নিতু দাদালৈ
শব্দশিল্পীলৈ নিতুপর্ণ দাদালৈ শ্ৰদ্ধাৰে
শব্দব্রহ্ম
মই সিদিনাৰ পৰা অনুধাৱনৰ অনুভূতিৰ সৈতে
কথা পতাত লাগিলোঁ
বুকুত বাজি থাকে অহৰহ
কি শব্দৰ ব্ৰুটাছৰূপী ঝংকাৰ
ক'ব পাৰি নে
পাৰি সম্ভাৱনাৰেও চোৱা
জনতাৰ প্ৰাপ্যৰ ঝংকাৰ
জনতাৰ কণ্ঠস্বৰৰ অধিকাৰ
এতিয়া মই তলে তলে মৰি গৈছোঁ
আপুনি তলে তলে সলনি হৈ গৈছে
এতিয়া বুকুত হাত থৈ
ভাৰতবৰ্ষ আমাৰ মানচিত্র
বুলি ক'ব পাৰিব
কণ্ঠত আছে জনগণ মন অধিনায়ক জয় হে..."
ৰাজেন দাস
ডিব্ৰুগড়
২৮-০১-২০২৫
https://www.facebook.com/100005564701742/posts/pfbid033Nn4VMbaF4bykEyLBHWope6PcJ4yUoSgZCHvzWHsPSpYJhSFgkyuh4edCzXb6Tosl/?app=fbl
Comments
Post a Comment