-চিৰিকটিৰ হাহাকাৰ
কেৱল হাহাকাৰ
কেৱল শোক বেদনাৰ ৰোল
কেৱলমাত্ৰ হৃদয় বিদাৰক ছবিবোৰ তচনচ হৈ গৈছে
কোনেও কাকো বুজাব নোৱাৰে
কাৰণ
যি হৈছে
সেয়া হ'ব নালাগিছিল
যি হৈছে ৰহস্যৰ কাহিনী
যাৰ শুংসূত্ৰ ইতিহাস
যি নহ'ব লাগিছিল
সেয়াই হ'ল
এটা যুগ অকালতে শেষ হ'ল
যদিওবা শেষ বুলি কোনো কথা নাই
আকৌ আৰম্ভ হয় নতুন প্ৰভাত
যি নহ'ব লাগিছিল
সেয়াই হ'ল
যাৰ অমৃত কণ্ঠৰ
বাবে কোটি কোটি জনতাই সাৰে থাকে
কোটি কোটি জনতাই জীয়াই থাকিবলৈ শিকিছে
জীৱন নিওৱাৰ পথ বিচাৰি পাইছে
যি নহ'ব লাগিছিল
সেয়াই হ'ল
বজ্ৰসম আহ্বানে
নাঙলৰ শিৰলুত সপোন শইচ ৰোপন কৰিছে
নিমখ যেন তেওঁ
সকলোতে কেৱল
তেওঁ আৰু তেওঁৰ উপস্থিতি একান্তই বাঞ্ছনীয়
যি নহ'ব লাগিছিল
সেয়াই হ'ল
বুঢ়া লুইতৰ পাৰৰে মুকুতা মণি বুটলি প্ৰখ্যাত তাৰকালৈকে ফেৰ মাৰি অসম তনয় কোনোটে কম নহয় দেখুৱাই আহি সিংহাসনত নবহা ৰজাৰ দৰে অসমক দূৰৰপৰা সুদূৰপ্ৰসাৰী কৰি আঢ্যৱন্ত কৰিলে
কোনে পাহৰিব পাৰে সেই সত্য, শুদ্ধ আৰু প্ৰগতিৰ নেতৃত্ব
যি নহ'ব লাগিছিল
সেয়াই হ'ল
জীৱনটো যেন অসাৰ হৈ গ'ল
জাতি আজি ভিক্ষাৰী হ'ল
জাতি আজি কান্দি কান্দি চকু মুখ উখহি গ'ল
য'ৰ কাম ত'তেই পৰি ৰ'ল
কেৱল মায়াবিনী ৰাতিৰ বুকুত বিলীন হৈ গ'ল শ্বাস-প্ৰস্বাস
যি নহ'ব লাগিছিল
সেয়াই হ'ল
যাৰ ইউকেলিপ্টাছৰ দৰে ওখ
দৰ্শন যি কেৱল মুক্ত
যাক বান্ধি ৰাখিব নোৱাৰি
যি কেৱল বিলাই ভালপাই
যি সাগৰ ভাল পাই
যিয়ে সাগৰ আৰু পানীক ভালপাই
প্ৰকৃতিক মানে
জঁটাধাৰীক ভালপাই
সেই মহান আত্মাৰ আমাৰ বুকুৰ প্ৰতিকোণে
দেহৰ প্ৰতি শিৰে শিৰে
তেজৰ প্ৰতি ৰন্ধে ৰন্ধে
কোনে জুই পানী মনুষ্যই মচি নোৱাৰাকৈ সোমাই পৰিল
যি নহ'ব লাগিছিল
সেয়াই হ'ল
তেওঁ সকলোৰে হৃদয় কাঢ়ি লৈ গ'ল
সকলোকে এডাল মজবুত জৰিৰে বান্ধি গ'ল
যি কেৱল সত্য সাহসেৰে কৈ গ'ল
আৰু কৈ গ'ল আমি একেখন নাৱৰে যাত্ৰী
তেওঁও সুধাকণ্ঠৰ গুৰুৰে শিষ্য হৈ ৰ'ল
যি নহ'ব লাগিছিল
সেয়াই হ'ল
এটা যুগ চিৰদিনলৈ গঢ়ি গ'ল
যাৰ বাবে তেওঁক তেওঁৰ ছাঁয়াই প্ৰতাৰণা কৰিলে
আৰু বা ক'ত কি প্ৰতাৰণাৰ অভিনেতা অভিনেত্ৰী আছিল আৰু ক'ত ঈৰ্ষাৰ দাবানল
সেয়া সময়ে বিগলিত কৰুণা জাহ্নৱী যমুনাৰ নদীত উটি ভাঁহি আহিব
এয়া কোটি কোটি জনতাৰ হৃদয়ানুভূতিৰ অটল গৰ্ভৰ আহ্বান
(শুনক শুনক গীতৰ সভাৰ প্ৰধান
লংকাৰেৰে ভূষিত
ৰাইজ, বৰাক ব্ৰহ্মপুত্ৰৰ মানসপুত্ৰ
কাশ্মীৰ পৰা কন্যাকুমাৰীৰ ঈশ্বৰৰ পুত্ৰৰ আজি ন্যায় লাগিবই লাগিব)
Comments
Post a Comment