ছোৱালী
ছোৱালী
ব্ৰহ্মপুত্ৰৰ বুকুত ডিব্ৰুগড়খন আঁকি চালোঁ
অলপকৈ গোটেই চহৰখন দেখিলোঁ
ক'ৰবাত পৰিস্কাৰ ঠাই
ক'ৰবাত লেতেৰা ঠাই
আন ক'ৰবাত নদীলে যোৱা বাটতে শুই থাকে কত মগনীয়াই
মই দূৰৈত ৰিণিকি ৰিণিকি কিবা এটা দেখি আছিলোঁ
ফুটপাটটোত শুই থকা ফটাচিটা পেণ্ট,স্কাৰ্টপিন্ধা ছোৱালী আৰু মলিয়ন শুকুলা বস্ত্ৰত
ছোৱালীৰ মাক
বিষণ্ণ মন তথাপি দূৰ দিগন্তলৈ গতি
ছোৱালীৰ উজ্জ্বল চকু
তাই আকাশ চাবলৈ মন
প্ৰতিদিনে গাড়ী আৰু সেই গাড়ীৰ ধূলি ধোঁৱাই
সেমেকাব পৰা নাই তাইৰ আকাশী সপোন
এতিয়া তাই মাকে এটকা এটকাকৈ ভিক্ষাৰে গোটোৱা টকাকেইটাৰে স্কুলত পঢ়ি আছে ; মাকে গণি আছে কেলেণ্ডাৰৰ তাৰিখ
বগা সাজ পৰিহীতা মাকে গতানুগতিকভাৱে মাগি আছে
শিৰত লৈ ৰে'লত পতিত স্বামীৰ সাহসৰ ছবি লৈ
এদিন তেওঁ কথাৰ মাজত
কি বুলি কৈছিল জানা
"তুমি আটাইতকৈ শ্ৰেষ্ঠ
তুমি তোমাৰ পৰা আন বহুতকে শ্ৰেষ্ঠ কৰিব লাগিব
কৰিলে কৰা শ্ৰেষ্ঠ
নকৰিলে জহন্নাহে যাবা"
এতিয়া মই দিবা নৈশ তাকে কৰি আছোঁ
হাতত সাৰে ভৰিত সাৰে জী আছোঁ
অন্ততঃ
কাইলৈ ছোৱালীয়ে মা-দেউতাৰাৰ পৰা কি পালে
কি নাপালে
কি পাবলৈ থাকিলে
সেয়া বিচাৰি হাবাথুৰি খাব নালাগে
যদি তাইৰ
সাহসী কণ্ঠ ৰজাঘৰতো নিগৰাই
তেতিয়া আমাৰ দৰে ঘৰ, খাদ্য আৰু বস্ত্ৰবিহীন মানুহৰ জীৱনলৈ এসুঁতি ৰ'দ আহিব পাৰে...
ৰাজেন দাস
২১-০১-২০২৫
Comments
Post a Comment