গচকত ভাগি যায় যঁতৰ

 গচকত ভাগি যায় যঁতৰ 






পাখিলাহি পখিলা উৰাদি উৰে মন 


চেনাইধন আহিব বুলি তাঁতৰ পাতেও সোধে 


একোবত ভৰিপতাক খামোচ মাৰি ধৰেচোন; 


কয়-তেওঁ, কি হ'ল উদাসীন মণি




কত বসন্ত আহিল 


কাতিৰ কঙালী হ'ল 


মাঘৰ ভোগালী গুচি গ'ল 


ব'হাগেই ৰাঙলী হৈ পৰিল 


চকুৰ পতাই আলিবাট বিচাৰি উভতি আহি জপনাখন কিমানবাৰ মাৰে




এইবেলি মেজিত কেঁচা-পকা বাঁহেৰে ওখকৈ সাজিম 


শুকান মচমচীয়া নৰাৰে ঘৰটোও অসম আৰ্হিৰ কৰিম 


চাওঁচোন সি আহে নে নাহে মোক বলিয়া কৰা সেই উকি মাৰি মাৰি...


 


ৰাতি তিনিপৰে ঝিলীজনীয়ে


বাৰে বাৰে কিয় ভেঙুচালী কৰে 


সেইটো তাৰ পৰজনমৰ শুভলগনৰ ৰূপ নেকি 




ককাই কৈছে দূৰৈৰ ৰৌ বাহু


ওচৰৰ পুঠি খলিহনা 


তাকো মই তাকেই কৈছিলোঁ 


চনপৰা মাটিডৰাতে ৰবিশস্য কৰিবি 


মা-দেউতাকো কাষৰতে পাবি 


পচনসাৰে বচাবি জীৱন




গাঁৱৰ মানুহে পঢ়ি কি এয়াই ফালিলি বুলি হাঁহিব বুলি সি 


দূৰৈৰ ধুনীয়া পাহাৰ চাবলৈ গ'ল, তাৰো মনত কৰি দেখুওৱা জেদ হ'ল 


গ'ল যি গ'ল, শুকান মৰিশালী যেন মোৰ হ'ল 


এতিয়া অকল সপোনতে মিচিকিয়াই উভতি আহে 




সেয়েহে হাতত সাৰে বুকুত সাৰে


মাহ-হালধীৰে ধোৱা গাৰে 


জোনবাইটি লৈ কপালতে 


জপনাখন খুলি ৰাখোঁ 


কিজানি...






ৰাজেন দাস 


ডিব্ৰুগড় 


ফোন নং -৯১০১২২১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা