নতুন অসমীয়া কবিতা

 সাহিত্য আৰু সাহিত্যকৰ্মক অন্তৰৰ পৰা ভালপোৱা ব্যক্তিয়ে নিশ্চিতভাৱে নিৰবিচ্ছিন্নভাৱে সৃজনীশীল আৰু চিন্তাশীল কৰ্মত প্ৰবৃত্ত হৈ থাকিব পাৰে। এনে কৰ্মসমূহে সময় বালিচৰত এদিন খোজ ৰাখিবই ৰাখিব। এইখিনিতে নাম ল'ব পৰা এগৰাকী বিশিষ্ট ব্যক্তি হৈছে 'অসমীয়া বানান অভিধান' প্ৰণেতা ধ্ৰুৱজ্যোতি দাস।

শ্ৰদ্ধাৰ এই ধ্ৰুৱজ্যোতি দাস ছাৰৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া "নতুন অসমীয়া কবিতা(৩০-৪০)" শীৰ্ষক গ্ৰন্থত এই অভাজনৰ এটি কবিতা সন্নিৱিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে। এয়া মোৰ বাবে ভাল লগা। ধ্ৰুৱজ্যোতি দাস ছাৰৰ লগতে পলসৰ পৰিয়াললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা