ভাষা
গুৰুত্বপূৰ্ণ প্ৰশ্ন বা,বৰ ধুনীয়া লেখা।
মই ভাবোঁ যে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিব লাগে। ৰজাঘৰে নিশ্চিতভাৱে সাৰ পাব। আজিকালি নিজৰ ভাষাৰ সৈতে আন ভাষাৰ শব্দ ,বাক্য মিশ্ৰিত কৰি কোৱা প্ৰৱণতাও বৃদ্ধি পাইছে। নিজৰ ভাষাটোক নিজে বচাবলৈ নিজৰ ঘৰৰ পৰাই জানো কঁকালত টঙালি বান্ধিব নালাগিব। এতিয়া চাব দেই অসমীয়া ভাষা(লিপি)ৰ বাবে বহু কীবৰ্ড অসমৰে ব্যক্তিসকলে কষ্ট স্বীকাৰ কৰি নিৰ্মাণ কৰিছে। সেইখিনি শুদ্ধ প্ৰয়োগ কৰি মাতৃভাষাত ভাব বিনিময় কৰাত কি লোকচান।
সৰু উদাহৰণ -০১.আপুনি নিজৰ সন্তানক ইংৰাজী ভাষাৰ মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাই শিৰফুলা বক্তৃতা ৰাখিও বৰ বিশেষ আমি উপকৃত হ'ম জানো?
উদাহৰণ -০২,এগৰাকী কৈছে ইংৰাজীত টাইপিং কৰিলে ভুল হোৱাৰ সুবিধা কম। তাতোকৈ নিজৰ ভাষাৰ কীবৰ্ড প্ৰয়োগ কৰি ভাষাটোক শ্ৰীবৃদ্ধি নকৰে কিয়? নে এলাহ? এলেহূৱা হৈ কিয় জীৱন ধৰিছা,দহজনে পাৰে যিটো...
Comments
Post a Comment