চমু লেখা

 চুকুৰমণি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক তথা বিদ্য দ্য লিভিং স্কুলৰ অধ্যক্ষ ড°প্ৰাঞ্জল বুঢ়াগোহাঁইৰ ৰচিত পৰিচালিত নাটক চুকুৰমণি। পটভূমি চাহ বাগিচা । চাহ বাগিচাত নতুনকৈ নিযুক্তি লাভ কৰিছে নতুন ইংৰাজ চাহাব। ইংৰাজ চাহাব এসময়ত বাগিচাৰ ছোৱালীৰ প্ৰেমত মচগুল হয়। আটাইতকৈ ধুনীয়া চুকুৰমণিৰ প্ৰেমত মচগুল। চুকৰমণি‍ৰ প্ৰথম প্ৰেম ব্যৰ্থ। নাটকখনৰ নাট্যখণ্ডৰ মাজে মাজে মাদল বাজে। ঝুমুৰ নৃত্য হয়। এসময়ত চুকুৰমণিক একপ্ৰকাৰে জোৰজবৰদস্তীৰে চাহাবে নিজৰ কৰে। এইখিনি কথাৰ বাদেও চুকুৰমণিক আনিছিল বাগানৰে চৰ্দাৰে। তাইৰ অমান্তিৰ পিছতো চুকুৰমণিৰ সৈতে ব্ৰিটিছসকলে জোৰজবৰদস্তীৰ কৰা কাৰ্যক ৰখাব নোৱাৰিলে। ক্ষমতাত থকা ধনীক শ্ৰেণীয়ে নিম্ন শ্ৰেণীক একপ্ৰকাৰ শোষণ কৰিছে। নাটকৰ চৰিত্ৰ,দৃশ্যসজ্জা,চৰাই চিৰিকটিৰ কল-কাকলিৰ অপূৰ্ব সংযোগ,,মেঘৰ গাজনি,চাহাবাগানৰ গান, মুগ্ধকৰ অভিনয়,কলা নিৰ্দেশনা,নাট্য-কৌশল অতি নিপুণ। শেষত ধনীক শ্ৰেণীক প্ৰতিবাদ কৰিবলৈ বহু চুকুৰমণি জন্ম হৈছে। কিন্তু কি হ'ব ক্ষমতাহীন শ্ৰেণী। তথাপি দৃঢ় প্ৰতিবাদ কৰিছে। এক শ্ৰেণীৰ হৈ আন এটি শ্ৰেণীৰ অধিকাৰ,প্ৰাপ্যৰ বাবে হোৱা বলিষ্ঠ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নাট্যকাৰ নাটকখনৰ মাধ্যমেদি সুন্দৰকৈ প্ৰয়াস কৰিছে। গত ১২ মাৰ্চ,২০২৪ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰত মঞ্চত্ব হোৱা চুকুৰমণি নাটকখনৰ সাঁচ ৰৈ গ'ল।


ৰাজেন দাস 

 ডিব্ৰুগড়

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা