বনভোজৰ মালিতা

 বনভোজৰ মালিতা



             (১)

কহুৱাবনবোৰে হালি-জালি বনভোজৰ দৰ্শকলৈ চাই ৰৈছে 

ধূলি-মাকতিবোৰ আহি কহুৱাৰ ৰং সলনি কৰিছে 

চহৰৰ একোণৰ পৰা অনা কাগজ, প্লাষ্টিক বটল, কেঁচা সাৰ দিয়া পাচলিৰ টুকুৰা টুকুৰ বোৰ এৰি থৈ গৈছে 

কোনোবাই একোণতে জ্বলাই গৈছে 


       (২)

নদীখনত উটাই দিছে জাহি-জাবৰ

নদীখনে সোঁতে সোঁতে লৈ গৈছে 

কোনোবা ঘাটত কলীগায়ে সেই পানীকে চেলেকিছে 

কলীয়ে কি জানে ক'ৰ পৰা কি ৰং সানি-পুতুকি পানী এইখিনি পাইছেহি 


          (৩)

মানুহবোৰ যন্ত্ৰ হৈ গৈছে 

দিনক দিনে কথাবোৰ পাহৰিবলৈ আৰম্ভ কৰিছে 

আবেগ, অনুভূতিৰ অভিব্যক্তি নোহোৱা হৈছে 

সস্তীয়া প্ৰশংসাত বুৰিবলৈ হাবিয়াস কৰিছে

নদী আৰু কহুৱা একে আছে 

কহুৱাই সোণ বৰণীয়া হাঁহিৰে হালিছে-জালিছে

নদীখনে সভ্যতাৰ পিছত সভ্যতা সোঁত দিছে 


         (৪)

জাকে জাকে আহিব 

বনভোজ পাতিব

মাছে-মঙহে খাব 

মদে-পানী খাব 

ওভতগোৰে নচা এচামে 

উচ্চস্বৰত গান-বাজনা দিব

ডালে ডালে কপৌ,শগুণৰ কথা কোনেনো ভাবিব 

পাৰেমানে নাচিব বাগিব 

নতুন বছৰক ওলগণি জনাব

লিখিব কবিতা, গল্প 

ৰচিব উপন্যাস 

ৰিহাৰ্ছেল কৰিব নাটকৰ দৃশ্যৰ উপৰি দৃশ্য 

গাব নতুন গান 

আৰু কত কি


             (৫)

আকৌ একে গতানুগতিক

বিদ্যালয় 

মহাবিদ্যালয়

বিশ্ববিদ্যালয়

ইত্যাদি

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা