আপোনাক লগ পোৱাৰ কথা নাছিল
আপোনাক লগ পোৱাৰ কথা নাছিল
এইবেলি আপোনাক লগ পোৱাৰ কথা নাছিল
নিকটে পায়ো গলাকাঢ়ি শুনিও সেয়ে চাগে লগ নাপালোঁ
সেইদিনাই বৰ্ণমালাৰ পৃথিৱীলৈ আপুনি আহিব বুলি ততালিকে গম পাইছিলোঁ
সিমানকৈ কিন্তু আপোনাৰ নাম জনা নাছিলোঁ
অথচ আপুনি আমাৰ জাতিৰ স্বৰ্ণখচিত মুকুতা-মণি
আপুনি বৈ উলিওৱা তিনিকুৰি কুটাৰ বাহত
নাম পাই হৃদয়ৰ বিগলিত জাহ্নৱী যমুনাত লিখি লৈছোঁ
আকৌ লগ পোৱাৰ কুৰিটা হেপেহুৱা খাটি হেঁপাহ
শব্দ বাক্যৰ ব্যঞ্জনাত আজীৱন নিভাঁজকৈ ওলমি থকা মানুহজন
ৰজাঘৰৰ কাৰো ওঁঠত নকঁপিলে
লোকে লোকাৰণ্যত নলয় নাম
প্ৰচাৰ নকৰে নাই লওক জ্ঞান হোৰাৰ পৰা হোৰাহোৰে
ইতিহাসো পুনৰ লিখে
নতুনকৈও লিখে
লিখাখিনি জানো মচিব পাৰে
লাগিলে ইতিহাসে সোঁৱৰি থাকক শতায়ুবছৰৰ নষ্টালজিয়া...
(শ্ৰদ্ধাৰে বিশিষ্ট নাট্যকাৰ,পৰিচালক শুভেশ্বৰ দাস ছাৰলৈ আগবঢ়ালোঁ)
ৰাজেন দাস
ডিব্ৰুগড়
২৬-০১-২০২৫
দেওবাৰ
Comments
Post a Comment