বালীমাহী

 বালীমাহী দেখা নাই। 

বহু দেখিছোঁ বালিৰে পোত খোৱা বালি।

 আঙুলিত লেতি লৈ খেলিমেলি কৰিম নো‌ কেনেকৈ। 

ওঁ, মই তেনে কৰিব নোৱাৰোঁ। 

নোৱাৰোঁ মানে তুমিও নোৱৰা। 

পাৰিবা, আবিৰ ফালি ফালি বালিয়ে সেওঁতা ফালি থোৱা বালীমাহী ঘৰ।

 আকৌ সেই ওপৰৰ আকাশখন নোচোৱা কিয়?

 কি এক বিতোপন শোভা।

 গাতে লৈ থাকোঁ যে গোটেই নীলাকাশ। 

অদ্ভূত ধৰণেৰে !

 মোক দেখিছা শুকান বালিত বিচাৰি লৈছোঁ মোৰেই মই মনাকাশৰ মহাকাশ।

 বলা, এতিয়া যাওঁ--

দূৰৈৰ পৰাই মন কৰিম প্ৰকৃতিৰ ব্ৰুটাছৰূপী মায়াৰ ছাঁয়া।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা