প্ৰেৰণ, সুগন্ধি বৰষুণ

 চিকচিকিয়া পানী


আপুনি কি ভাবে 

মই -

তুমি যি নাভাবা


মানে?


চিকচিকীয়া পানীৰ 

কি দুখ


দুখ !


অ'


ইমান যে চিকচিকীয়া

ইস!




আৰু কাষৰ ঘাঁহ-বনৰ 


কি আয়ুস


জানা নাজানা


নাজানো




জানিবা ক'ৰপৰা


 নিজৰ আয়ুস দেখিছা

ক'তা

ওঁহো




বেণাৰখনৰ কাষৰতে বহা নিজৰ ছাঁ চাকিগছ দেখি থকা তায়ো




গছৰ ফাঁকেদি ওলাই থকা আকাশখন কাৰ


কাৰ

পৃথিৱীৰ ?


ওঁ,তাকো নাজানো


এইখন পৃথিৱীৰ শিশুৰ পৰা-বৃদ্ধলৈ মনৰ আকাশ


কি কোৱা 


আই এম নট জকিং য়াৰ


বি ছিৰিয়াছ


অক্কে গট ইট

একোবত ৰ'দখিনি সামৰি সুতৰি বেলি গ'লগৈ...



(নাহৰৰ দেশৰ শ্ৰেষ্ঠ বান্ধৱী বৰ্ণালী গগৈৰ হাতত)


ৰাজেন দাস

ডিব্ৰুগড়

ফোন নং -৯১০১২২১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা