নৈখন এতিয়া দূৰৈত

উপন্যাস লিখা ইমান সহজ নহয়।কত অভিজ্ঞতা,কত কষ্ট,কত সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলগীয়া হয়,সেয়া ভাৰতীয় সাহিত্যৰ অধ্যয়নেও স্পষ্ট কৰে। সেয়ে উপন্যাস এখনৰ পৰা বহু কিবাকিবি থুপাই পাব পাৰি।

নৈখন এতিয়া দূৰৈত পঢ়ি শেষ কৰি ভাবি আছোঁ 

লেখকৰ অসম-ভাৰতীয় সমাজ-ব্যৱস্থা, আমেৰিকাৰ সমাজ-ব্যৱস্থাৰ লগতে ভাৰতৰ আন আন ৰাজ্যৰো সমাজ-ব্যৱস্থাৰ সন্দৰ্ভত মজুত ৰখা অভিজ্ঞতাৰ দৃষ্টিভংগীক ৰাজীৱ,জুলী,আদায়মী, নেথানিয়েল,ফ্ৰেডৰিক,ঊষা ইত্যাদি চৰিত্ৰৰ সংলাপৰ যোগেদি সুন্দৰ প্ৰকাশ কৰিছে ।

উপন্যাস পালে পাগলৰ দৰে পঢ়োঁ। এতিয়া সময় কম পাই আছোঁ। তথাপি উপন্যাসৰ প্ৰতি মোৰ লোভ বেছি।

মালিক ছাৰৰ অঘৰী আত্মাৰ কাহিনীয়ে লোভটো আগতেই বৃদ্ধি কৰি থৈছে...

 আৰুণি কাশ্যপ ছাৰৰ ৰচনা-'নৈখন এতিয়া দূৰৈত'

কি এক সুন্দৰ কথনশৈলী 

তাৎপৰ্যপূৰ্ণ বিষয়বস্তুৰ উপস্থাপন

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা