চিন্তন ০১
চিন্তন
এই ধৰক মই এতিয়া নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছোঁ। কৰিছোঁ মানে হোৱাই নোহোৱাই লিখি আছোঁ। কোনোখন বাতৰি কাকত আলোচনীত ছপাইছে কোনোৱে ছপোৱা নাই। আক্ষেপো নাই। লেখাৰ কোনোবাটো লেখৰ হৈছে। কোনোবাটো লেখৰ হোৱা নাই। এটা লেখা লেখিবলৈ মই কিমান কষ্ট কৰিবলগীয়া হয়। কষ্ট কি কি উপায়েৰে কৰিব লাগিব তাৰ কিটিপ অৰ্জন কৰিছোঁ নে? সাহিত্যৰ প্ৰতিযোগিতা এক ধনাত্মক চিন্তন হ'ব পাৰে। মূল কথালৈ আহোঁ -এক অৰ্থত মই লেখাটো লেখিবলৈ কি কি ধৰণেৰে নিজক সাজু কৰোঁ। এনেইটো সভা-সমিতি আন আন উৎসৱ-পাৰ্বণত বহু টকা আৰু সময়ো খৰচ কৰোঁ। নিজক ধুনীয়া কৰিবলৈ। চকুত লগা কৰিবলৈ। সেয়াও নিজৰ ইচ্ছা আৰু অনিচ্ছাৰ এক কাৰবাৰ।
পিছে লেখা এটা লেখাৰ বেলিকা? কিমান ধুনীয়াকৈ সজাই -পৰাই উলিয়াই আনিবলৈ প্ৰয়াস কৰোঁ এয়া তাৎপৰ্যপূৰ্ণ। একেসময়তে সমকালীন বহুৱে কষ্ট কৰি , ক্ষেত্ৰ অধ্যয়ন কৰি , অলেখ পৰিশ্ৰমৰ অন্তত লেখা এটি যুগুত কৰে। সুন্দৰকৈ ছপায়। আনন্দ আৰু ৰং-ৰূপ-ৰস সকলো বৰ্তি থাকে। তাত ক'বলগীয়া একো খুঁত বিচাৰি পাবলৈ নাই।
সাহিত্যৰ বাণিজ্যিক দিশটো সেইসকলে মন নিদিবও পাৰে। সাহিত্যৰ সৃজনীমূলক আৰু চিন্তামূলক বৌদ্ধিক কচৰতে এয়া কঢ়িয়াই আনিব পাৰে, স্বাভাৱিক।
এই প্ৰসংগ এতিয়ালৈ এৰিছোঁ। মোৰ লেখাটোৱে কোনখিনি পাঠকক ভবাই তুলিব পাৰে। আবাল-বৃদ্ধ-বনিতা? পঢ়ুৱৈ গঢ়া আৰু তেলীয়া শ্ৰেণীএটিক গঢ় দিম। তেলীয়া মানে এচাম এনেকুৱা লোক আছে আপুনি যদি তেওঁৰ গ্ৰন্থখন পঢ়া-শুনা কৰে বা ক্ৰয় কৰে তেতিয়া তেওঁও অনুৰূপ কৰিব। তেন্তে সাহিত্যৰ ভৱিষ্যৎ? অৱশ্যে মানবিশিষ্ট আৰু গুণবাচক গ্ৰন্থ সকলোৱেই আদৰি ল'বই। আপুনি জোৰো কৰিব নালাগে। তেল মাৰি মাৰি পঢ়ক,এষাৰ অমুক কাকতত লিখক বুলিও জয়দেউ কাকূতি কৰাৰ কোনো দৰকাৰ নাই। সম্প্ৰতি অৱশ্যে মই অনুশীলনৰত সদস্যহে।
আন এটি উক্ত আলোচনাৰ সৈতে সংপৃক্ত থকা প্ৰসংগলৈ আহোঁ -
লেখা এটাই কোনখিনি পাঠকক সহায় কৰিব পাৰে। কুম্ভিলক কথা এটি মাজে-সময়ে আমি পঢ়িবলৈ পাওঁ। যাহওক, লেখাই কোনখিনি ছাত্ৰবন্ধুক অনুপ্ৰেৰণা যোগাব পাৰে। বিশ্বসাহিত্যৰ বাবে কোনখিনি নিৰ্বাচিত হয়, কেনেকৈ,কিয়?
সাহিত্যৰ মান বিঘ্নিত নকৰাকৈ লেখাটো ছপাবলৈ কি কি কৰিব লাগে। সচেতনসকলে কি পদক্ষেপ গ্ৰহণ কৰে। লেখাৰ বৰ্ণাশুদ্ধি, বাক্য গাঁথনি, কৰ্তা,কৰ্ম -ক্ৰিয়া সম্বন্ধীয় দিশ আৰু লেখাটোৱে প্ৰদান কৰিব বিচৰা বাৰ্তাটো সঠিক পাঠক-পাঠিকা,গ্ৰাহকৰ ওচৰত পাইছেগৈনে? যদি পাইছে ঠিকেই আছে। যদি নাইপোৱা অতবোৰ মাধ্যমৰ সহায়ত প্ৰেৰণ কৰিব পাৰে। যদি পঢ়াৰ প্ৰতি অতি আগ্ৰহী আৰু পঢ়নকে জীৱনৰ ব্ৰত হিচাপে লোৱাসকলক কোনে দিব? হকাৰে, নিশ্চয় তেৱেঁই সহায় কৰিব পাৰে। এইখিনিলৈকে ঠিকেই আছে। এতিয়া মই যেনিবা গ্ৰন্থাদি যা-যোগাৰ কৰি লেখাটো লিখিবলৈ লৈছোঁ। কিন্তু লেখাখিনি মনঃপুত হোৱা নাই। এটা সময়ত ছপাবলৈ হেমাহিয়েই লাগে। সেই পৰিস্থিতিত কি কৰিম? আকৌ লিখিম? পুনৰ বিবেচনা কৰিম? নে লেখাৰ ধৰণ-কৰণ আৰু কৌশল সলনি কৰিম? নে কোনোবা চিনাকি সম্পাদক বা চিনাকি মানুহক দি ছপাবলৈ খাটনি ধৰিম? এনে চিন্তা অমূলক হোৱাই শ্ৰেয়। লেখাটোত সাহিত্যৰ মান ৰৈ গ'লে নিশ্চয় ওলাব? কিন্তু কিছুমান বাতৰি কাকত আৰু আলোচনীয়ে লেখা এটি প্ৰেৰণ কৰিলে লেখাটো পাইছে নে নাই খবৰ নিদিয়াকৈ থাকে। মাহ মাহ ধৰি লেখাটো মেইলতে সোমাই থাকে। নাইবা টেবুলে টেবুলে আলহী হৈ থাকে,ইয়ো অস্বাভাৱিক নহয়।
কিন্তু বাতৰি বা আলোচনীত কিমান যাৱতীয় কাম থাকে আমি খবৰ ৰাখোনে? তেওঁলোকো বছৰ বছৰ ধৰি সেৱা আগবঢ়ায় থাকে। বছৰত কিমান দিনৰ জিৰণি পায়,ভাবোনে? নাভাবোঁৱেই চাগে।
এই প্ৰশ্ন নিজলৈয়ো। এইখিনিত মই হতাশাত ভুগিম নেকি? নুভুগো বৰঞ্চ মই নতুনকৈ ভাবিবলৈ চেষ্টা কৰিম? লেখাটোক বাৰে বাৰে পৰীক্ষা-নিৰীক্ষা কৰিম।গেলাইয়ো ৰাখিম। কিন্তু যেতিয়াই মই নিজে অলপ ভাল লগাৰ দৰে হ'ব। তেতিয়া মই ডাকযোগে প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম। তাতো যদি ছপা নহয়। তেতিয়া কি কৰিম। এইক্ষেত্ৰত সাম্প্ৰতিক সাহিত্যৰ গতি-প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰিম। যথেষ্ট পৰিমাণে পঢ়ন,শিকন আৰু অনুশীলনৰ ব্যৱস্থা নিজৰ মাজতে পৰিকল্পনা কৰিম। নতুনকৈ নতুন বছৰতে ভাবিম। লেখাৰ মান উন্নত কৰিবলৈ নিজে লেখা বিধাৰ লেখাখিনি পঢ়িম। কলমটোলৈ নতুনকৈ জোৰ আহিবলৈ অপেক্ষা কৰিম। অগ্ৰজসকলে সাহস আৰু অনুপ্ৰেৰণা আমাক দিব লাগিব। অৱশ্যে প্ৰবীণসকলে নবীনৰ লেখা মৰমেৰে পঢ়ে,সেয়া সুখৰ কথা। কিন্তু কিমান দিনলৈ?
লেখাত তীক্ষ্ণধী সমালোচকৰ দৃষ্টি পৰিব লাগিব। সমালোচকৰ সংখ্যা বৃদ্ধি হওক বুলি মনে মনে ভাবিও নথকা নহয়। তেওঁলোকক জানিবলৈ বাধ্য কৰাব লাগিব যে আমি ছপাবলৈ দিয়া মৌলিক লেখাটো উন্নত মান লাভ কৰিছে। লেখাটোৰ যোগেদি ক'ব বিচৰা কথাখিনি, আনন্দোল্লাষৰ ৰসাস্বাদনখিনি প্ৰকাশিত হৈছে। লেখাটোৱে লেখকৰ কষ্ট আৰু পাঠকক আকৰ্ষিত কৰাই নহয় আনন্দ প্ৰদান কৰিব পাৰিছে।
ৰাজেন দাস
বেলগুৰি
চলভাষ-৯১০১২২১৪৩৬
Comments
Post a Comment